দেশত বৃদ্ধি পালে MBBS ৰ আসনৰ সংখ্যাঃ নতুনকৈ আৰম্ভ হ'ব ৫০ খন মেডিকেল কলেজ....

দেশত বৃদ্ধি পালে MBBS ৰ আসনৰ সংখ্যাঃ নতুনকৈ আৰম্ভ হ'ব ৫০ খন মেডিকেল কলেজ....

ডিজিটেল ডেস্কঃ NEET ৰ প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ বাবে আছে ভাল খবৰ। দেশত বৃদ্ধি পালে মেডিকেল কলেজৰ সংখ্যা। চৰকাৰে প্ৰস্তুতি চলাইছে নতুনকৈ আৰু ৫০ খন মেডিকেল কলেজত পাঠদান আৰম্ভ কৰাৰ।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰণালয়ে এই নতুন ৫০ খন মেডিকেল কলেজত পাঠদান আৰম্ভ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে। ফলত দেশত মেডিকেল কলেজৰ সংখ্যা আৰু মেডিকেল শিক্ষাৰ বাবে আসনৰ সংখ্যা পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পাব।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি ৫০ খন নতুন মেডিকেল কলেজক নতুন শিক্ষা বৰ্ষ আৰম্ভ কৰিবৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। ইয়াৰ ফলত দেশত এতিয়া সৰ্বমুঠ মেডিকেল কলেজৰ সংখ্যা ৭০২ খনলৈ বৃদ্ধি পাইছে।

আনহাতে এম বি বি এছ পাঠ্যক্ৰমৰ বাবে আসনৰ সংখ্যা ১ লাখ ৭ হাজাৰ ৬৫৮ খনলৈ বৃদ্ধি পালে। উল্লেখ্য যে, নতুনকৈ যি ৫০ খন মেডিকেল কলেজে পাঠ্যক্ৰম আৰম্ভ কৰাৰ অনুমতি লাভ কৰিছে তাৰ ভিতৰত অসমৰ ৩ খন মেডিকেল কলেজো অন্তৰ্ভুক্ত হৈছে।

শেহতীয়াকৈ স্বীকৃতি লাভ কৰা নগাওঁ মেডিকেল কলেজ, নলবাৰী মেডিকেল কলেজ আৰু কোকৰাঝাৰ মেডিকেল কলেজ। এই তিনিওন মেডিকেল কলেজত নতুনকৈ আৰম্ভ হ'ব পাঠদান।

আনহাতে ইয়াৰোপৰি আন ৪৭ খন মেডিকেল কলেজৰ ভিতৰত আছে গুজৰাটত ৩ খন, হাৰিয়াণাত ২ খন, জম্মু-কাশ্মীৰত ২ খন, কৰ্ণাটকত ৩ খন, মধ্যপ্ৰদেশত ১ খন, মহাৰাষ্ট্ৰত ৪ খন, নাগালেণ্ডত ১ খন, ওড়িশাত ২ খন, ৰাজস্থানত ৫ খন, তামিলনাডুত ৩ খন, তেলেংগানাত ১৩ খন, উত্তৰ প্ৰদেশত ১ খন আৰু পশ্চিম বংগত ২ খন।

ইফালে শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা NEET ৰ ফলাফল শীঘ্ৰেই প্ৰকাশ পাব। ইতিমধ্যে এই পৰীক্ষাৰ এনছাৰ-কী প্ৰকাশ কৰা হৈছে। এতিয়া অপেক্ষা কেৱল ফলাফল ঘোষণালৈ। ফলাফল ঘোষণাৰ পাছতে হ’ব কাউন্সিলিং প্ৰক্ৰিয়া। এই সন্দৰ্ভত সবিশেষ NEET ৰ ৱেব চাইটত উপলব্ধ আছে।   

দেশত বৃদ্ধি পালে MBBS ৰ আসনৰ সংখ্যাঃ নতুনকৈ আৰম্ভ হ'ব ৫০ খন মেডিকেল কলেজ....
দুৰ্নীতিৰ অভিযোগত মঙলদৈ জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাক নিলম্বন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in