চন্দ্ৰত 'চন্দ্ৰযান-৩'ৰ অৱতৰণৰ মহেন্দ্ৰক্ষণৰ সাক্ষী হ'বলৈ বিশ্বজুৰি উৎকণ্ঠা...

চন্দ্ৰত 'চন্দ্ৰযান-৩'ৰ অৱতৰণৰ মহেন্দ্ৰক্ষণৰ সাক্ষী হ'বলৈ বিশ্বজুৰি উৎকণ্ঠা...
চন্দ্ৰত 'চন্দ্ৰযান-৩'ৰ অৱতৰণৰ মহেন্দ্ৰক্ষণৰ সাক্ষী হ'বলৈ বিশ্বজুৰি উৎকণ্ঠা...

ডিজিটেল ডেস্কঃ সৰ্বত্ৰে কেৱল উৎকণ্ঠা। মাজত মাত্ৰ কেইটামান মুহূৰ্ত। সকলো ঠিকেই থাকিলে এক নতুন ইতিহাসৰ সাক্ষী হ'ব বিশ্ববাসী। বিশ্বৰ মহাকাশ অভিযানৰ ক্ষেত্ৰখনৰ বহু প্ৰশ্নৰ উত্তৰ দিব ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৱে।

ইছৰোৱে চন্দ্ৰলৈ প্ৰেৰণ কৰা চন্দ্ৰযান-৩ আজি চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ কথা। এই চন্দ্ৰযান-৩ ইতিমধ্যে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত উপনীত হৈছে। কিছু সময়ৰ পাছতে আজি সন্ধিয়াৰ ভাগত দক্ষিণ মেৰুত পৃষ্ঠভূমিত অৱতৰণ কৰিব চন্দ্ৰযান- য়ে।

সেয়ে সমগ্ৰ বিশ্বজুৰি বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে চন্দ্ৰযান-৩। ইতিমধ্যে ২৩ আগষ্টৰ সন্ধিয়া ৬ বাজি ০৪ মিনিটত চন্দ্ৰপৃষ্ঠত 'চন্দ্ৰযান-৩'ৰ অৱতৰণৰ সময় নিৰ্ধাৰণ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই।

ৰাছিয়াৰ চন্দ্ৰ অভিযান ‘লুনা-২৫’ বিফল হোৱাৰ পিছত সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ আছে ভাৰতৰ 'চন্দ্ৰযান-৩' ৰ ওপৰত। সকলো সুকলমে থাকিলে ২৩ আগষ্টৰ সন্ধিয়া নিৰ্ধাৰিত সময়ত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব লেণ্ডাৰ বিক্ৰমে।

অৱতৰণৰ প্ৰায় ২ ঘণ্টা পূৰ্বৰ পৰাই ‘ইছৰো’ৰ মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা হব ‘ছফ্ট লেণ্ডিং’ৰ প্ৰক্ৰিয়া। চন্দ্ৰপৃষ্ঠৰ ৩০ কিলোমিটাৰ ওপৰৰ পৰা ৰোভাৰ প্ৰজ্ঞানৰ সৈতে চন্দ্ৰপৃষ্ঠত অৱতৰণৰ চেষ্টা কৰিব লেণ্ডাৰ বিক্ৰমে।

চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পিছত পৃথিৱীৰ সময় অনুসৰি আগন্তুক ১৪ দিনৰ বাবে বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাব ৰ'ভাৰ প্ৰজ্ঞানে । চন্দ্ৰৰ দক্ষিণ মেৰুত পানীৰ সন্ধান কৰাৰ লগতে তাৰ গেছীয় পৰিৱেশ আৰু গহ্বৰবোৰৰো পৰীক্ষা কৰিব।

উল্লেখ্য যে, ১৪ দিনৰ বাবেহে কাৰ্যক্ষম হৈ থাকিব চন্দ্ৰযান-৩। কাৰণ চন্দ্ৰপৃষ্ঠত একেৰাহে ১৪ দিনৰ বাবে পৰে সূৰ্যৰ ৰশ্মি আনহাতে বাকী ১৪ দিনৰ বাবে ই সম্পূৰ্ণৰূপে অন্ধকাৰত ডুবি থাকে। চন্দ্ৰযান-৩ যিহেতু এক সৌৰচালিত যন্ত্ৰ সেয়েহে সূৰ্যৰ ৰশ্মি চন্দ্ৰপৃষ্ঠত পৰি থকা ১৪ দিনতে ই ইয়াৰ সকলো কাৰ্য সম্পন্ন কৰিব লাগিব।

ইফালে ৰোভাৰ প্ৰজ্ঞানক চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ দৃশ্য ইছৰোৱে লাইভ ষ্ট্ৰিমিং কৰিব। সেয়ে এই মহেন্দ্ৰ ক্ষণৰ সাক্ষী হ'বলৈ অসমৰ শিক্ষানুষ্ঠানসমূহ সন্ধিয়া ৬ বজালৈ খোলা ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

২২ আগষ্ট ২০২৩ ত সৰ্বশিক্ষা অভিযান মিছনৰ সঞ্চালক আই এ এছ ঔম প্ৰকাশে স্বাক্ষৰ কৰা No.SSA/Esst. Govt.corresponmdance/462/2023 নিৰ্দেশনা যোগে ৰাজ্যৰ বিদ্যালয়সমূহৰ চৌহদত চন্দ্ৰযান–৩ৰ ছফ্ট লেণ্ডিঙৰ লাইভ ষ্ট্ৰিমিঙৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। লগতে বিদ্যালয়ৰ ওচৰ পাজৰৰো ছাত্ৰ–ছাত্ৰীক এই লাইভ ষ্ট্ৰিমিং চাবলৈ আমন্ত্ৰণ জনোৱাৰো আহ্বান জনাইছে।

আনহাতে ডিৰক্টেৰেট অফ ছেকেণ্ডেৰী এড্যুকেশ্যনৰ সঞ্চালক মমতা হোজায়ে স্বাক্ষৰ কৰা No. E 361393 পত্ৰ যোগে অনুৰূপ নিৰ্দেশনা প্ৰদান কৰিছে। ইফালে শিক্ষানুষ্ঠানসমূহত এই পদক্ষেপ গ্ৰহণৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ সচিব আই এ এছ কে সঞ্জয় মূৰ্তিয়ে এক পত্ৰৰ দ্বাৰা এই আহ্বান জনাইছে।

চন্দ্ৰত 'চন্দ্ৰযান-৩'ৰ অৱতৰণৰ মহেন্দ্ৰক্ষণৰ সাক্ষী হ'বলৈ বিশ্বজুৰি উৎকণ্ঠা...
BTC ৰ উচ্ছেদক লৈ হাগ্ৰামাক সমালোচনাঃ বড়ো মানুহকো বিদেশী বুলি উচ্ছেদৰ বাবে জমাবন্দী দিছিল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in