অসম কৃষি বিশ্ববিদ্যালয়ত চাৰিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন...

অসম কৃষি বিশ্ববিদ্যালয়ত চাৰিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন...

author-image
Asomiya Pratidin
New Update
অসম কৃষি বিশ্ববিদ্যালয়ত চাৰিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন...

Assam Agriculture University

ডিজিটেল সংবাদ যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ' জলবায়ু পৰিবৰ্তিত পৰিস্থিতিত জৈববৈচিত্ৰ, খাদ্য সুৰক্ষা আৰু বহনক্ষমতা ' শীৰ্ষক এখনি চাৰিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট কৃষি মহাবিদ্যালয় আৰু প্ৰফেছৰ এইচ এছ শ্ৰীবাস্তৱ ফাউণ্ডেশ্যনৰ ফৰ চায়েন্স এণ্ড ছ'ছাইটি, উত্তৰ প্ৰদেশ, লক্ষ্ণৌৰ যুটীয়া উদ্যোগত ২৫ ৰ পৰা ২৮ এপ্ৰিললৈ অনুষ্ঠিত হবলগীয়া এই সন্মিলনত ১৭ খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ।

Advertisment

সমগ্ৰ বিশ্বৰ ২০০খন প্ৰতিষ্ঠানৰ পৰা ৯৫০খন গৱেষণা পত্ৰ উপস্থাপন কৰা হ'ব। সন্মিলনৰ আয়োজক সমিতিৰ সভাপতি তথা কৃষি বিজ্ঞান গুৰু ড০ জয়ন্ত ডেকা আৰু সাংগঠনিক সম্পাদক অধ্যাপক ৰঞ্জন দাসে জনোৱা মতে এই সন্মিলনত ৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতে মিলি আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ বাবে জলবায়ু নিৰপেক্ষ লক্ষ্যত উপনীত হোৱাৰ বাবে উপযুক্ত নীতি আৰু গৱেষণাৰ দিশ প্ৰস্তুত কৰাৰ বাবে এক মঞ্চ সৃষ্টি কৰাৰ পৰিকল্পনা কৰা হৈছে।

সন্মিলনত কেন্দ্ৰীয় বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু সংস্থাৰ লগতে বেচৰকাৰী সংস্থাসমূহে বিভিন্ন বিষয়ত গৱেষণা পত্ৰ উপস্থাপন কৰিব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৯ শতাধিক বিজ্ঞানী, ছাত্ৰ - ছাত্ৰী, এন জি অ' কৰ্মী, বহুজাতিক কোম্পানী প্ৰগতিশীল কৃষক, কোম্পানীৰ প্ৰতিনিধি উপস্থিত থাকিব ।

২৫ এপ্ৰিলত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হ'বলগীয়া সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব । অনুষ্ঠানত ফিলিপাইনছৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান ড০ জীন বেলী আৰু বাংলাদেশ ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান ড০ ছাহজাহান কবিৰে অংশগ্ৰহণ কৰিব।

Also Read: ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক প্ৰিয়নাথ ডেকা অভিনন্দন গ্ৰন্থ উন্মোচন...

অসম কৃষি বিশ্ববিদ্যালয়