ফিজিক্সৰ এটা প্ৰশ্নই লগালে খেলিমেলিঃ NEET ৰ ফলাফল লৈ দেশজুৰি বিতৰ্ক...

৬৭ জনে লাভ কৰিলে শীৰ্ষ স্থান, এন টি এয়ে দিলে স্পষ্টিকৰণ
ফিজিক্সৰ এটা প্ৰশ্নই লগালে খেলিমেলিঃ NEET ৰ ফলাফল লৈ দেশজুৰি বিতৰ্ক...
ফিজিক্সৰ এটা প্ৰশ্নই লগালে খেলিমেলিঃ NEET ৰ ফলাফল লৈ দেশজুৰি বিতৰ্ক...

ডিজিটেল ডেস্কঃ ৪ জুনত প্ৰকাশিত নীটিৰ ফলাফলক লৈ দেশজুৰি বিতৰ্কৰ সূচনা হৈছে। নেচনেল টেষ্টিং এজেঞ্চি চমুকৈ এন টি এয়ে অনুষ্ঠিত কৰা এই পৰীক্ষাত এইবাৰ মুঠ ৬৭ গৰাকী পৰীক্ষাৰ্থীয়ে ১০০ শতাংশ নম্বৰ লাভ কৰিছে। ইয়াৰে ৬ গৰাকী পৰীক্ষাৰ্থী ফৰিদাবাদৰ একেটা পৰীক্ষা কেন্দ্ৰৰে বুলি জানিব পৰা গৈছে।

নীটৰ ইতিহাসত এইবাৰেই একেলগে ইমান বৃহৎ সংখ্যক পৰীক্ষাৰ্থীয়ে প্ৰথমস্থান দখল কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে কেইবাটাও প্ৰশ্নৰ সন্মুখীন হৈছে এন টি এ। বহু পৰীক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকে পৰীক্ষাত ব্যাপক খেলিমেলিৰো অভিযোগ উত্থাপন কৰিছে। গোটেই বিতৰ্কৰ আঁৰত আছে পৰীক্ষাৰ ফিজিক্সৰ এটা প্ৰশ্ন।

এইবাৰ নীটত ফিজিক্সৰ যিসমূহ প্ৰশ্ন আছিল তাৰ মাজত আছিল এটা বহু বিকল্পী প্ৰশ্ন। এই প্ৰশ্নত মুঠ দুটা ষ্টেটমেণ্ট দিয়া হৈছিল। প্ৰথম ষ্টেটমেণ্টত আছিল পৰামাণুবোৰ বৈদ্যুতিকভাৱে নিৰপেক্ষ কিয়নো সেইবোৰৰ সমান সংখ্যক ধনাত্মক আৰু ঋণাত্মক ছাৰ্জ থাকে।

দ্বিতীয় ষ্টেমেণ্টত কোৱা হৈছিল প্ৰতিটো উপাদানৰ পৰমাণু স্থিৰ আৰু সেইবোৰে নিৰ্দিষ্ট বৰ্ণালী নিৰ্গত কৰে। এই প্ৰশ্নটোৰ বাবে চাৰিটা বিকল্প আছিল।সেই কেইটা ক্ৰমে- ১) প্ৰথম ষ্টেটমেণ্ট শুদ্ধ কিন্তু দ্বিতীয়টো অশুদ্ধ, ২) প্ৰথম ষ্টেটমেণ্ট অশুদ্ধ কিন্তু দ্বিতীয়টো শুদ্ধ, ৩) প্ৰথম আৰু দ্বিতীয় দুয়োটা ষ্টেটমেণ্ট শুদ্ধ, ৪) দুয়োটাই অশুদ্ধ।   

এই প্ৰশ্নৰ শুদ্ধ উত্তৰ আছিল বিকল্প ১। কিয়নো তেজস্ক্ৰিয় উপাদানৰ পৰমাণুবোৰ স্থিৰ নহয়। এন টি এয়ে যেতিযা ‘অস্থায়ী উত্তৰ কী’ প্ৰকাশ কৰিছিল তাত প্ৰথম বিকল্পই শুদ্ধ আছিল। ইয়াৰ পিতেই ১০ হাজাৰৰো অধিক পৰীক্ষাৰ্থীয়ে তৃতীয় বিকল্পৰ বাবে এন চি ই আৰ টিৰ দ্বাদশৰ পুৰণি কিতাপখনৰ বিষয়ে উল্লেখ কৰি আপত্তি দৰ্খালে।

