নেডফি হাউচত কেৰিয়াৰ মেলা সম্পন্ন...

নেডপি হাউচত কেৰিয়াৰ মেলা সম্পন্ন...
নেডপি হাউচত কেৰিয়াৰ মেলা সম্পন্ন...

ডিজিটেল ডেস্কঃ আজি দিশপুৰৰ NEDFi হাউচত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ অধীনস্থ নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ সৌজন্যত মেগা কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰামৰ লগতে কেৰিয়াৰ মেলা অনুষ্ঠিত কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰয়াসত অনুষ্ঠিত এই কেৰিয়াৰ ফেয়াৰৰ দ্বাৰা বিদ্যাৰ্থীসকলৰ মনত কেৰিয়াৰ সম্পৰ্কীয় উৎসুকতা সৃষ্টি তথা সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হৈছে।

উল্লেখযোগ্য যে এইবাৰৰ কেৰিয়াৰ ফেয়াৰত ৰাজ্যৰ লগতে দেশৰ সৰ্বমুঠ ৩০টা প্ৰতিষ্ঠিত অনুস্থানে যোগদান কৰিছে যাৰ যোগেদি সময়ৰ সৈতে সংগতি থকা বিভিন্ন পাঠ্যক্ৰমৰ বিষয়ে অৱগত হোৱাৰ লগতে যুৱক-যুৱতীসকলে বিভিন্ন প্ৰতিষ্ঠানত উপলব্ধ ন ন তথা অপৰম্পৰাগত পাঠ্যক্ৰমৰ বিষয়ে জানিবলৈ সুযোগ পাইছে। উল্লেখনীয় যে, আজিৰ এই কেৰিয়াৰ মেলাত ২০০ খনতকৈও অধিক শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অনলাইন ভাৰ্চুৱেলী তথা প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰে।

নেডপি হাউচত কেৰিয়াৰ মেলা সম্পন্ন...
দ্বাপৰ নহয়, কলি যুগত কোনে ব্যৱহাৰ কৰিছে এই অস্ত্ৰ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in