পিছুৱাই দিয়া হ'ল UGC-NET পৰীক্ষাঃ নতুন তাৰিখ প্ৰকাশ...

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে এই সিদ্ধান্ত
পিছুৱাই দিয়া হ'ল UGC-NET পৰীক্ষাঃ নতুন তাৰিখ প্ৰকাশ...
পিছুৱাই দিয়া হ'ল UGC-NET পৰীক্ষাঃ নতুন তাৰিখ প্ৰকাশ...

ডিজিটেল ডেস্কঃ অহা ১৬ জুন দেওবাৰে অনুষ্ঠিত হ'বলগীয়া ইউ জি চি-নেট পৰীক্ষা ১৮ জুন, মঙ্গলবাৰলৈ পিছুৱাই দিয়া হৈছে। এই সন্দৰ্ভত ইউ জি চিৰ অধ্যক্ষ এম জগদেশ কুমাৰে এক্সৰ জৰিয়তে অৱগত কৰিছে।

উল্লেখ্য যে, নেচনেল টেষ্টিং এজেঞ্চিয়ে অনুষ্ঠিত কৰিবলগীয়া ইউ জি চি- নেট পৰীক্ষা ১৬ জুনত অনুষ্ঠিত কৰাক লৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰীক্ষাৰ্থীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল। কিয়নো এই একেটা দিনতে দেশজুৰি অনুষ্ঠিত হ'ব ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষা।

সেয়ে একাধিক দল, সংগঠন আৰু পৰীক্ষাৰ্থীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই ইউ জি চি-নেটা পৰীক্ষা পিছুৱাই দিয়া হৈছে। ইউ জি চিৰ অধ্যক্ষ এম জগদেশ কুমাৰে এক্সত লিখিছে, ''নেচনেল টেষ্টিং এজেঞ্চি আৰু ইউ জি চিয়ে প্ৰাৰ্থীসকলৰ পৰা লাভ কৰা প্ৰতিক্ৰিয়াৰ বাবে ইউ জি চি-নেট ১৬ জুন (দেওবাৰ)ৰ পৰা ১৮ জুন, ২০২৪ (মঙ্গলবাৰ)লৈ পৰিবৰ্তন কৰাৰ সিদ্ধান্ত লৈছে। এন টি এয়ে সমগ্ৰ ভাৰতত অ' এম আৰ মোডত ইউ জি চি-নেট পৰিচালনা কৰিব।''

পিছুৱাই দিয়া হ'ল UGC-NET পৰীক্ষাঃ নতুন তাৰিখ প্ৰকাশ...
কচুৱা আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী অভিযানঃ এজনক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in