দ্বাপৰ নহয়, কলি যুগত কোনে ব্যৱহাৰ কৰিছে এই অস্ত্ৰ?
দ্বাপৰ নহয়, কলি যুগত কোনে ব্যৱহাৰ কৰিছে এই অস্ত্ৰ?

দ্বাপৰ নহয়, কলি যুগত কোনে ব্যৱহাৰ কৰিছে এই অস্ত্ৰ?

আজি মনত পৰিছে কিছু বছৰৰ আগতে দূৰদৰ্শনত চোৱা 'মহাভাৰত' ধাৰাবাহিকখনৰ কথা। তাৰো আগতে কেইবাবাৰো পঢ়িছিলো 'কথা মহাভাৰত'। মহাভাৰতৰ কথা উল্লেখ কৰাৰ সময়তে ভাৰত বংশৰ কিদৰে বিস্তাৰিত হৈছিল, পিতামহ ভীস্মৰ প্ৰতিজ্ঞা, ৰাজপুত্ৰ কৌৰৱ, পাণ্ডৱৰ শৈশৱ-কৈশোৰ, যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞ, শকুনিৰ পাশাখেল আৰু পাণ্ডৱৰ বনবাসৰ পৰ্যায়ক্ৰমে যুদ্ধৰ প্ৰস্তুতিৰ পৰা যুদ্ধৰ অন্ত পৰালৈ সকলো দৃশ্য মনত ভাঁহি আহিছে।

মনত পৰিছে দূৰদৰ্শনত দেখা যুদ্ধৰ সেই দৃশ্যসমূহ। এজন বীৰে আন এজনৰ বীৰৰ সৈতে কিদৰে কৰিছিল যুদ্ধ। মহাভাৰতৰ সেই যুদ্ধত সৰ্বাধিক শক্তিশালী অস্ত্ৰবিধেই আছিল 'ব্ৰহ্মাস্ত্ৰ'। এই ব্ৰহ্মাস্ত্ৰৰ সৃষ্টিকৰ্তা স্বয়ং ব্ৰহ্মা।

সমগ্ৰ বিশ্বৰ সৃষ্টিকৰ্তা ব্ৰহ্মাই সৃষ্টিৰ সমস্ত কাম-কাজ নিয়মমাফিক কৰিবলৈ বা নিয়ন্ত্ৰণত ৰাখিবলৈকে এই অস্ত্ৰ তৈয়াৰ কৰিছিল। এই অস্ত্ৰৰ আছিল বহু অলৌকিক ক্ষমতা।

এই অস্ত্ৰ ব্যৱহাৰ কৰা মাত্ৰকেই নিমিষতে ধ্বংস হৈ যাব পাৰে সমগ্ৰ বিশ্ব। হিন্দু ধৰ্মীয় গ্ৰন্থত উল্লেখিত সকলোতকৈ ধ্বাংসাত্মক আৰু শক্তিশালী আৰু অপ্ৰতিৰোধ্য অস্ত্ৰ বিধেই হৈছে ব্ৰহ্মাস্ত্ৰ। মহাভাৰতৰ যুদ্ধত অৱশ্যে বহু কেইবাৰ এই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিবলৈ চেষ্টা কৰাৰ পিছতো সেয়া হৈ উঠা নাছিল।

এয়া আছিল দ্বাপৰ যুগৰ কথা। সেই যুগত যিদৰে শত্ৰুপক্ষক পৰাস্ত কৰিবলৈ, বিশ্বক ধ্বংস কৰিব পৰাকৈ ব্ৰহ্মাস্ত্ৰ আছিল ঠিক সেইদৰে এতিয়া কলি যুগতো শাসক পক্ষই বিৰোধীক নিয়ন্ত্ৰণ কৰিবলৈ বা এখন ৰাজ্যৰ চৰকাৰ পতন ঘটাই নিজা চৰকাৰ গঠন কৰিবলৈ ব্ৰহ্মাস্ত্ৰৰ দৰেই এক অস্ত্ৰ তৈয়াৰ কৰি লৈছে।

কলি যুগৰ ভাৰতৰ এই আধুনিক অস্ত্ৰ বিধ হৈছে ই ডি। যাৰ সম্পূৰ্ণ নাম Directorate of Enforcement বা প্ৰৱৰ্তন সঞ্চালকালয়। শেহতীয়াকৈ দেশৰ ৰাজনীতিত এই ব্ৰহ্মাস্ত্ৰ সদৃশ ইডিক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে।

