ৰিজনেল কলেজ অফ হেলথ চাইন্সৰ নৱাগত আদৰণি সভা সম্পন্ন...

প্ৰাচীৰ পত্ৰিকা 'সাহিত্য কানন' উন্মোচন

author-image
Asomiya Pratidin
New Update
 ৰিজনেল কলেজ অফ হেলথ চাইন্সৰ নৱাগত আদৰণি সভা সম্পন্ন...

ৰিজনেল কলেজ অফ হেলথ চাইন্সৰ নৱাগত আদৰণি সভা সম্পন্ন...

ডিজিটেল ডেস্কঃ মহানগৰীৰ লখৰা ফৰেষ্টগেটস্থিত ৰিজনেল কলেজ অফ হেলথ চাইন্সত আজি অনুষ্ঠিত হয় নৱাগত আদৰণি সভাৰ লগতে তৃতীয় বার্ষিক অনুষ্ঠান। শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ডাঃ অক্ষয় চন্দ্ৰ ডেকাই আদৰণি ভাষণ ৰখা অনুষ্ঠানটোত প্ৰায় ডেৰ শতাধিক নৱাগত ছাত্ৰ-ছাত্ৰীক আদৰণি জনোৱাৰ লগতে বিগত বৰ্ষত কলেজখনৰ ভিতৰত ভাল ফলাফল দেখুৱা ছাত্ৰ-ছাত্ৰীক পুৰস্কৃত কৰা হয়।

Advertisment

উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই কলেজৰ প্ৰাচীৰ পত্ৰিকা 'সাহিত্য কানন' আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত তেওঁ ছাত্ৰ-ছাত্ৰীসকলক পেৰা মেডিকেল ক্ষেত্ৰখনৰ গুৰুত্ব আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ দিশটোৰ সন্দৰ্ভত বক্তব্য ৰাখে।

ইফালে একেটা অনুষ্ঠানত অতিথি হিচাবে উপস্থিত থাকি প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই ছাত্ৰ-ছাত্ৰীসকলক উদগনি মূলক ভাষণ ৰাখে। কলেজখনৰ ছাত্ৰ-ছাত্ৰীসকলে এই অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো পৰিবেশন কৰাৰ লগতে বাৰ্ষিক খেল-ধেমালি প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কৃত কৰা বুলিও সদৰী কৰে কলেজখনৰ প্ৰশাসনিক সঞ্চালক বুবুল কলিতাই।

Also Read: কবি আনিছ উজ জামানৰ ওপজা দিনত সম্বৰ্ধনাঃ গ্ৰন্থ উন্মোচন...