বঢ়মপুৰৰ দুখনকৈ বিদ্যালয়ত IIT গুৱাহাটীৰ অধ্যাপকৰ দল...

অসমত গণিত আৰু বিজ্ঞান শিক্ষাৰ জনপ্ৰিয়তা বৃদ্ধিৰ পদক্ষেপ
বঢ়মপুৰৰ দুখনকৈ বিদ্যালয়ত IIT গুৱাহাটীৰ অধ্যাপকৰ দল...
বঢ়মপুৰৰ দুখনকৈ বিদ্যালয়ত IIT গুৱাহাটীৰ অধ্যাপকৰ দল...

ডিজিটেল সংবাদ বঢ়মপুৰঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বঢ়মপুৰত আজি উপস্থিত হ’ল আই আই টি গুৱাহাটীৰ এটি অধ্যাপকৰ দল ৷ আই আই টি গুৱাহাটীৰ জ্যেষ্ঠ অধ্যাপক উদয় শংকৰ দীক্ষিতৰ নেতৃত্বত অহা অধ্যাপকৰ দলটোৱে বঢ়মপুৰৰ দুখন বিদ্যালয় ক্ৰমে বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চ মাধ্যমিক বালিকা বিদ্যালয় আৰু বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ গণিত আৰু বিজ্ঞান শিক্ষাৰ জনপ্ৰিয়তা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন কৌশল আৰু বিজ্ঞানৰ নমুনা প্ৰদৰ্শন কৰে ৷

হেমচন্দ্ৰ গোস্বামী ন্যাস আৰু নৱ গোস্বামী ন্যাসৰ সহযোগত এটি প্ৰকল্পৰ জৰিয়তে গ্ৰহণ কৰা সময়োপযোগী এই পদক্ষেপে ন-শিকাৰু ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত আৰু অনুপ্ৰাণিত কৰে ৷ উল্লেখ্য যে অধ্যাপক উদয় শংকৰ দীক্ষিতে ভাৰতীয় জ্ঞান পৰম্পৰা কেন্দ্ৰৰ যোগেদিও অসমত অসমীয়া, সংস্কৃত, ইতিহাস আৰু পৌৰাণিক ভাষাৰ প্ৰসাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

আজিৰ অনুষ্ঠানত তেখেতৰ নেতৃত্বত আহি বঢ়মপুৰত উপস্থিত হোৱা আই আই টি,গুৱাহাটীৰ অধ্যাপকসকল ক্ৰমে ড° চিদানন্দ শৰ্মা, ড° ফলদ্রুম শৰ্মা আৰু ড° দেৱজিৎ শৰ্মা। আটাইকেইজন অধ্যাপকে বিজ্ঞান আৰু গণিতৰ বিভিন্ন আৰ্হি প্ৰদৰ্শন কৰাৰ লগতে শ্ৰুতিমধুৰ বক্তব্য প্ৰদান কৰে ৷

বঢ়মপুৰৰ দুখনকৈ বিদ্যালয়ত IIT গুৱাহাটীৰ অধ্যাপকৰ দল...
ৰঞ্জিত দাসৰ বাঢ়িছে কংগ্ৰেছ প্ৰেম, অতুল বৰাৰ বৃদ্ধি হৈছে BJPৰ চামচাগিৰি !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in