কেন্দ্ৰীয় স্বতন্ত্ৰ তদন্তকাৰী সংস্থাসমূহত হস্তক্ষেপ কৰি কেন্দ্ৰীয় বিজেপি চৰকাৰে নিজৰ সুবিধা অনুসৰি ব্যৱহাৰ কৰাৰ অভিযোগ নতুন নহয়। চি বি আই, ই ডি, আয়কৰ বিভাগ, আই বি আদি সংস্থাসমূহক কেন্দ্ৰীয় চৰকাৰে ৰাজনৈতিক উদ্দেশ্য পূৰণত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে বিৰোধী ৰাজনৈতিক দলসমূহে।

এই সংস্থাসমূহৰ ভিতৰত সৰ্বাধিক ৰাজনৈতিক হস্তক্ষেপ ই ডি আৰু চি বি আইতে চলি আছে বুলি চৰ্চা চলিছে। শেহতীয়াকৈ দেশৰ কেইবাখনো ৰাজ্যত বিৰোধী ৰাজনৈতিক দলসমূহৰ বাবে ইডি সন্ত্ৰাসৰ আন এক নাম হৈ পৰিছে।

দিল্লীৰ সুৰা কেলেংকাৰীক কেন্দ্ৰ কৰি আম আদমি পাৰ্টীৰ কেইবাজনো নেতাক ইডিয়ে গ্ৰেপ্তাৰ কৰি বন্দী কৰি ৰাখিছে। অৰবিন্দ কেজৰিৱাললৈ পাঁচবাৰকৈ চমন জাৰি কৰিছে। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক ভূমি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে।

দেশৰ ৰাজনীতিত 'বিশ্বাসঘাটক' হিচাপে পৰিচিত হোৱা নীতিশ কুমাৰৰ শেহতীয়া স্থিতিও এই ইডিৰেই ফচল বুলি চৰ্চা চলিছে। এয়া কেৱল মাত্ৰ তিনিখন ৰাজ্যৰ তিনিটা উদাহৰণহে। ইডিৰ ত্ৰাসত ইতিমধ্যে দল এৰি বিজেপিত যোগদান কৰা, বিজেপিৰে মিত্ৰতা কৰা নেতা আৰু ৰাজনৈতিক দলৰ তালিকাখন সৰু নহয়।

মন কৰিবলগীয়া কথাটো হ'ল এই আটাইবোৰ নেতাই কিন্তু বিজেপিৰ বিৰুদ্ধে শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছিল। অৰবিন্দ কেজৰিৱালৰ দল আম আদমি পাৰ্টিৰ যদিও দেশৰ সকলো প্ৰান্ততে গণভিত্তি নাই তথাপিও কেজৰিৱাল বিজেপিৰ বাবে অন্যতম মূৰৰ কামোৰণি।

দিল্লীৰ পাছত এই দলটোৱে পঞ্জাৱ দখল কৰিলে। উত্তৰ ভাৰতৰ আন কেইবাখনো ৰাজ্যত ক্ৰমান্বয়ে এই দলটো শক্তিশালী হৈ উঠিছে। ইতিমধ্যে ৰাষ্ট্ৰীয় দলৰ স্বীকৃতিপ্ৰাপ্ত আম আদমি পাৰ্টীৰ নেতা অৰবিন্দ কেজকিৱালক নতুন প্ৰজন্মই ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী হিচাপেও আখ্যা দিছে।

কেজৰিৱালৰ দিল্লী মডেল বিশ্বব্যাপী চৰ্চিত হৈছে। দিল্লী মডেলে মোডীৰ গুজৰাট মডেলক প্ৰত্যাহ্বান জনাইছে। বিশেষকৈ দিল্লীৰ শিক্ষা ব্যৱস্থা, স্বাস্থ্য খণ্ড আৰু কেজৰিৱালৰ কেতবোৰ নীতিয়ে বিজেপিক সংকিত কৰি আহিছে। সেয়ে দলটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত শাসকীয় বিজেপি নিমজ্জিত হৈছে বুলি দলটোৱে মুকলি অভিযোগ কৰি আহিছে।

বিৰোধী দলসমূহৰ উমৈহতীয়া মঞ্চ 'ইণ্ডিয়া' গঠন কৰাত মুখ্য ভূমিকা লোৱা মানুহজন আছিল নীতিশ কুমাৰ। আনকি নীতিশ কুমাৰক বহুতেই মোডীৰ বিকল্প হিচাপে প্ৰক্ষেপ কৰাৰো দাবী কৰিছিল। মৰি গ'লেও বিজেপিত চামিল ন'হও বুলি কোৱা নীতিশ কুমাৰে মাত্ৰ ২৪ ৰ ঘণ্টাৰ ভিতৰত নিজা স্থিতি সলনি কৰিবলৈ বাধ্য হৈছিল।