পৰীক্ষাৰ্থীসকলৰ মতে পুৰণি কিতাপ অনুসৰি, বিকল্প ৩ হে শুদ্ধ। আনহাতে নতুন কিতাপখনৰ মতে, প্ৰথম বিকল্পটো শুদ্ধ। এনে বিতৰ্কৰ মাজতে এন টি এয়ে গ্ৰহণ কৰে এক সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি তৃতীয় বিকল্প বাছনি কৰা শিক্ষাৰ্থীসকলকো নম্বৰ দিয়াৰ সিদ্ধান্ত লয়।

এন টি এ কৰ্তৃপক্ষই কয়, আমি সকলো পৰীক্ষাৰ্থীকে অগ্ৰাধিকাৰ দিছো, যিসকলে এই প্ৰশ্নৰ উত্তৰত তৃতীয় বিকল্পটো বাছনি কৰিছে। সংস্থাটোৱে তৃতীয় বিকল্প বাছনি কৰা সকলো প্ৰাৰ্থীক ৫ নম্বৰ গ্ৰেছ মাৰ্ক হিচাপে দিছে।

এন টি এৰ এনে সিদ্ধান্তৰ ফলত মুঠ ৪৪ জন শিক্ষাৰ্থীৰ নম্বৰ ৭১৫ ৰ পৰা ৭২০ লৈ বৃদ্ধি হয়। এনে পৰিস্থিতিত শীৰ্ষস্থান প্ৰাপ্ত পৰীক্ষাৰ্থীৰ সংখ্যা এইবাৰ বহু বৃদ্ধি পালে।

একে সময়তে, এন টি এৰ কৰ্তৃপক্ষই কয় যে, শতিকা ধৰি দেশৰ জ্যেষ্ঠ ভাতৃ-ভগ্নীসকলে কনিষ্ঠসকলক তেওঁলোকৰ কিতাপ-পত্ৰ দি আহিছে। এই ব্যৱস্থাই শিক্ষাৰ্থীসকলক উপকৃত কৰি আহিছে। কিন্তু এনে ব্যৱস্থাৰ বাবেই এইবাৰ নীটত নতুন কিতাপ আৰু পুৰণি কিতাপৰ মাজৰ এই বিভ্ৰান্তিৰ সৃষ্টি হৈছে।

তেওঁ লগতে কয় যে, এন টি এয়ে শিক্ষাৰ্থীসকলক নতুন কিতাপ কিনিবলৈ হেঁচা প্ৰয়োগ কৰা নাই। পুৰণি কিতাপেও কোনো ক্ষতি কৰা নাই। আমি সকলোৱে এনে ধৰণেই জ্যেষ্ঠৰ পৰা কিতাপ লৈছিলোঁ, কনিষ্ঠকো দিছিলো। গতিকে আমি এই সমস্যাৰ সমাধানৰ বাবে এখন সভা অনুষ্ঠিত কৰিম আৰু এনে পৰিস্থিতিৰ বাবে এটা সঠিক প্ৰটোকলৰ ব্যৱস্থা কৰিম।

আনহাতে এইবাৰ নীট ইউ জি পৰীক্ষাত গ্ৰেছ মাৰ্ক দিয়াক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভত এন টি এয়ে কয় যে, বহু পৰীক্ষা কেন্দ্ৰত প্ৰশ্নকাকত ১০ ৰ পৰা ২০ মিনিট পলমকৈ বিতৰণ কৰা হৈছিল। যাৰ বাবে পৰীক্ষাৰ্থীসকলে সময়ৰ অভাৱত বহু প্ৰশ্ন বাদ দিবলগীয়া হৈছিল। এই বিষয়ে এন টি এয়ে বহু অভিযোগ লাভ কৰিছিল। সেয়ে বহু শিক্ষাৰ্থীয়ে গ্ৰেছ মাৰ্ক লাভ কৰিছিল আৰু তেওঁলোকৰ নম্বৰ বৃদ্ধি পাইছে।

ফিজিক্সৰ এটা প্ৰশ্নই লগালে খেলিমেলিঃ NEET ৰ ফলাফল লৈ দেশজুৰি বিতৰ্ক...
নিশ্চিত মোডীৰ তৃতীয় কাৰ্যকালঃ শ্বেয়াৰ মাৰ্কেটত পুনৰ উত্থান, বিনিয়োগকাৰীৰ মুখত হাঁহি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in