/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/589448bd-8a43-4a5b-88e2-edb59abe6268/AP_FOR_WEB_NEW____bikhekh_lekha_1.jpg)
হেঙেৰাবাৰীৰ হোমেন বৰগোহাঞিৰ ঘৰটোও...
মৃদুল কুমাৰ সন্দিকৈ
হেঙেৰাবাৰী হাউচিং কলনি। প্ৰায় ১৪ বিঘা মাটি সামৰি নিৰ্মাণ কৰা ঘৰবোৰত বহু বিশিষ্ট লোক আছিল আৰু আছে। একপ্ৰকাৰৰ উচ্ছেদ চলাবলৈ সাজু হৈছে হাউচিং ব'ৰ্ড। ঘৰবোৰৰ পুৰণিৰ দোহাই দি হাউচিং ব'ৰ্ডৰ সেই বিল্ডিংবোৰ ভাঙি পেলাবলৈ প্ৰস্তুতি চলিছে।
২০৬ টা পৰিয়াল বাস কৰা এই ঘৰবোৰৰ এক ইতিহাস আছে। শ্বিলঙৰ পৰা ৰাজধানী গুৱাহাটীলৈ স্থানান্তৰ কৰোঁতে অসম চৰকাৰৰ মূলতঃ ৪ টা মূল বিভাগ আছিল। যিবোৰক কোৱা হৈছিল পেৰেণ্ট ডিপাৰ্টমেণ্ট।
সেই কেইটা আছিল, হাউচিং এণ্ড আৰবান ডেভলপমেণ্ট, পি ডব্লিউ ডি, সমাজ কল্যান আৰু জনস্বাস্থ্য। চৰকাৰে এক সিদ্ধান্ত লৈ চৰকাৰী চিলিং মাটি হাউচিং ব'ৰ্ডক প্ৰদান কৰিছিল।
উদাহৰণ হিচাপে হাউচিং ব'ৰ্ডক ভেটাপাৰত ১১০ বিঘা, খাৰঘূলি পাহাৰত ৩০০ বিঘা মাটি আৱন্তন দিয়া হৈছিল। সেই অনুযায়ী হাউচিং ব'ৰ্ডে জনকল্যাণ আঁচনিৰ শিতানত এছ আই এইছ বুলি খাৰঘূলিত গৃহ নিৰ্মাণৰ সিদ্ধান্ত লয়।
হাউচিং এণ্ড আৰবান বিভাগৰ অধীনত ১৯৭২ চনত হাউচিং ব'ৰ্ড গঠন কৰা হয় আৰু ইয়াৰ দায়িত্ব এখন গভৰ্নিং বডীলৈ স্থানান্তৰ কৰা হয়। হাউচিং এণ্ড ডেভলপমেণ্টৰ বিভাগীয় মন্ত্ৰীজন এই গভৰ্নীং বডীৰ চেয়াৰমেন হয়।
এই নিয়মেৰে হাউচিং ব'ৰ্ড চলি আহিছিল। ইয়াৰ উপৰিও এজন চৰকাৰী বিষয়া, বিৰোধী ৰাজনৈতিক দলৰ বিধায়ক প্ৰতিনিধি হিচাপে এই ব'ৰ্ডৰ ৰখোৱাৰ ব্যৱস্থা কৰা হৈছিল। হাউচিং ব'ৰ্ডৰ জনকল্যাণ আঁচনিৰ অধীনতে হেঙেৰাবাৰীতো কিছু ঘৰ বনৱো হৈছিল।
মুঠ ৩ টা শ্ৰেণীত এই ঘৰবোৰ বিভক্ত কৰি ১৯৮৩ চনৰ পৰাই ঘৰবোৰ আৱণ্টন দিয়া হৈছিল। হিতেশ্বৰ শইকীয়াৰ দিনত সেই ঘৰবোৰৰ মালিকীস্বত্ব আৱণ্টন দিয়া লোকসকলক দিয়াৰ চিন্তা, চৰ্চা কৰা হৈছিল যদিও সেইয়া সম্ভৱ নহ'ল বিভিন্ন কাৰণত।