ৰাজনৈতিক বিশেষজ্ঞসকলে দাবী কৰিছে বিহাৰৰ এই ৰাজনৈতিক পট পৰিৱৰ্তনৰ পূৰ্বানুমান ২০২৩ ৰ জুন মাহতেই তেওঁলোকে লাভ কৰিছিল। তেতিয়াই চিত্ৰনাট্য ৰচনা কৰিছিল কেন্দ্ৰীয় চৰকাৰে। নীতিশ কুমাৰে ইণ্ডিয়া গোট গঠনৰ পৃষ্ঠপোষকতা কৰি থকাৰ সময়তে ২০২৩ ৰ জুন মাহত বিহাৰত ইডিয়ে আৰম্ভ কৰিছিল অভিযান।

নীতিশ কুমাৰৰ অতি ঘনিষ্ঠ মন্ত্ৰী লালন সিঙৰ অতি ঘনিষ্ঠ ঠিকাদাৰ গম্বু সিঙৰ বিৰুদ্ধে ইডিয়ে আৰম্ভ কৰিছিল অভিযান। ইয়াৰ পিছত অভিযান চলিছিল আন এগৰাকী ব্যৱসায়ী কাৰো সিঙৰ বিৰুদ্ধে। এই কাৰো সিঙো আছিল নীতিশ কুমাৰৰ মন্ত্ৰী সভাৰ বিত্তমন্ত্ৰীগৰাকীৰ ঘনিষ্ঠ।

বহুতেই ক'ব বিচাৰে এয়া আছিল কেন্দ্ৰীয় চৰকাৰৰ নীতিশৰ বিৰুদ্ধে একপ্ৰকাৰৰ সতৰ্ক। কিন্তু নীতিশে এই সতৰ্ককো আওকাণ কৰি ইণ্ডিয়াক শক্তিশালী কৰিবলৈ পদক্ষেপ অব্যাহত ৰখাত ইডিয়ে ঠিকাদাৰ, ব্যৱসায়ীক এৰি জনতা দল ইউনাইটেডৰ নেতাৰ বিৰুদ্ধেও অভিযান আৰম্ভ কৰে।

ফলশ্ৰুতিত দলীয় বিধায়ক,মন্ত্ৰীৰ হেঁচাত পৰি বিজেপিৰ ব্ৰহ্মাস্ত্ৰস্বৰূপ ইডিৰ ভয়ত আত্মসমৰ্পণ কৰে নীতিশ কুমাৰে। সেয়ে হয়তো পদত্যাগ কৰাৰ আগমুহূৰ্তলৈকে তেওঁৰ মুখৰ পৰা আনুষ্ঠানিকভাৱে কোনো মন্তব্য অহা নাছিল।

আনকি কি কাৰণত মহাগঠনবন্ধন চৰকাৰৰ পতন হ'ল, ইণ্ডিয়া গোট এৰি এন ডি এত জে ডি ইউ চামিল হ'ল তাৰো কোনো শক্তিশালী যুক্তি এই পৰ্যন্ত দিব পৰা নাই নীতিশে। বিহাৰৰ এনে ৰাজনৈতিক পৰিস্থিতিৰ মাজতে আকৌ ২৯ জানুৱাৰীত হঠাৎ খবৰ আহিল গ্ৰেপ্তাৰ হ'ব পাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন।

পৰৱৰ্তী সময়ত সেয়াই হ'ল। গ্ৰেপ্তাৰ হ'ল ঝাৰখণ্ডৰ প্ৰথমগৰাকী আদিবাসী মুখ্যমন্ত্ৰী। তেওঁক গ্ৰেপ্তাৰৰ সময়ত ইডিয়ে দিল্লীস্থিত চোৰনৰ বাসগৃহৰ পৰা জব্দ কৰিলে ৩৬ লাখ টকা আৰু এখন বি এম ডব্লিউ কাৰ।

এইগৰাকী হেমন্ত চোৰেনো আছিল ইণ্ডিয়া গোটৰ অন্যতম পৃষ্ঠপোষক। নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে এইগৰাকী মুখ্যমন্ত্ৰীয়ে আক্ৰমণাত্মক স্থিতি লৈ আহিছে। অৱশ্যে সেই বিষয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট চৰ্চা লাভ কৰা নাছিল। কিন্তু মোডী, শ্বাহৰ হিটলিষ্টত আছিল এইজন মুখ্যমন্ত্ৰীৰ নাম।

