দুৰ্নীতিৰ অভিযোগত মঙলদৈ জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাক নিলম্বন...

দুৰ্নীতিৰ অভিযোগত মঙলদৈ জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাক নিলম্বন...

author-image
Asomiya Pratidin
New Update
দুৰ্নীতিৰ অভিযোগত মঙলদৈ জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাক নিলম্বন...

দুৰ্নীতিৰ অভিযোগত মঙলদৈ জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাক নিলম্বন...

ডিজিটেল সংবাদ মঙলদৈঃ দুৰ্নীতিৰ অভিযোগত মঙলদৈ জলসিঞ্চন সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অমল তালুকদাৰ নিলম্বন । জলসিঞ্চন বিভাগৰ সচিব পৱিত্ৰৰাম খাউণ্ডে বৃহস্পতিবাৰে এই সন্দৰ্ভত এক নিৰ্দেশনা প্ৰদান কৰিছে।

Advertisment

উল্লেখ্য যে, মঙলদৈ জলসিঞ্চন সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা তালুকদাৰে মঙলদৈ, দলগাঁও, ছিপাঝাৰৰ বিভিন্ন কামত নিয়ম বহিৰ্ভূত কাৰ্যত লিপ্ত হৈছে। যাৰ বাবে তেওঁৰ সন্দৰ্ভত এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।  

অভিযোগ অনুসৰি নিলম্বিত সহকাৰী অভিযন্তা অমল তালুকদাৰে ঠিকাদাৰক বিল আদায় নিদিয়া, তথ্যৰ বিসংগতি কৰা, কাৰ্যালয়ত বিশৃংখলতা সৃষ্টি কৰা, কৰ্তৃপক্ষক বিপথে পৰিচালনা কৰাৰ দৰে কাৰ্যত লিপ্ত হৈছে।

Also Read: চৰাইদেউত ৰে'ল লাইনৰ দাঁতিত অচিনাক্ত মৃত দেহ উদ্ধাৰ...

মঙলদৈ