হাজাৰ হাজাৰ মানুহৰ চাকৰি খাইছে AI য়ে !
হাজাৰ হাজাৰ মানুহৰ চাকৰি খাইছে AI য়ে !

হাজাৰ হাজাৰ মানুহৰ চাকৰি খাইছে AI য়ে !

ডিজিটেল ডেস্কঃ কোভিড পৰিস্থিতিৰ পাছত বিশ্বৰ বহু প্ৰতিষ্ঠানে কৰ্মচাৰীৰ চাতাই অব্যাহত ৰাখিছে। তাৰ মাজতে প্ৰযুক্তিৰ দ্ৰুত সম্প্ৰসাৰণে বহু জাতিক প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীসকললৈ নমাই আনিছে আন এক বিপদ।

কিয়নো  চ্যাট জিপিটি, বাৰ্ড বা বিং আৰু এ আইৰ দৰে কৃত্ৰিম বুদ্ধিমত্তাৰ সঁজুলিৰ আগমণে বহু কৰ্মচাৰীৰ চাকৰি খাইছে। বহু সংস্থাই কৰ্মচাৰীৰ পৰিৱৰ্তে এতিয়া এ আইৰ দৰে Artificial intelligence অৰ্থাৎ কৃত্তিম বুদ্ধিমত্তাৰ সজুঁলিৰ ওপৰত অধিক গুৰু্ত্ব প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে।

তাৰ ফলশ্ৰুতিতেই যোৱা মে’ মাহত প্ৰযুক্তিগত খণ্ডত চাকৰি হেৰুৱাইছে প্ৰায় ৪ হাজাৰ মানুহে। প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি যোৱা মে’ মাহত সমগ্ৰ পৃথিৱীতে প্ৰযুক্তিৰ দুনিয়াত কাম হেৰুৱাইছে ৮০ হাজাৰ মানুহে।

তাৰ মাজৰ প্ৰায় ৪ হাজাৰ লোকৰ চাকৰি গৈছে এই এ আইৰ বাবেই। যাৰ বাবে এতিয়া আগন্তুক সময়ত এ আইৰ বাবেই আৰু অধিক লোকে চাকৰি হেৰুওৱাৰ উপক্ৰম হৈছে।

এক কথাত মানুহৰ সংস্থাপনৰ সকলো বাট যেন বন্ধ কৰিবলৈ লাহে লাহে আগবাঢ়িছে এই এ আই প্ৰযুক্তি। যোৱা ফেব্ৰুৱাৰীত প্ৰকাশিত আন এক প্ৰতিবেদনত প্ৰকাশ পাইছিল চ্যাট জিপিটিৰ কীৰ্তি।

সেই প্ৰতিবেদনত দেখা গৈছিল বহু মাৰ্কিন সংস্থাই তেওঁলোকৰ কৰ্মচাৰী আঁতৰাই চ্যাটজিপিটিৰ সৰনাপন্ন হৈছিল। তেওঁলোকৰ বাবে মানৱীয় কৰ্মীতকৈ এই প্ৰযুক্তিৰ বেছি বিশ্বাসযোগ্য অথবা লাভজনক।

ফেব্ৰুৱাৰীৰ এই প্ৰতিবেদনৰ পাছতেই এতিয়া পুনৰ মে’ মাহত ৪ হাজাৰ লোকে এ আইৰ বাবেই চাকৰি হেৰুৱাবলগীয়া হোৱা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে।

হাজাৰ হাজাৰ মানুহৰ চাকৰি খাইছে AI য়ে !
অসম মল্লযুঁজ সন্থাৰ নতুন কমিটী গঠন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in