এই পৰ্যন্ত ইডিৰ অভিযান চলিছে মুঠ ৪ গৰাকী বিৰোধী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। ইয়াৰ পূৰ্বে ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু তেওঁৰ মন্ত্ৰীসভাৰ একাংশ মন্ত্ৰীৰ বিৰুদ্ধে অভিযান চলাইছিল।

ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইডিয়ে অভিযান চলাইছিল। অৱশ্যে তেওঁক গ্ৰেপ্তাৰ নকৰিলে যদিও ৰাজ্যখনৰ নিৰ্বাচনত বিজেপিয়ে এই বিষয়টোক এটা ৰাজনৈতিক ইছ্যুলৈ পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছিল।

একেদৰে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ, তদানীন্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱকো ইডিয়ে চাকৰিৰ বিনিময়ত ভূমি কেলেংকাৰীৰ সন্দৰ্ভত জেৰা কৰিছে।দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল গ্ৰেপ্তাৰ হোৱাৰ দিশে। মনিষ চিছোদিয়া, সঞ্জয় সিং, সত্যেন্দ্ৰ জৈন আছে কাৰাগাৰত।

এইদৰেই এতিয়া বিৰোধী নেতাৰ বাবে ত্ৰাসৰ আন এক নাম হৈ পৰিছে বিজেপিৰ ব্ৰহ্মাস্ত্ৰ ইডি। বিৰোধীয়ে ইডিক ৰাজনৈতিক উদ্দেশ্যত শাসকীয় পক্ষই ব্যৱহাৰ কৰি অহাৰ অভিযোগক এক পৰিসংখ্যায়ো মান্যতা প্ৰদান কৰিছে।

তথ্য অনুসৰি ২০১৪ চনৰ পিছত ইডিয়ে ৰুজু কৰা গোচৰৰ ৯৫ শতাংশই বিৰোধী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে। কেৱল ইডিয়েই নহয় চি বি আইয়ো এই ক্ষেত্ৰত পিছপৰি থকা নাই। চি বি আইৰো ৯৫ শতাংশ গোচৰেই বিৰোধী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে আছে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ইডিয়ে ৰুজু কৰা গোচৰৰ বিপৰীতে নিষ্পত্তি কৰা গোচৰৰ সংখ্যা কিন্তু তেনেই নগন্য। ইডিয়ে নিষ্পত্তি কৰা গোচৰৰ হাৰ মাত্ৰ ০.৪২ শতাংশ।

তথ্য অনুসৰি ২০২৩ লৈকে ইডিয়ে পঞ্জীয়ন কৰিছে ৫ হাজাৰ ৯০৬ টা গোচৰ। ইয়াৰে মাত্ৰ ১ হাজাৰ ১৪২ টা গোচৰৰহে অভিযোগপত্ৰ দাখিল কৰিব পাৰিছে ইডিয়ে। ইয়াৰে আকৌ মাত্ৰ ২৫ টা গোচৰহে নিষ্পত্তি হৈছে।

ইডিয়ে দাবী কৰিছে তেওঁলোকৰ গোচৰৰ ৯৬ শতাংশই দোষী সাব্যস্ত হৈছে। দৰাচলতে ইডিয়ে কোৱা সেই ৯৬ শতাংশ গোচৰ পঞ্জীয়ন হোৱা ৫ হাজাৰ ৯০৬ টা গোচৰৰ নহয়। তেওঁলোকে ৫ হাজাৰ ৯০৬ টা গোচৰৰ ভিতৰত যি ২৫ টা গোচৰ মীমাংসা কৰিবলৈ সক্ষম হৈছে তাৰ হে ৯৬ শতাংশ।

অৰ্থাৎ ইডিয়ে ৫ হাজাৰ ৯০৬ টা গোচৰ ভিতৰত ২৫ টা গোচৰ মীমাংসা কৰিছে। মীমাংসিত ২৫ টা গোচৰৰ ভিতৰত ২৪ জন দোষী সাব্যস্ত হৈছে। তেওঁলোকে কোৱা ৯৬ শতাংশ হৈছে সেই ২৫ টা গোচৰৰহে।

দ্বাপৰ নহয়, কলি যুগত কোনে ব্যৱহাৰ কৰিছে এই অস্ত্ৰ?
তেওঁলোক আছে মানে দেশ কুশলে আছেঃ থমকি নৰয় মূৰত পাহাৰ খহিলেও !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in