ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক প্ৰিয়নাথ ডেকা অভিনন্দন গ্ৰন্থ উন্মোচন...

ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক প্ৰিয়নাথ ডেকা অভিনন্দন গ্ৰন্থ উন্মোচন...

author-image
Asomiya Pratidin
New Update
 ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক প্ৰিয়নাথ ডেকা অভিনন্দন গ্ৰন্থ উন্মোচন...

ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক প্ৰিয়নাথ ডেকা অভিনন্দন গ্ৰন্থ উন্মোচন...

ডিজিটেল সংবাদ টিহুঃ মহাজীৱনৰ বুনিয়াদ ৰচনা হয় মাতৃগৰ্ভত। সেয়ে মা জগতজননী  দেৱীতুল্যা আৰু মাতৃভাষা জীৱনৰ পৰম ঐশ্বৰ্য। এই মন্তব্য বিশিষ্ট নাট্যকাৰ, সাংবাদিক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ধ্ৰুৱজ্যোতি শৰ্মাৰ।

Advertisment

আজি টিহুৰ নিকটৱৰ্ত্তী জলখানা- ভঠুৱাখানা শাখা সাহিত্য সভাৰ উদ্যোগত ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক প্ৰিয়নাথ ডেকা অভিনন্দন গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি শৰ্মাই আকৌ কয় সমাজ, সংস্কৃতিৰ প্ৰবাহমান গতিধাৰাত মহাজীৱনৰ অৱদান অতুলনীয়। সেয়ে সমাজে তেওঁৰ মহত্ব উপলব্ধি কৰে আৰু জীৱিত অথবা দেহাৱসান কালত সন্মান প্ৰদৰ্শন কৰে।

তেনে এগৰাকী অগ্ৰমাণ্য ব্যক্তিত্ব, সমাজ নিৰ্মাতাই হ'ল প্ৰিয়নাথ ডেকা বুলি উল্লেখ কৰে। জলখানা-ভঠুৱাখানা শাখা সাহিত্য সভাৰ সভাপতি কান্তেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভাষণ প্ৰসংগত নাট্যকাৰ শৰ্মাই শ্ৰীমন্ত শংকৰদেৱে ১৫ শতিকাতে বিজ্ঞান দৰ্শন কৰিছিল বুলি দোহাৰি সেই দৰ্শনত এতিয়াও বিজ্ঞানৰ কৃষ্ট পোহকৰৰ ছবিটো যদি দেখে, তেতিয়া দেখিব যে বৈকুণ্ঠত একেই ছবিটো আছে।

সেই সময়ত বিজ্ঞান আগনবঢ়াতে শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ মন, চজ্ঞা, তেওঁৰ কৃচ্ছ্ৰ সাধাৰে জানিছিল। সেয়ে কৃচ্ছ্ৰ সাধনাৰে জীৱনৰ পথ নিৰ্মাণ কৰা মানুহজন হ’ল একো একোজন মহাজীৱন অথবা অৱতাৰী পুৰুষ বা সময়ত জন্মা প্ৰতিভাশালী ব্যক্তি বুলি মন্তব্য কৰে।

জলখানা-ভঠুৱাখানা শাখা সাহিত্য সভাৰ সম্পাদক পংকজ প্ৰতিম শৰ্মাই আদৰনি ভাষণ আৰু উদ্দেশ্য বিৱৰি কোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ জনগোষ্ঠী ইতিহাস প্ৰকল্প উপ-সমিতিৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতাই অংশলৈ কয় যে, প্ৰাচীন কালৰ পৰাই গুৰুক শ্ৰদ্ধা জনোৱাটো পৰম্পৰা। এনেধৰণৰ পৰম্পৰাই এখন সুস্থিৰ সমাজৰ বাতাবৰণৰ সৃষ্টি কৰে।

সম্প্ৰতি সমাজ নিৰ্মানৰ পৰিৱৰ্তে সমাজৰ প্ৰতি দায়বদ্ধ লাহে লাহে কমি গৈছে বুলি আক্ষেপ কৰে। সভাত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক তথা টিহু মহকুমা সাংবাদিক সন্থাৰ সভাপতি পংকজ বেজবৰুৱাই অংশ লৈ ভাৰতীয় দৰ্শন, ভাৰতীয় সমাজত মানুহক অভিনন্দন কৰা, সম্বৰ্ধনা জ্ঞাপন কৰা এক সংস্কৃতি।

গতিকে ভাল কাম কৰিবলৈ কাৰো অনুমতিৰ প্ৰয়োজন নাই বুলি সদৰি কৰি সংস্কৃতিৰ হে প্ৰয়োজন বুলি মন্তব্য কৰে। সভাত কঁঠালমূৰাৰ নিবাসী ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক কৃতী শিক্ষক সমাজহিতৈষী প্ৰিয়নাথ ডেকাৰ জীৱন পৰিক্ৰমা সন্নিবিষ্ট ‘প্ৰিয়দৰ্শন’ শীৰ্ষক অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে অৱসৰী অধ্যাপক তথা নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৰুণাকান্ত কলিতাই।

ডিম্বেশ্বৰ ডেকাই আঁত ধৰা সভাখনত উদ্যোগ-বাণিজ্য তথা ৰজহুৱা প্ৰতিষ্ঠান বিভাগৰ অৱসৰী অতিৰিক্ত সঞ্চালক নৱ কুমাৰ তালুকদাৰ, অৱসৰী অধ্যাপক সোমনাথ ডেকা আদিয়ে ভাষণ আগবঢ়ায়। টিহু হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক ভৱকান্ত কলিতা, অৱসৰী শিক্ষক সুৰেন্দ্ৰ নাথ কলিতা, বাঘমাৰা নৰ্থ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তাৰিনীকান্ত ভট্টাচাৰ্য, মাখিবাহা উচ্চতৰ মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ গোবিন্দ্ৰ কলিতা আদিকে ধৰি বৃহত্তৰ অঞ্চলটোৰ শতাধিক বয়োজ্যেষ্ঠ, গুণী-জ্ঞানী তথা বিশিষ্ট লোকে উপস্থিত থাকে।

ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক প্ৰিয়নাথ ডেকাক অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে জাপি, গামোচা আদিৰে উষ্ম সম্ভাষণ জনোৱা সভাখনৰ পূৰ্বে জলখানা-ভঠুৱাখানা জাতীয় বিদ্যালয়ৰ সঞ্চালক শৈলেন কলিতাই বন্তি প্ৰজ্বলন কৰাৰ পিছতে কনমানি শিক্ষাৰ্থী শিবানী কলিতাই এটা কবিতা আবৃত্তি কৰে।

Also Read: আজিৰে পৰা আৰম্ভ বৰাক ৰিভাৰ চাফাৰী...

প্ৰিয়নাথ ডেকা