অসম মল্লযুঁজ সন্থাৰ নতুন কমিটী গঠন...

অসম মল্লযুঁজ সন্থাৰ নতুন কমিটী গঠন...

author-image
Asomiya Pratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

অসম মল্লযুঁজ সন্থাৰ নতুন কমিটী গঠন...

ডিজিটেল ডেস্কঃ অসম মল্লযুঁজ সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত ৰাতুল শৰ্মা। আনহাতে সম্পাদক হিচাপে নিৰ্বাচিত হৈছে গৌৰাংগ ৰয়।

Advertisment

উল্লেখ্য যে, সন্থাৰ ২০২৩-২৭ ৰ ৪ বছৰীয়া কাৰ্যকালৰ বাবে বিভিন্ন পদবীৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনী ফলাফল অনুসৰিয়েই নতুন কমিটীখনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে ৰাতুল শৰ্মা।

সম্পাদক হিচাপে আগবাঢ়ি আছে গৌৰাংগ ৰয়। কোষাধ্যক্ষ পদত নিৰ্বাচিত হৈছে অবিনাশ দাস। আনহাতে উপ-সভাপতি পদত নিৰ্বাচিত হৈছে ৪ জন। তেওঁলোক ক্ৰমে অভিজিত কুমাৰ নাথ, বাবুল খান, আকাশ ফুকন আৰু বিনোদ কুম্বাং।

যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হৈছে ৪ জন। তেওঁলোক ক্ৰমে সিদ্ধাংকু অংকুৰ বৰুৱা, নাৰায়ণ বসুমতাৰী, ধনেশ্বৰ বসুমতাৰী আৰু কংকন দত্ত। কাৰ্যকৰী সদস্য হিচাপে নিৰ্বাচিত হৈছে ৬ জন। তেওঁলোক ক্ৰমে জনপ্ৰতিম বৰা, প্ৰিন্স মুণ্ডা, মোহন কছাৰী, নৱজ্যোতি বৰুৱা, সাগনিক গুপ্তা আৰু দীপাংকৰ মজুমদাৰ।

Also Read: শোণিতপুৰৰ বিদ্যালয়সমূহৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা...

অসম মল্লযুঁজ সন্থা