কবি আনিছ উজ জামানৰ ওপজা দিনত সম্বৰ্ধনাঃ গ্ৰন্থ উন্মোচন...

অধ্যাপক ড° উৎপলা দাসৰ ’আনিছ উজ জামান- কবি আৰু কবিতা’ শীৰ্ষক গ্ৰন্থ উন্মোচন

author-image
Asomiya Pratidin
New Update
কবি আনিছ উজ জামানৰ ওপজা দিনত সম্বৰ্ধনাঃ গ্ৰন্থ উন্মোচন...

কবি আনিছ উজ জামানৰ ওপজা দিনত সম্বৰ্ধনাঃ গ্ৰন্থ উন্মোচন...

ডিজিটেল ডেস্কঃ উৰিষ্যাৰ চম্বলপুৰ বিশ্ববিদ্যালয়ে প্ৰদান কৰা গংগাধৰ মেহেৰ ৰাষ্ট্ৰীয় কাব্য বঁটা -২০২২ প্ৰাপক কবি-অনুবাদক আনিছ উজ জামানক শনিবাৰে তেওঁৰ ওপজা দিনত অগ্ৰণী প্ৰকাশন গোষ্ঠী প্ৰজ্ঞা মিডিয়াহাইপে সম্বৰ্ধনা জ্ঞাপন কৰে৷ গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সুন্দৰ অনুষ্ঠানত কবি জনৰ কবিতাৰ সুন্দৰ বিশ্লেষণ দাঙি ধৰে বিশিষ্ট লেখক সমালোচক প্ৰভাত বৰাই৷

Advertisment

বৰাই আনিছ উজ জামান কবি নীলমণি ফুকনৰ দ্বাৰা কিছু পৰিমাণে প্ৰভাম্বিত যদিও তেওঁ নিজৰ এক সুকীয়া ধাৰা সৃষ্টি কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে৷ অনুষ্ঠানত বি বৰুৱা কলেজৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° উৎপলা দাসে লিখা ’আনিছ উজ জামান- কবি আৰু কবিতা’ শীৰ্ষক গ্ৰন্থখন লেখক প্ৰভাত বৰা, কবি ড° লুটফা হানুম ছেলিমা বেগম, কবি জামান আৰু লেখক- অধ্যাপক ড° ধ্ৰুৱজ্যোতি দাসে উন্মোচন কৰে৷ লেখকা উৎপলা দাসে কবি জামানৰ কবিতাই তেওঁক গভীৰভাৱে ৰেখাপাত কৰাৰ কথা ব্যক্ত কৰে৷

Also Read: চিলাপথাৰত ৮ দিনীয়াকৈ আৰম্ভ তৃতীয় ৰাজ্যিক ভাওনা সমাৰোহ...

গুৱাহাটী প্ৰেছ ক্লাব