আইফোনত অত্যাধিক মূল্যৰে এপলে লুটিছে গ্ৰাহককঃ মাৰ্কিন বিচাৰ বিভাগত গোচৰ ৰুজু...
আইফোনত অত্যাধিক মূল্যৰে এপলে লুটিছে গ্ৰাহককঃ মাৰ্কিন বিচাৰ বিভাগত গোচৰ ৰুজু...

আইফোনত অত্যাধিক মূল্যৰে এপলে লুটিছে গ্ৰাহককঃ মাৰ্কিন বিচাৰ বিভাগত গোচৰ ৰুজু...

গোচৰ ৰুজু হোৱাৰ পিছতে বৃহস্পতিবাৰে হ্ৰাস পালে ৪ শতাংশ শ্বেয়াৰ মূল্য

ডিজিটেল ডেস্কঃ বিশ্বৰ অন্যতম বিশ্বাসযোগ্য আৰু জনপ্ৰিয় প্ৰযুক্তি কোম্পানী এপল। এই এপলে তেওঁলোকৰ বিভন্ন সামগ্ৰীৰ ওপৰত অত্যাধিক মূল্য নিৰ্ধাৰণ কৰি একচেটিয়া আধিপত্য অব্যাহত ৰাখিছে।

এনে পৰিপ্ৰেক্ষিততে এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিচাৰ বিভাগে। ইয়াৰ পিছতেই এই প্ৰযুক্তি প্ৰতিষ্ঠানটোৰ শ্বেয়াৰ মূল্য ৪ শতাংশ হ্ৰাস পাইছে।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিচাৰ বিভাগৰ মতে ষ্টিভ জবছৰ প্ৰতিষ্ঠান এপলে তেওঁলোকৰ অতি জনপ্ৰিয় আইফোনৰ এখন একচেটিয়া বজাৰ তৈয়াৰ কৰিছে। এনে পৰিস্থিতি সৃষ্টি কৰা হৈছে যে, গ্ৰাহকে আন কোনো প্ৰতিষ্ঠানৰ তেনে সামগ্ৰী ক্ৰয় কৰিবলৈ আগ্ৰহী নহয়।

ফলত গ্ৰাহকৰ এনে অৱস্থাৰ সুযোগ লৈছে প্ৰতিষ্ঠানটোৱে। গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ সুযোগ লৈয়ে এপলে আইফোনকে ধৰি আন সামগ্ৰীৰ মূল্য আকাশচুম্বী কৰিছে। ফলত অনিশ্চাস্বত্বেও গ্ৰাহকে সেই মূল্য পৰিশোধ কৰিবলগীয়া হয়।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিচাৰ বিভাগৰ যুক্তি মানুহক এইদৰে বাধ্য কৰি অত্যাধিক মূল্য আদায় কৰিব নোৱাৰিব। এই গোচৰত উল্লেখ কৰা হৈছে, আমেৰিকাৰ অতি কমেও ১৪ কোটি নাগৰিকে আইফোন ব্যৱহাৰ কৰে। সেই সংখ্যা মনত ৰাখিয়েই এপলে কিছু নীতি গ্ৰহণ কৰিছে।

তেওঁলোকে আইফোনকে ধৰি তেনে সামগ্ৰীৰ মূল্য প্ৰয়োজনতকৈ বহু বেছি কৰিছে। ষ্টিভ জবছৰ এই প্ৰতিষ্ঠানটোৰ এনে একচেটিয়া সাম্ৰাজ্য আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ সুযোগ গ্ৰহণ কৰি অত্যাধিক মূল্য আৰোপিত কৰাৰ বাবেই এপলৰ আইফোন ব্যৱহাৰকাৰীৰ অৱস্থা শোচনীয় হৈ পৰিছে।

কাৰণ তেওঁলোকে আইফোনৰ পৰিৱৰ্তে আন কোনো বেলেগ গেজেট ব্যৱহাৰ কৰিব নোৱাৰে। কিয়নো আইফোনত থকা কেতবোৰ সুবিধা বেলেগ গেজেটত নাথাকে। বিচাৰ বিভাগৰ মতে এতিয়াই যদি আইফোনৰ এই একচেটিয়া আধিপত্যক ৰোধ কৰা নহয় তেন্তে আগন্তুক দিনত এপলৰ গ্ৰাহকক লুট কৰাৰ অভিপ্ৰায় আৰু অধিক বৃদ্ধি পাব।

মাৰ্কিন বিচাৰ বিভাগে এই সন্দৰ্ভত গোচৰ ৰুজু কৰাৰ পাছতে প্ৰতিষ্ঠানটোৰ বিপদ অনিবাৰ্য হৈ পৰিছে। কিন্তু বিচাৰ বিভাগৰ বিচাৰৰ পূৰ্বেই এপলৰ শ্বেয়াৰত পতন আৰম্ভ হৈছে। গোচৰ ৰুজু হোৱাৰ লগে লগে বৃহস্পতিবাৰে ৪ শতাংশ শ্বেয়াৰ মূল্য হ্ৰাস পাইছে এপলৰ।

অৱশ্যে এপলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিচাৰ বিভাগৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে। এক বিবৃতিত এপলৰ ফালৰ পৰা কোৱা হৈছে বিচাৰ বিভাগৰ গোচৰত কেতবোৰ তথ্যগত বিভ্ৰাত আছে। তেওঁলোকে সৰ্বশক্তি প্ৰয়োগ কৰি এই অভিযোগৰ বিৰোধিতা কৰিব।

আইফোনত অত্যাধিক মূল্যৰে এপলে লুটিছে গ্ৰাহককঃ মাৰ্কিন বিচাৰ বিভাগত গোচৰ ৰুজু...
নৰেন্দ্ৰ মোডীলৈ ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in