/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-23/pqadax1b/rangia-23.jpg)
ৰঙিয়া মহাবিদ্যালয়ত ইছৰোৰ অন্তৰীক্ষ যান প্ৰদৰ্শনী আৰু কুইজ প্ৰতিযোগিতা সম্পন্ন...
ডিজিটেল সংবাদ,ৰঙিয়াঃ উত্তৰ পূৰ্ব বিজ্ঞান ভাৰতী আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ যুটীয়া উদ্যোগত তথা নেকটাৰৰ সহযোগত ইছৰোৰ দ্বাৰা প্ৰেৰিত অন্তৰীক্ষ যানৰ এমাহ জুৰি বিভিন্ন শিক্ষানুষ্ঠানচ হৈ থকা কাৰ্যক্ৰমৰ অংশ হিচাপে আজি ৰঙিয়া মহাবিদ্যালয়ত প্ৰদৰ্শনীৰ লগতে ইছৰোৰ বিজ্ঞান সম্পৰ্কীয় এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-23/19yb83ja/634850b9-0dd8-495a-98d2-97726f1eb081.jpg)
দিনৰ ১২ বজাত মহাবিদ্যালয়ৰ চৌহদত উপাধ্যক্ষ ড° হেমেন্দ্ৰ কুমাৰ শৰ্মাই প্ৰদৰ্শন কৰা উদ্বোধন কৰা অনুষ্ঠানত এন ই ইছ এমৰ উত্তৰ পূব সচীৱ ৰাজীব চন্দ্ৰ শৰ্মা আৰু অসম চৰকাৰৰ ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য ফনীন্দ্ৰ বুজৰবৰুৱাই অংশলৈ ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে।
উল্লেখ্য যে এই অন্তৰীক্ষ যানখনত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শনী মেলা পৰ্যবেক্ষণ কৰি ইছৰোৰ বিভিন্ন প্ৰণালীবদ্ধ প্ৰযুক্তি অধ্যয়ন কৰিবলৈ সক্ষম হয়। আনহাতে অন্তৰীক্ষ যানখনত ইছৰোৰ এছ এলভি,ৰকেট উৎক্ষেপণ আদি প্ৰদৰ্শিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-23/7dcawq4w/a1bcacd9-9852-4a7a-9eec-1b1477e5541b.jpg)
ইফালে অন্তৰীক্ষ যানখন শ্ৰীহৰিকোটাৰ পৰা সম্পূৰ্ণ শীততাপ নিয়ন্ত্ৰিত ভাৱে সজোৱা পৰিলক্ষিত হয়। তদুপৰি এই প্ৰদৰ্শনী মেলাৰ পিছতে মহাবিদ্যালয়খনৰ প্ৰাংগনত বিজ্ঞানৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-23/32izk56u/00c669c3-30d3-4cd0-b87e-a679dc959e2b.jpg)
পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° মনোজ কুমাৰ সিনহাই পৰিচালনা কৰা প্ৰতিযোগিতাত ১০ টা দলে অংশ গ্ৰহণ কৰে। অন্তৰীক্ষ যানৰ সমগ্ৰ কাৰ্যসূচীত মহাবিদ্যালয়খনৰ প্ৰায় ২০০০ ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয়।
আজিৰ এই কুইজ প্ৰতিযোগিতাত মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড° মৌচুমী ভূঞা, উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড° পৰিস্মিতা শৰ্মাও উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-23/a6z4j6qg/d0791305-63da-4a5a-90fe-e61a05023e70.jpg)
Also Read: চিৰাঙত 'মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান'ৰ অধীনত প্ৰশিক্ষণ শিবিৰ