প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৰাৱণ !

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৰাৱণ !
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৰাৱণ !

ডিজিটেল ডেস্কঃ মাজত মাত্ৰ কেইটামান দিন। আৰু মাত্ৰ কেইটামান দিনৰ পিছত গুজৰাটত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছে গুজৰাট। ইয়াৰ মাজতে গুজৰাটত আত্মপ্ৰকাশ কৰিছে ৰাৱণে ! ৰাৱণক কেন্দ্ৰ কৰি এতিয়া উত্তাল গুজৰাট।

দৰাচলতে নিৰ্বাচনীৰ প্ৰচাৰৰ মাজতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাৱণৰ সৈতে তুলনা কৰিছে। তেওঁৰ মতে মোডীক প্ৰতিটো নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দেখা পোৱা যায়। সেয়ে তেওঁৰ প্ৰশ্ন প্ৰধানমন্ত্ৰী মোডীৰ ৰাৱণৰ দৰে ১০০ টা মূৰ আছে নেকি?

খাৰ্গেৰ এই মন্তব্যৰ পিছতে এতিয়া বিজেপিয়ে তেওঁক উভতি ধৰিছে। কেৱল খাৰ্গেয়েই নহয়, বিজেপিয়ে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীকো সমালোচনাৰ লক্ষ্য কৰি লৈছে।

বিজেপিয়ে অভিযোগ কৰিছে, ছোনিয়া গান্ধীৰ নিৰ্দেশত কংগ্ৰেছ সভাপতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অপমান কৰিছে। খাৰ্গেৰ এই অপমানসূচক মন্তব্যৰ বিৰুদ্ধে গুজৰাটৰ নাগৰিকে মতদান কৰিব।

বিজেপিৰ মতে, ছোনিয়া গান্ধীয়ে এসময়ত মোডীক মৃত্যুৰ ব্যৱসায়ী বুলি অভিহিত কৰিছিল আৰু আজি তেওঁৰ নিৰ্দেশত তেওঁৰ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাৱণৰ সৈতে তুলনা কৰিছে। এইবোৰ খাৰ্গেৰ কথা নহয়, এয়া ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ কথা।

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰই কয় যে, গুজৰাটত থিয় হৈ গুজৰাটৰ পুত্ৰৰ বাবে এনে শব্দ ব্যৱহাৰ কৰাটো নিন্দনীয় আৰু গুজৰাটৰ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব। তেওঁ গুজৰাটৰ সকলো নাগৰিককে ওলাই আহি ১০০ শতাংশ ভোট দিবলৈ আহ্বান জনাই পাত্ৰই কয় যে, গুজৰাটৰ পুত্ৰক অপমান কৰাৰ বাবে গুজৰাটৰ জনসাধাৰণে গণতান্ত্ৰিক ভাৱে কংগ্ৰেছৰ ওপৰত প্ৰতিশোধ লোৱা উচিত।

উল্লেখ্য যে, গুজৰাটত এক ৰেলী সম্বোধন কৰি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰিছিল।খাৰ্গেয়ে কয়, পৌৰসভাৰ নিৰ্বাচনতো বিজেপিয়ে কয় মোডীক ভোট দিয়ক। মোডীয়ে ইয়ালৈ কাম কৰিব আহিব নেকি?  

প্ৰধানমন্ত্ৰীয়ে সকলো সময়তে নিজৰ কথা কয়। কাকো নাচাব,  মোডীক ভোট দিয়ক। মোডীৰ চেহেৰা আৰু কিমানবাৰ চাব? নিগমৰ নিৰ্বাচনত মোডী, বিধানসভাৰ নিৰ্বাচনত মোডী সাংসদ নিৰ্বাচনত মোডী...। প্ৰতিটো স্থানতে মোডী। ৰাৱণৰ দৰে মোডীৰ ১০০ খন মুখ আছেনেকি?

গুজৰাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ আজি সন্ধিয়া ৫ বজাত সমাপ্ত হ'ব। ৮৯ খন আসনৰ বাবে ভোটদান ১ ডিচেম্বৰত অনুষ্ঠিত হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in