/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/2ee12b04-4d71-4c31-bd5c-c449cbfeca55/matric_29.jpg)
২০২৩ ৰ মেট্ৰিক পৰীক্ষাত ১০০ৰ ভিতৰত ৪৫ নম্বৰেই থাকিব অবজেকটিভ...
ডিজিটেল ডেস্কঃ ২০২৩ বৰ্ষৰ পৰা ৰাজ্যত আৰম্ভ হ’ব নতুন শিক্ষানীতি। সেই অনুসৰি ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব নতুন শিক্ষানীতিৰ আধাৰত।
যাৰ বাবে মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই এতিয়াৰে পৰা আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি। উল্লেখ্য যে, নতুন শিক্ষানীতি অনুসৰি প্ৰতিজন শিক্ষাৰ্থীয়ে ৪ টা বিষয়ত ৫০ শতাংশকৈ অবজেতটিভ প্ৰশ্ন লাভ কৰিব।
মুঠ ১০০ নম্বৰ ভিতৰত ৪৫ নম্বৰ হ’ব থিয়ৰীৰ আৰু ৪৫ নম্বৰ হ’ব অবজেকটিভ। ইয়াৰোপৰি ১০ নম্বৰ থাকিব ইণ্টাৰনেল এছেছমেণ্টত।
অৱশ্যে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ চমুকৈ এম আই এলৰ পৰীক্ষা পূৰ্বৰ দৰেই অনুষ্ঠিত হ’ব। একেদৰে ঐচ্ছিক বিষয়ৰো প্ৰশ্ন পূৰ্বৰ দৰেই থাকিব।
গণিত বিষয়ৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে ছেবাই বিশেষ ভাৱে প্ৰস্তত কৰিব উত্তৰবহী। অবজেকটিভ প্ৰশ্নৰ সমাধান কৰিবৰ বাবে প্ৰতিটো প্ৰশ্নৰ বিপৰীতে সোঁ দিশে থাকিব খালী ঠাই।
উল্লেখ্য যে, নতুন শিক্ষানীতি কাৰ্যকৰী কৰিবৰ বাবে ৰাজ্যজুৰি শিক্ষাবিভাগৰ উদ্যোগত আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ পৃষ্ঠপোষকতাত ইতিমধ্যে বিভিন্ন আলোচনা, পৰ্যালোচনা সভা অনুষ্ঠিত হৈছে। নতুন শিক্ষানীতি কাৰ্যকৰী কৰিবৰ বাবে ৰাজ্যচৰকাৰেও পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ভিন্ন সময়ত প্ৰকাশ কৰি আহিছে।
তেনে সময়তে ছেবাই ২০২৩ ৰ মেট্ৰিক পৰীক্ষা নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত কৰিব বুলি প্ৰকাশ কৰাত স্বাভাৱিকতেই বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে।
জানিব পৰা মতে ২০২৩ ৰ মাৰ্চৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰীত অনুষ্ঠিত হব বিজ্ঞান, গণিতকে ধৰি বিভিন্ন বিষয়ৰ ব্যৱহাৰিক পৰীক্ষাসমূহ।
ক্লিক কৰি পঢ়কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৰাৱণ !