ৰঞ্জিত দাসৰ বাঢ়িছে কংগ্ৰেছ প্ৰেম, অতুল বৰাৰ বৃদ্ধি হৈছে BJPৰ চামচাগিৰি !
ৰঞ্জিত দাসৰ বাঢ়িছে কংগ্ৰেছ প্ৰেম, অতুল বৰাৰ বৃদ্ধি হৈছে BJPৰ চামচাগিৰি !

ৰঞ্জিত দাসৰ বাঢ়িছে কংগ্ৰেছ প্ৰেম, অতুল বৰাৰ বৃদ্ধি হৈছে BJPৰ চামচাগিৰি !

বিধায়ক তথা বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ কটাক্ষ

ডিজিটেল ডেস্কঃ ''ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দাসৰ কংগ্ৰেছ প্ৰেম বৃদ্ধি হৈছে। কৃষি মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু এজিপিৰ ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে চামচাগিৰি বৃদ্ধি পাইছে।'' অসম চৰকাৰৰ দুইমন্ত্ৰীক এইদৰে তীব্ৰ কটাক্ষ কৰিছে সৰভোগৰ বিধায়ক তথা এইবাৰ লোকসভা নিৰ্বাচনৰ বৰপেটা লোকসভা সমষ্টিৰ চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে।

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰাৰ পাছত মন্ত্ৰী ৰঞ্জিত দত্তই ধুবুৰীত কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু গুৱাহাটীত বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ বিজয় নিশ্চিত বুলি দাবী কৰাৰ লগতে বৰপেটাত মনোৰঞ্জন তালুকদাৰে ১ লাখ ভোটো লাভ নকৰে বুলি কৈছিল। মন্ত্ৰী দাসৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত মনোৰঞ্জন তালুকদাৰে ৰঞ্জিত দাসৰ কংগ্ৰেছ প্ৰেম বৃদ্ধি হোৱা বুলি মন্তব্য কৰিছে।

তেওঁ কয়, ''ৰঞ্জিত দাসৰ কংগ্ৰেছ প্ৰেম কিয় বাঢ়িছে মই বুজি পোৱা নাই। তেওঁৰ কংগ্ৰেছ প্ৰেম খুব বাঢ়িছে। ২০১৬ চনতো তেওঁৰ কংগ্ৰেছ প্ৰেম বাঢ়িছিল। ২০২১ত তেওঁ সৰভোগ এৰি পলাল। তেওঁৰ কথাত মই বিশেষ প্ৰতিক্ৰিয়া নিদিওঁ। তেওঁ মই ১ লাখ ভোটো মই নাপাওঁ বুলি কৈছে। তেনেকুৱা পৰ্যালোচনা কৰা মানুহৰ কথাত মই প্ৰতিক্ৰিয়া কি জনাম? তেওঁৰ ৰাজনৈতিক জ্ঞান শূন্য বুলিয়েই মই ভাবোঁ।''

ইফালে বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচন সন্দৰ্ভত তেওঁ কয়, ''প্ৰতিদ্বন্দিতাত আমি খুব ভালকৈ আছো। ইভিএমত কি আছে আমি কোনেও নাজানোঁ, ময়ো নাজানোঁ। ৪ তাৰিখে গণনা হলে আমি এটা ভাল ফলাফল লাভ কৰিম বুলি আশা কৰিছোঁ।''

আনহাতে ৰাজ্যত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ তিনি বছৰ সম্পূৰ্ণ হোৱাত চৰকাৰখনৰ সফলতা সন্দৰ্ভত কৰা এক প্ৰশ্নত তেওঁ ড০ শৰ্মা নেতৃত্বাধীন চৰকাৰখনক চোকা সমালোচনা কৰাৰ লগতে ১০ৰ ভিতৰত মাত্ৰ ১/২ নম্বৰ প্ৰদান কৰি কটাক্ষও কৰিছে।

তেওঁ কয়, ''অসমত কৰ্ম সংস্থাপনকে ধৰি ইমানবোৰ সমস্যা আছে, ১ লাখ চাকৰি দিয়াতে তিনিটা বছৰ পাৰ কৰিলে। এতিয়ালৈকে ১ লাখ সম্পূৰ্ণ কৰিব নোৱাৰিলে। এটা বছৰত গণি গণি ১ লাখ চাকৰি দিম বুলি বিধানসভাত চিঞৰি চিঞৰি কৈছিল। মই তেতিয়াই ইয়াত সন্দেহ প্ৰকাশ কৰিছিলোঁ। এতিয়া সেয়াই বাস্তৱ হ'ল।''

তেওঁ কয়, ''অসমৰ বানপানী, গৰখহনীয়াৰ সমস্যা সমাধান কৰিবলৈ কোনো বিশেষ ফলপ্ৰসূ আঁচনি ৰূপায়িত হোৱা বুলি মই ভবা নাই। কেইখনমান দলং বান্ধিয়েই যদি কোনোবা চৰাকাৰে সফলতাৰ দাবী কৰে মই সেই সফলতাক মানিব নোৱাৰোঁ।''

''অসমৰ কৃষকৰ আয় দুগুণ কৰাৰ কথা আছিল, কৃষকৰ আয় কমিছে। ধান উৎপাদন কমিছে। কৃষকৰ মাটিত জলসিঞ্চনৰ ব্যৱস্থা কৰি তিনি ফচল কৰাৰ ব্যৱস্থা কৰিব লাগিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰহে ৩ বছৰ হৈছে, ৰাজ্যত বিজেপিৰ চৰকাৰ ৮ বছৰ হ'ল। বিজেপি চৰকাৰৰ ৮ বছৰত বিধানসভাত দিয়া তথ্য অনুসৰিয়েই অসমৰ ১৪ শতাংশ মাটিতহে জলসিঞ্চন হৈছে। পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, তামিলনাডুৰ লগত তুলনা কৰিলে আমি বহু তলত আছোঁ। জলসিঞ্চনৰ ব্যৱস্থা কৰি তিনি ফচল উৎপাদনৰ কোনো ব্যৱস্থা এই চৰকাৰে কৰিব পৰা নাই।'' এইদৰে কয় বিধায়কগৰাকীয়ে।

মূল্যবৃদ্ধি সন্দৰ্ভত তেওঁ কয়, ''বজাৰত প্ৰায় জুই লাগিছে। দ্ৰব্যৰ মূল্য ভয়ংকৰভাবে বাঢ়িছে। ইলেক্ট্ৰৰেল বণ্ডৰ পাছত সকলো কথা মুকলি হৈ পৰিছে। ঔষধ প্ৰস্তুতকাৰী কোম্পানীৰ পৰা তেওঁলোকে ইলেক্ট্ৰৰেল বণ্ডৰ জৰিয়তে টকা লৈছে। ১০০০ কোটি টকা ঔষধ কোম্পানীবোৰৰ পৰা লৈ ঔষধৰ দাম যিদৰে বৃদ্ধি কৰিছে মানুহৰ স্বাস্থ্য এতিয়া বিপদাগ্ৰস্থ। স্বাস্থ্য ৰক্ষা কৰাৰ কাৰণে প্ৰয়োজনীয় পৰিকাঠামো নায়েই, তাৰোপৰি ঔষধৰ যি দাম, সেই দামত মানুহ জুৰুলা হৈছে।''

তেওঁ পুনৰ কয়, ''এনে ক্ষেত্ৰত এই চৰকাৰৰ কি সাফল্য আছে মই বুজি পোৱা নাই। এই চৰকাৰক কেইখনমান দলং, পথ নিৰ্মাণৰ কাৰণে ১ অথবা ২ৰ বাহিৰে বেছি নম্বৰ দিব নোৱাৰোঁ।''

সদ্য সমাপ্ত অসমৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ১৪ খন আসনৰ ভিতৰত কিমান আসন লাভ কৰিব, এনে এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বিধায়ক তথা বৰপেটাৰ প্ৰাৰ্থীজনে কয়, ''ভাৰতীয় জনতা পাৰ্টিৰ যোৱাবাৰৰ যি ৯ খন আসন আছিল সেই আসন এইবাৰ কমিব।'' কৃষিমন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই বিজেপি মিত্ৰজোঁটে ১৪ খন আসন লাভ কৰিব বুলি কৰা দাবীৰ উত্তৰ দি তেওঁ কয়, ''অতুল বৰাহঁতৰ এজিপিৰ বিজেপিৰ প্ৰতি চামচাগিৰি বেছি হৈছে। তেওঁলোকে কথাত ১৪ খন আসনো পাব। অতুল বৰাই ১৪ খন পাব বুলি কৈছেই। কিন্তু এতিয়া বিজেপি ১২ খনলৈ নামিছে। লাহে লাহে ১১ লৈ নামি ৯ খনৰো তললৈ আহিব।''

ৰঞ্জিত দাসৰ বাঢ়িছে কংগ্ৰেছ প্ৰেম, অতুল বৰাৰ বৃদ্ধি হৈছে BJPৰ চামচাগিৰি !
হাৰিয়ানাত শেষ বিজেপিৰ দিন! কংগ্ৰেছৰ মুখত ৰাষ্ট্ৰপতিৰ শাসনৰ কথা...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in