অতি শেহতীয়াকৈ হাউচিং ব'ৰ্ডৰ অধীনস্থ হেঙেৰাবাৰীৰ ঘৰবোৰ ভাঙি সেই স্থানত বিল্ডাৰৰ জৰিয়তে নতুন অট্টালিকা নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে। এই বিষয়ে অৱশ্যে আনুষ্ঠানি ভাৱে তাত বাস কৰা পৰিয়ালসমূহক জনোৱা হোৱা নাই।
হাউচিং ব'ৰ্ডৰ এই ঘৰতেই বাস কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰা। বৰ্ষীয়ান সাংবাদিক যদু কাকতি এতিয়াও সেই ঘৰৰে বাসিন্দা। ৯০ গৰকা সাংবাদিকগৰাকীক সাক্ষাতৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে সেই ঘৰবোৰ মেৰামতি কৰা হ'ব। ঘৰবোৰ ভাঙি তেওঁলোকক অঘৰী কৰা নহয়।
অৱশ্যে এয়া আছিল মৌখিক প্ৰতিশ্ৰুতি। ইয়াৰ বিপৰীতে যিকোনো প্ৰকাৰে মানুহবোৰক এবাৰ তাৰ পৰা উলিয়াই তাৰ স্থানত নতুন অট্টালিকা নিৰ্মাণেৰে নিজৰ স্বাৰ্থ সিদ্ধিৰ ব্লুপ্ৰিণ্ট ৰচা হ'ল।
৩০/৪০ বছৰ সেই ঘৰবোৰত বাস কৰা মানুহবোৰৰ ভৱিষ্যত কি হ'ব, তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'বনে নহয় এই সন্দৰ্ভত নিমাত হাউচিং ব'ৰ্ড। উল্লেখযোগ্য যে হাউচিং ব'ৰ্ডৰ হেঙেৰাবাৰীত থকা তেনে এটা সৰু ঘৰতেই বাস কৰিছিল প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞি।
যিটো ঘৰ বহু সাহিত্য অনুৰাগীৰ বাবে এতিয়াও আকৰ্ষণৰ কেন্দ্ৰবিন্দু। হোমেন বৰগোঁহাঞিৰ বহু স্মৃতি বিজড়িত কিতাপ, পত্ৰ সেই ঘৰতেই আছে। এই ঘৰটো সংৰক্ষণৰো প্ৰস্তাৱ দিছিল বিভিন্ন জনে।
প্ৰবীণ ৰাজনীতিবিদ হেমেন দাসে থাকো হাউচিং ব'ৰ্ডৰ তেনে এটা ঘৰতেই। বিশিষ্ট ফটোগ্ৰাফাৰ সমীৰ চৌধুৰীৰো ঠিকনা হেঙেৰাবাৰীৰ হাউচিং ব'ৰ্ড। প্ৰবীণ সাংবাদিক বৈকুণ্ঠ গোস্বামী, লিখক পদ্ম পাতৰৰ দৰে লোক এই হেঙেৰাবীৰ হাউচিং ব'ৰ্ডৰ ঘৰতেই থাকে।
ঘৰবোৰ পুনৰ নিৰ্মাণ কৰাকলৈ প্ৰশ্ন উঠা নাই। প্ৰশ্ন উঠিছে এইসকল লোকক তাৰ পৰা আঁতৰাই তাত বিল্ডিং সাজিবলৈ এনে এক প্ৰকল্প অতি গোপনে কিয় লোৱা হৈছে? এই মানুহবোৰৰ ভৱিষ্যত কি হ'ব তাক কিয় পোনপটিয়াকৈ কৈ দিব পৰা নাই হাউচিং ব'ৰ্ডে?
মহানগৰীৰ গণেশগুৰি সমীপৰ হেঙেৰাবাৰীৰ উক্ত স্থানত থকা ১৪ বিঘা মাটিৰ মূল্য কেইবা শ কোটি টকীয়া হ'ব। সেই মাটিৰ লোভতেই হাউচিং ব'ৰ্ডক সন্মুখত ৰাখি কোনোবা ক্ষমতাশালী মন্ত্ৰীয়ে এই কাম কৰিবলৈ আগবাঢ়িছে নেকি?
এইসকল লোক কোনো বেদখলকাৰী নহয়। নীতিগত ভাৱে তেওঁলোকে ঘৰবোৰ আৱণ্টন লৈছিল। এতিয়া হাউচিং ব'ৰ্ডৰ ঘৰ আৱণ্টনত ৰাজনৈতিক মেৰপাক আৰু আশীৰ্বাদ থাকে। সেই সময়ত তেনে নাছিল বা হ'বলৈ নিদিছিল।
হাউচিং ব'ৰ্ডৰ বহু কৰ্মচাৰীয়ে অৱসৰৰ পাছতো পেঞ্চন পোৱা নাই। ন্যায়ালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিবলগীয়া হৈছে তেওঁলোক। সেইবোৰ সমস্যা কোনো দিনেই সমাধান কৰাৰ আগ্ৰহ নেদেখাই হাউচিং ব'ৰ্ডৰ বিষয়াসকলে।
এতিয়া অৱশ্যে হাউচিং ব'ৰ্ডৰ অধ্যক্ষ মানেই ৰাজনৈতিক নিযুক্তি। হাউচিং ব'ৰ্ডৰ ভিতৰচৰাত চলে ব্যাপক দুৰ্নীতি স্বজনপ্ৰীতি। ৱাজেদ আলী চৌধুৰী হাউচিং ব'ৰ্ডৰ অধ্যক্ষ হৈ থাকোতে কি কৰিলে সেয়া হয়তো খুচৰিলে ওলাব।
ভেটাপৰাত কোটি কোটি টকীয়া হাউচিং ব'ৰ্ডৰ মাটি কলিকতীয়া প্ৰতিষ্ঠানক পানীৰ দামত তুলি দিয়াৰ কথা হয়তো ফাইলত এতিয়াও বিচাৰিলে ওলাব। হাউচিং ব'ৰ্ড এতিয়া ৰাজ্য চৰকাৰৰ বাবে এটা বগা হাতী সদৃশ হৈ পৰিছে।
অথচ মহানগৰীত বহু লোকৰ বাবে এটা ঘৰ সপোন সদৃশ। সেই কাম হাউচিং ব'ৰ্ডে নিয়াৰিকৈ কৰা হ'লে বহু লোকে বাসগৃহ পালে হয়। নিম্ন আয় বা গৃহহীনৰ বাবে ঘৰ নাথাকে হাউচিং ব'ৰ্ডত। গুৱাহাটীত ঘৰ থকা লোকৰেই থাকে হাউচিং ব'ৰ্ডৰো ঘৰ।
হয়তো হেঙেৰাবাৰী হাউচিং কলনী অতীত হ'ব। এসময়ৰ বৌদ্ধিক অভিকেন্দ্ৰ স্বৰূপ এই ঠাইখিনিত বিশাল অট্টালিকা বনাব। প্ৰকল্প ৰূপায়ণৰ নামত কেইবা কোটি টকা কাৰোবাৰ জেপত সোমাব।
কিন্তু প্ৰকৃতাৰ্থত হাউচিং ব'ৰ্ডৰ ঘৰ পোৱাৰ উপযুক্ত সেইসকল লোকৰ কি হ'ব? মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিবনে বিষয়টো? এতিয়া অনিদ্ৰা আৰু শংকাত হেঙেৰাবাৰী হাউচিং ব'ৰ্ডৰ বহু আবাসী। ক'লৈ যাব, কি কৰিব সেয়া ভাবি পোৱা নাই তেওঁলোকে।
Also Read: এয়াৰ ইণ্ডিয়াৰ বিজনেছ ক্লাছৰ যাত্ৰীৰ খাদ্যত ওলাল পতংগ...