অসম বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নতিৰ বাবে আন্দোলন কৰিব বি ডি ৱাই এফে...

অসম বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ  উন্নতিৰ বাবে আন্দোলন কৰিব বি ডি ৱাই এফে...
অসম বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নতিৰ বাবে আন্দোলন কৰিব বি ডি ৱাই এফে...

ডিজিটেল ডেস্কঃ অসম বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিস্থিতিৰ অৱনতি ঘটিছে। বৰাকৰ জনসাধাৰণৰ দীৰ্ঘ সংগ্ৰামৰ ফচল অসম বিশ্ববিদ্যালয়ৰ হেৰুওৱা শৈক্ষিক পৰিস্থিতি পুনৰউদ্ধাৰৰ বাবে প্ৰয়োজনত পুনৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ বৰাক ডেমক্ৰেটিক য়ুথ ফ্ৰণ্টৰ ।

এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে সংগঠনটোৱে। উক্ত প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সংগঠনটোৰ মুখ্য আহ্বায়ক কল্পৰ্ণৱ গুপ্তাই কয় যে, অসম আৰু তেজপুৰ বিশ্ববিদ্যালয়ে একে সময়তে যাত্ৰাৰ আৰম্ভ কৰিছিল। কিন্তু ৰাষ্ট্ৰীয় ৰেংকিং অনুসৰি তেজপুৰ বিশ্ববিদ্যালয় চতুৰ্থ স্থানত আছে। কিন্তু অসম বিশ্ববিদ্যালয়ৰ স্থান ১৪৯।

দৰাচলতে ১০০ৰো অধিক হ'লে ৰেংকিং দিয়াৰ কোনো নিয়মেই নাই। গতিকে ইয়াৰ পৰাই আজিৰ অসম বিশ্ববিদ্যালয়ৰ দুৰ্দশা বুজিব পাৰি। তেওঁ কয় যে, এনে পৰিস্থিতিৰ বাবে বৰাক উপত্যকাৰ শিক্ষাৰ্থীসকলে তেজপুৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি আছে।

ইয়াতকৈ বেছি লজ্জাজনক কি হ'ব পাৰে? সংগঠনটোৰ মুখ্য আহ্বায়কগৰাকীয়ে পুনৰ কৈছে অসম বিশ্ববিদ্যালয়ৰ মানদণ্ডৰ এই অৱনতিৰ মূল কাৰণ শাসকীয় দলৰ ৰাজনীতি। বৰ্তমান আৰু পূৰ্বৰ উপাচাৰ্যসকল বছৰৰ আধা দিনেই শিলচৰৰ বাহিৰত থাকে।

শিলচৰত থকাৰ দিনকেইটাত আধাতকৈও অধিক সময় বিভিন্ন অনুষ্ঠান আদিত সময় অতিবাহিত কৰে। ফস্বৰূপে এই বিশ্ববিদ্যালয়খন অভিভাৱকহীন হৈ পৰিছে।

ইয়াৰ সুযোগ লৈ শিক্ষক আৰু অন্যান্য কৰ্মচাৰীৰ এটা অংশই নিৰ্বিচাৰভাৱে নিজৰ দায়িত্ব পালনৰ পৰা বিৰত আছে। যাৰ ফলত অনিয়মীয়া পৰীক্ষা, প্ৰশ্নকাকতত ভুল, ফলাফল প্ৰকাশত পলম, ফলাফল পত্ৰিকাত ভুল ইত্যাদিৰ ঘটনা বৃদ্ধি পাইছে।

উপাচাৰ্য, পঞ্জীয়ক আৰু নিয়ন্ত্ৰকৰ তিনিওটা পদতে অদক্ষ লোকসকলে কাম কৰি আছে। সেয়ে সংগঠনটোৰ দাবী এই অদক্ষ লোকসকলক তৎক্ষণাত আঁতৰ কৰিব লাগে। অন্যথা বিশ্ববিদ্যালয়খনৰ এই দূৰৱস্থাৰ পৰা মুক্ত হোৱাৰ কোনো সম্ভাৱনা নাই।

সংগঠনটোৰ মুখ্য আহ্বায়কগৰাকীয়ে পুনৰ কয় যে,পৃথিৱীৰ প্ৰতিখন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ইতিহাস, ইয়াৰ ভেটি পাঠ্যক্ৰমত শিকোৱাৰ নিয়ম আছে। কিন্তু অসম বিশ্ববিদ্যালয় একমাত্ৰ ব্যতিক্ৰম। প্ৰতিষ্ঠা হোৱাৰ ২৯ বছৰ পাছতো এই বিশ্ববিদ্যালয়ৰ উদ্যোগত এই বিষয়ত কোনো প্ৰামাণিক কিতাপ প্ৰকাশ কৰা হোৱা নাই।

যেতিয়া সুভাষ সাহা উপাচাৰ্য আছিল, অধ্যাপক সুবীৰ কৰক অধ্যক্ষ হিচাপে লৈ এখন সমিতি গঠন কৰা হৈছিল আৰু বিত্তীয় অনুদান আৱণ্টন কৰা হৈছিল। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত, সমিতিয়ে এখন কিতাপ প্ৰস্তুত কৰিছিল আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষক বুজাই দিছিল।

কিন্তু ৰহস্যজনক কাৰণত, সেই কিতাপ এতিয়াও প্ৰকাশ কৰা হোৱা নাই। কল্পৰ্ণৱে অভিযোগ কৰি কয় যে, তেওঁলোকৰ ওচৰত তথ্য আছে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক প্ৰদোষ নাথে কিতাপখনৰ প্ৰকাশ বন্ধ কৰিবলৈ আৰু দিছপুৰৰ জাতীয়তাবাদীসকলৰ হৈ কাম কৰিবলৈ উপাচাৰ্যসকলক বিপথে পৰিচালিত কৰিছে। সেয়ে তেওঁলোকে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কক তৎক্ষণাত অপসাৰণৰো দাবী জনাইছে।

যুৱ ফ্ৰণ্টৰ আন এজন আহ্বায়ক বাহাৰ আহমেদ চৌধুৰীয়ে কয় যে, বৰ্তমানৰ উপাচাৰ্যগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ উন্নয়নৰ বাবে সকলো প্ৰাক্তন উপাচাৰ্য, বৰাকৰ সকলো মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু বৰাকৰ বিশিষ্ট শিক্ষাবিদসকলক লৈ এখন সমিতি গঠন কৰিবলৈ তৎক্ষণাত উদ্যোগ ল'ব লাগে। আৰু এই সমিতিৰ সকলো পৰামৰ্শ এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিব লাগিব।

তেওঁলোকে কয় যে বৰাকৰ ৪০ লাখ লোকৰ সংগ্ৰাম আৰু সপোনৰ ফলস্বৰূপে বিশ্ববিদ্যালয়খনক কোনো পৰিস্থিতিত পাচগ্ৰাম কাগজ কলৰ দৰে ধ্বংসৰ পথত যাবলৈ দিয়া নহ'ব। প্ৰয়োজন হ'লে বি ডি ৱাই এফে এই উদ্দেশ্যৰ বাবে দ্বিতীয় আন্দোলন গঢ়ি তুলিব।

অসম বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ  উন্নতিৰ বাবে আন্দোলন কৰিব বি ডি ৱাই এফে...
হেঙেৰাবাৰীৰ হোমেন বৰগোহাঞিৰ ঘৰটোও...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in