/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/573fe9b7-edd6-4351-a96e-d8b852840ae7/modi_7.jpg)
নিশ্চিত মোডীৰ তৃতীয় কাৰ্যকালঃ শ্বেয়াৰ মাৰ্কেটত পুনৰ উত্থান, বিনিয়োগকাৰীৰ মুখত হাঁহি...
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰাজনীতিৰ উত্থান-পতনে ভাৰতৰ শ্বেয়াৰ বজাৰতো ব্যাপক প্ৰভাৱ পেলাই আহিছে। ১ জুনত প্ৰকাশিত এক্সিট পোলৰ পাছত যিদৰে ভাৰতীয় শ্বেয়াৰ বজাৰত উত্থান হৈছিল সেইদৰেই নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনটোত শ্বেয়াৰ মাৰ্কেটৰ পতনে অভিলেখ গঢ়িছিল।
কিন্তু তৃতীয়বাৰৰ বাবে পুনৰ এন ডি এৰ চৰকাৰ গঠন নিশ্চিত হোৱাত পুনৰ শ্বেয়াৰ মাৰ্কেটত উত্থান হোৱা পৰিলক্ষিত হৈছে। ৪ জুনত অভিলেখ সংখ্যক হাৰত লোকচান হোৱাৰ পাছত মূৰে কপাললে হাত দি থকা বিনিয়োগকাৰীসকলে শুকুৰবাৰে বজাৰৰ আৰম্ভণিতে কিছু আশাৰ ৰেঙনি দেখিবলৈ পায়। শুকুৰবাৰে বজাৰৰ আৰম্ভণিৰ পৰাই সূচক আছিল উৰ্ধমূখী।
এনে পৰিস্থিতিত বজাৰ বিশ্লেষকসকলে এই কথা স্বীকাৰ কৰিছে যে ছেনছেক্স আৰু নিফটি বহু ৰাজনৈতিক সমীকৰণৰ ওপৰত আধাৰিত। আজিৰ দিনটোত যেতিয়া এন ডি এ চৰকাৰ তৃতীয়বাৰৰ বাবে গঠন নিশ্চিত হয় তাৰ পাছতেই শ্বেয়াৰ মাৰ্কেটত জোৱাৰ উঠিবলৈ আৰম্ভ কৰে।
ছেনছেক্সেত ১,৬১৮ পইণ্টৰ পৰা উৰ্ধ্বমুখী হৈ ৭৬,৬৯৩ পইণ্টত বন্ধ হয়গৈ। নিফটি বৃদ্ধি পাই ৪৬৮ পইণ্ট। দিনান্ততত নিফটি সূচক হয়গৈ ২৩,২৯০ পইণ্ট।
৪ জুন মঙ্গলবাৰে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা আৰম্ভ হোৱাৰ লগে লগেই দেশৰ শ্বেয়াৰ মাৰ্কেটত পতন আৰম্ভ হৈছিল। কিন্তু বুধবাৰে পুৱাৰে পৰা পৰিস্থিতি কিছু উন্নত হয়। কাৰণ তেতিয়ালৈকে এই কথা প্ৰায় নিশ্চিত হৈছিল পুনৰ এন ডি এৰে চৰকাৰ গঠন হ’ব।
শুকুৰবাৰে এন ডি এৰ বৈঠকৰ মাজতে পুনৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ গঠন সম্পূৰ্ণ নিশ্চিত হোৱাত শ্বেয়াৰ মাৰ্কেটত উত্থান ঘটে আৰু বিনিয়োগকাৰীসকলৰ মুখলৈ হাঁহি বিৰঙি আহে।
Also Read: কংগনাক চৰিওৱা CISF ৰ মহিলা জোৱানক সংগীত শিল্পী বিশালে দিব চাকৰি...