/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/72d9f066-8e4d-43ca-bc5e-9feae7ae5f57/RANJIT_23.jpg)
BTC ৰ উচ্ছেদক লৈ হাগ্ৰামাক সমালোচনাঃ বড়ো মানুহকো বিদেশী বুলি উচ্ছেদৰ বাবে জমাবন্দী দিছিল...
ডিজিটেল সংবাদ কোকৰাঝাৰঃ বিটিচিৰ প্ৰাক্তন মুৰব্বী তথা বি পি এফ নেতা হাগ্ৰামা মহিলাৰীক সমালোচনাৰে থকাসৰকা কৰিলে বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে। শেহতীয়াকৈ বিটিআৰৰ উচ্চেছদক লৈ হাগ্ৰামা মহিলাৰী সৰৱ হোৱাৰ সময়তে ৰঞ্জিত বসুমতাৰীয়ে কেতবোৰ তথ্যৰে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ।
সংবাদ মাধ্যমৰ আগত তেওঁ উল্লেখ কৰা অনুসৰি, ২০১৯ চনৰ ৮ অক্টোবৰত বি পি এফ চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল জমাবন্দী। সেই জমাবন্দীত উল্লেখ কৰিছিল বি টি চিত থকা ১৯ টা বেল্ট এণ্ড ব্লকত ১,০১,৭২৩ জন ব্যক্তিয়ে বেদখল কৰিছে।
এই বেদখলকাৰীসকলৰ ভিতৰত ৮৩,৬৫৬ জন ব্যক্তি সংৰক্ষিত শ্ৰেণীৰ তালিকাভুক্ত ( protected class) আৰু ১৭,৪০৭ জন ব্যক্তি অসংৰক্ষিত শ্ৰেণীৰ তালিকাভুক্ত (Non protected class)। সংৰক্ষিত শ্ৰেণীৰ তালিকাভুক্ত ৮৩,৬৫৬ জন ব্যক্তিৰ হাতত বেদখলীকৃত মাটিৰ পৰিমাণ হ'ল ৩,৩১,৪৯৬ বিঘা ৪ কঠা ১০ লেচা। অসংৰক্ষিত শ্ৰেণীৰ তালিকাভুক্ত ১৭,৪০৭ জন ব্যক্তিৰ হাতত বেদখলীকৃত মাটিৰ পৰিমাণ হ'ল ৫৪,৭৯৮ বিঘা ২ কঠা ৯ লেচা ।
তেওঁ উল্লেখ কৰা অনুসৰি সেই সময়ত বিটিচিত থকা বি পি এফ চৰকাৰে ১৭,৪০৭ জন অসংৰক্ষিত শ্ৰেণীৰ তালিকা ভুক্ত (Non protected class) ব্যক্তিক উচ্ছেদ কৰিবলৈ জমাবন্দী দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ক । সেয়ে তেওঁ হাগ্ৰামাই সাপ হৈ খুটে , বেজ হৈ জাৰে বুলিও তীৰ্যক মন্তব্য কৰিছে।
লগতে তেওঁ বড়োভূমিত মাজে মধ্যে সংঘটিত হৈ অহা বিভিন্ন গোষ্ঠীগত সংঘৰ্ষৰ কথা উল্লেখ কৰি কয়, হাগ্ৰামা মহিলাৰীৰ দিনেত বড়ো -আদিবাসী, বড়ো -মুছলিম আদিৰ মাজত গোষ্ঠী সংঘৰ্ষ হৈছিল। বহু নিৰ্বিচাৰ হত্যাকাণ্ড সংঘটিত হৈছিল। প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে কিবা নহয় কিবা এটা দুৰ্ঘটনা ঘটে।
তেওঁ হাগ্ৰামা মহিলাৰীয়ে কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবেহে কাম কৰে বুলিও উল্লেখ কৰে। সেয়ে ৰঞ্জীত বসুমতাৰীয়ে হাগ্ৰামা মহিলাৰীক তৃতীয় শ্ৰেণীৰ নাগৰিক আখ্যা দিছে। তেওঁ কয়, হাগ্ৰামাৰ নিজ আত্মীয়ই ১৫০ বিঘা বনাঞ্চল বেদখল কৰি চাহবাগান বনাইছে। বড়ো জনগোষ্ঠীৰ মানুহকো উচ্ছেদ কৰিছিল হাগ্ৰামাই। বড়ো মানুহকো বিদেশী বুলি উচ্ছেদৰ বাবে জমাবন্দী দিছিল।
হাগ্ৰামাৰ ভূমিকাক কঠোৰ সমালোচনা কৰি কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে এক বৃহৎ ঘোষণাও কৰে। তেওঁ কয়, যদিহে ১৭,৪০৭ টা পৰিয়ালক আঁতৰাই দিব লগা হয় তেনেহ'লে ধৰি লওঁক তেওঁলোকৰ সমস্যা স্থায়ী সমাধান হৈ গ'ল। সেই ১৭,৪০৭ টা পৰিয়ালক ভূমি আৱণ্টন দিবলৈ বি টি চি চৰকাৰ প্ৰস্তত আছে।