/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/048662a8-21f0-449b-9bbc-3d3c91a0257b/BARTA_22.jpg)
ডিজিটেল সংবাদ নগাঁও: অসম বাৰ্তাজীৱী সংঘৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে নগাঁৱত অনুষ্ঠিত হোৱা শুভাৰম্ভণি অনুষ্ঠানৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী পুৱা ৫০ খন পতাকা উত্তোলনেৰে আৰম্ভ হয়। পতাকা উত্তোলনৰ মূল পতাকাখন উত্তোলন কৰে অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসুদন মেধীয়ে৷
নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ উদ্যোগত নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠ প্ৰাঙ্গনত আয়োজন কৰা এই অনুষ্ঠান দিনৰ ১১:৪৫ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাৰ পূৰ্বে পুৱা পতাকা উত্তোলনৰ পিছতে স্মৃতি তৰ্পণ কৰে অসম বাৰ্তাজীৱী সংঘৰ উপ-সভাপতি অঞ্জন কুমাৰ শৰ্মাই ৷ সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ অনুষ্ঠানৰ আঁত ধৰা কাৰ্যসূচীৰ পৰৱৰ্তী সময়ত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসুদন মেধিৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্বোধন কৰে নগাঁও মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে।
উদ্বোধনী ভাষণত তেওঁ কয়- সাংবাদিকসকল হৈছে ইতিহাসৰ পৃষ্ঠা লিখা একো একোজন লিখক ৷ সাংবাদিকসকলে লিখা একো একোটা লিখাৰ পৰাই বুৰঞ্জী হয় ৷ একেদৰে প্ৰতিদিনৰ বতৰৰ পৰা যিদৰে জলবায়ুৰ সৃষ্টি হয় ঠিক সেইদৰে সাংবাদিকসকলে লিখা ঘটনাসমূহৰ পৰাও সৃষ্টি হয় বুৰঞ্জীৰ বুলি অভিমত ব্যক্ত কৰাৰ লগতে একালৰ সাংবাদিক বৰকটকীয়ে সাংবাদিকৰ চিন্তাৰ স্বাধীনতাৰ বিষয়ে উল্লেখ কৰি সাংবাদিকসকলে চিন্তাৰ স্বাধীনতাক সঠিকভাৱে আগুৱাই নিছে নে নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷
অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাত অসমীয়া প্ৰতিদিন কাকতৰ বাৰ্তা সম্পাদক পাৰ্থদেৱ গোস্বামী, বাৰ্তাজীৱী সংঘৰ কেন্দ্ৰীয় সচিব তথা অসমীয়া খবৰ কাকতৰ কাৰ্যবাহী সম্পাদক বিশ্বজিত দাস বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। মুকলি সভাত নগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি বৰ্গই যোগদান কৰা অসম বাৰ্তাজীৱী সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানৰ নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক ভাস্কৰজ্যোতি মেধীৰ শলাগৰ শৰাইৰে সামৰণি পৰে ৷
Also Read: নতুন ভোটাৰৰ বাবে নগাঁৱত সজাগতা ৰেলী...