NEET-UG ৰ খেলিমেলিক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু NTA লৈ উচ্চতম ন্যায়ালয়ৰ জাননী জাৰি...

৮ জুলাইত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
NEET-UG ৰ খেলিমেলিক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু NTA লৈ উচ্চতম ন্যায়ালয়ৰ জাননী জাৰি...
NEET-UG ৰ খেলিমেলিক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু NTA লৈ উচ্চতম ন্যায়ালয়ৰ জাননী জাৰি...

ডিজিটেল ডেস্কঃ ৪ জুনত ঘোষণা হোৱা NEET ৰ ফলাফলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিসংগতি আৰু বিতৰ্কৰ মাজতে আজি উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰে। এই শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু নেচনেল টেষ্টিং এজেঞ্চিক পৰীক্ষাত সৃষ্টি হোৱা বিসংগতি সন্দৰ্ভত এক জাননী জাৰি কৰিছে।

উল্লেখ্য যে, এইবাৰ NEET-UG ৰ ফলাফলত ৬৭ গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে ১০০ শতাংশ নম্বৰ লাভেৰে শীৰ্ষস্থান অধিকাৰ কৰিছে। ইয়াৰে আকৌ ৭ জন শিক্ষাৰ্থী ফৰিদাবাদৰ একেটা পৰীক্ষা কেন্দ্ৰৰে। সেয়ে এই বিষয়টোক সহজভাৱে ল’ব পৰা নাই অন্যান্য শিক্ষাৰ্থী তথা তেওঁলোকৰ অভিভাৱকসকলে।

এনে পৰিস্থিতিত NEET-UG ৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগেৰে উচ্চতম ন্যায়ালয়ত NEET-UGৰ পৰীক্ষা স্থগিত ৰাখিবলৈ পি আই এল দাখিল কৰা হৈছিল। কেৱল ইমানেই নহয়, ৪ জুনত ফলাফল ঘোষণা হোৱাৰ পাছতেই উচ্চতম ন্যায়ালয়ত এই পৰ্যন্ত বহু কেইখন পি আই এল দাখিল হৈছে।

এই আটাইকেইখন পি আই এলৰ শুনানি অহা ৮ জুলাইত শুনানি গ্ৰহণ কৰিব। অৱশ্যে উচ্চতম ন্যায়ালয়ে সাময়িকভাৱে NEET ৰ কাউঞ্চিলিঙত বাধা প্ৰদান কৰিবলৈ কৰা আৰ্জি খাৰিজ কৰিছে।

NEET ৰ সঞ্চালক প্ৰধান সুবোধ কুমাৰ সিঙে এই সমগ্ৰ বিষয়ৰ ওপৰত ৮ জুন শনিবাৰে এক সংবাদ মেল সম্বোধন কৰিছিল। এই সংবাদ মেলত তেওঁ স্পষ্টকৈ কয় যে, পৰীক্ষাৰ সময়ত প্ৰশ্ন কাকত ফাদিল হোৱাৰ কোনো ঘটনা সংঘটিত হোৱা নাই। তেওঁ কয়, পৰীক্ষাৰ সময়ত প্ৰায় মাত্ৰ ৬ টা পৰীক্ষা কেন্দ্ৰৰ ১৬০০ শিক্ষাৰ্থী কিছু সমস্যাৰ সন্মুখীন হৈছিল।

NEET-UG ৰ খেলিমেলিক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু NTA লৈ উচ্চতম ন্যায়ালয়ৰ জাননী জাৰি...
ফিজিক্সৰ এটা প্ৰশ্নই লগালে খেলিমেলিঃ NEET ৰ ফলাফল লৈ দেশজুৰি বিতৰ্ক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in