CBSE য়ে বাতিল কৰিলে ২০ খন শিক্ষানুষ্ঠানৰ স্বীকৃতিঃ তালিকাত আছে অসমৰো বিদ্যালয়

৩ খন বিদ্যালয়ক ডাউনগ্ৰেড
CBSE য়ে বাতিল কৰিলে ২০ খন শিক্ষানুষ্ঠানৰ স্বীকৃতিঃ তালিকাত আছে অসমৰো বিদ্যালয়
CBSE য়ে বাতিল কৰিলে ২০ খন শিক্ষানুষ্ঠানৰ স্বীকৃতিঃ তালিকাত আছে অসমৰো বিদ্যালয়

ডিজিটেল ডেস্কঃ চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডেৰী এড্যুকেশ্যন চমুকৈ চি বি এছ ইয়ে ইয়াৰ অন্তৰ্গত দেশৰ মুঠ ২০ খন শিক্ষানুষ্ঠানৰ স্বীকৃতি বাতিল কৰিছে। আনহাতে তিনিখন শিক্ষানুষ্ঠানক ডাউনগ্ৰেড কৰিছে।

স্বীকৃতি বাতিল হোৱা ২০ খন শিক্ষানুষ্ঠানৰ ভিতৰত আছে অসমৰো এখন শিক্ষানুষ্ঠান। সেইদৰে ডাউনগ্ৰেড হোৱা শিক্ষানুষ্ঠানৰ তালিকাতো আছে অসমৰ আন এখন শিক্ষানুষ্ঠান।

স্বীকৃতি বাতিল হোৱা শিক্ষানুষ্ঠানখন হৈছে দিছপুৰস্থিত ছাই আৰ এন এছ একাডেমী। আনহাতে ডাউনগ্ৰেড হোৱা অসমৰ শিক্ষানুষ্ঠানখন হৈছে বৰপেটাৰ শ্ৰীৰাম একাডেমী।

উল্লেখ্য যে, চি বি এছ ইয়ে ইয়াৰ অন্তৰ্গত দেশৰ শিক্ষানুষ্ঠানসমূহ পৰিদৰ্শন কৰি স্বীকৃতিৰ বাবে প্ৰয়োজনীয় নীতি নিয়মসমূহ মানি চলিছে নাই সেই বিষয়ে পৰ্যালোচনা কৰাৰ অন্তত ২০ খন শিক্ষানুষ্ঠানত অযোগ্য শিক্ষাৰ্থীক নামভৰ্তিকৰণ, অসদ আচৰণ, ৰেকৰ্ড ৰক্ষাণাবেক্ষেণ নকৰাকে ধৰি বিভিন্ন নীতি বৰ্হিভূত কাম কৰাৰ তথ্য পোহৰলৈ আহে।

সেয়ে এই ২০ খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰাৰ লগতে আন ৩ খন বিদ্যালয়ক ডাউনগ্ৰেড কৰিছে। স্বীকৃতি বাতিল হোৱা বিদ্যালয়সমূহৰ তালিকাত দিল্লীৰ ৫ খন, ৰাজস্থানৰ ২ খন, ছত্তিশগড়ৰ ২ খন, মহাৰাষ্ট্ৰৰ ২ খন, উত্তৰ প্ৰদেশৰ ৩ খন, কেৰালাৰ ২ খন, উত্তৰাখণ্ড, জম্মু কাশ্মীৰ, মধ্যপ্ৰদেশ, অসমৰ এখনকৈ বিদ্যালয় আছে। সেইদৰে ডাউন গ্ৰেড হোৱা বিদ্যালয় তিনিখনৰ এখন অসমৰ বৰপেটাৰ আৰু বাকী দুখন দিল্লী আৰু পঞ্জাৱৰ।

CBSE য়ে বাতিল কৰিলে ২০ খন শিক্ষানুষ্ঠানৰ স্বীকৃতিঃ তালিকাত আছে অসমৰো বিদ্যালয়
অসম বাৰ্তাজীৱী সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in