চিৰাঙত 'মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান'ৰ অধীনত প্ৰশিক্ষণ শিবিৰ

১৭ দিনীয়াকৈ অনুষ্ঠিত হ'ব এই প্ৰশিক্ষণ শিবিৰ

author-image
Asomiya Pratidin
New Update
চিৰাঙত 'মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান'ৰ অধীনত প্ৰশিক্ষণ শিবিৰ

চিৰাঙত 'মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান'ৰ অধীনত প্ৰশিক্ষণ শিবিৰ

ডিজিটেল সংবাদ, চিৰাং: অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক আৰ্থিক দিশত আত্মনিৰ্ভৰ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা "মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান" আচঁনিৰ অধীনত ১৭ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ আজি শুভাৰম্ভ কৰা হয়। চিৰাঙৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ বিনোদন কেন্দ্ৰত জিলা ঔদ্যোগিক আৰু বাণিজ্য কেন্দ্ৰ (DICC) ৰ উদ্যোগত আজিৰে পৰা ৮ অক্টোবৰলৈ ১৭ দিনীয়া প্ৰশিক্ষণ শিবিৰত জিলা ভিত্তিক পঞ্জীয়নভুক্ত নিবনুৱা যুৱক-যুৱতী, মহিলাসকলক বিভিন্ন কাৰিকৰী দিশৰ ব্যৱহাৰিক আৰু তথ্যগত প্ৰশিক্ষণ দিয়া হ'ব।

Advertisment

আজি চিৰাঙৰ এই প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ কাৰ্য্যসূচীত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিচিৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী, জিলা আয়ুক্ত পি. ভাস্কৰ ৰেড্ডীসহ অন্যান্য আমন্ত্ৰিত অতিথিসকল।

উল্লেখ্য যে, উক্ত আচঁনিৰ অধীনত জিলা ঔদ্যোগিক আৰু বাণিজ্য কেন্দ্ৰত ৪০০ হিতাধিকাৰীয়ে নিজৰ নাম পঞ্জীয়নভুক্ত কৰিছিল। তাৰে আজি প্ৰথমটো গোটত ১০০ গৰাকী নিবনুৱা যুৱক-যুৱতী, মহিলাসকলে এই ১৭ দিনত বিভিন্ন কাৰিকৰী দিশৰ ব্যৱহাৰিক আৰু তথ্যগত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে।

Also Read: ঘিলামৰাত ৭০ বছৰীয়া মহিলাক মুকবধিৰ ব্যক্তিৰ প্ৰাণনাশী আক্ৰমণ...

চিৰাং মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান