/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-25/3v77twfp/adu-25.jpg)
অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ একাদশ সমাৱৰ্তন সম্পন্ন...
ডিজিটেল ডেস্কঃ অসম ডাউন টাউন ইউনিভাৰ্চিটিৰ একাদশ সমাৱৰ্তন আজি পানীখাইটিস্থিত বিশ্ববিদ্যালয়খনৰ বিশাল এম্পিথিয়েটাৰত সম্পন্ন হৈ যায়। এই সমাৱৰ্তন অনুষ্ঠানত ৰাজ্যৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ ভিজিটৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য, অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে।
বিশ্ববিদ্যালয়খনৰ আচৰ্য ড০ নৰেন্দ্ৰ নাথ দত্ত আৰু উপাচাৰ্য ড০ নাৰায়ণ চন্দ্ৰ তালুকদাৰে সৌহাদ্যপূৰ্ণ আদৰণিৰে আৰম্ভ কৰা এই অনুষ্ঠানত শিক্ষাৰ্থীসকলক তেওঁলোকে দেখুওৱা পাৰদৰ্শিতাৰ বাবে প্ৰশংসা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-25/28q5mabh/7e38ea11-ccc0-47b7-b332-6b63bbf9dd36.jpg)
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই তেওঁৰ ভাষণত সামাজিত প্ৰগতিৰ ক্ষেত্ৰত শিক্ষাৰ গুৰুত্ব আৰু ভূমিকাৰ ওপৰত ব্যাখ্যা দাঙি ধৰে। শিক্ষাৰ্থীসকলক উদ্দেশ্যি তেওঁ কয়, আপোনালোকে নিজ নিজ যাত্ৰাত মনত ৰাখিব জ্ঞান কেৱল ব্যক্তিগত উন্নতিৰ বাহন নহয় এয়া আপোনালোকৰ সমাজ আৰু সম্প্ৰদায়ক উন্নত আৰু পৰিৱৰ্তন কৰাৰ এক শক্তিশালী উপায়।
ভাষণত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শিক্ষাৰ্থীসকলক তেওঁলোকৰ দক্ষতা ৰাজ্যখনৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰিবলৈ অনুপ্ৰাণিত কৰি কয়, আপোনালোকৰ যাত্ৰা আৰম্ভ হৈছেহে। আগন্তুক সময়ত যিসমূহ প্ৰত্যাহ্বান আহিব সেই প্ৰত্যাহ্বান গ্ৰহণ কৰক আৰু আপোনালোকে আহৰণ কৰা শিক্ষাৰ সুবিধা লওক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-25/gl6y6r05/a689d7c1-e8f6-43a1-a755-8eb650344397.jpg)
সমাৱৰ্তনত পি এইছ ডি, স্নাতকোত্তৰ আৰু স্কাতক ডিগ্ৰী প্ৰদান কৰা হয়। বিশ্ববিদ্যালয়খনৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ আৰু শ্ৰেষ্ঠ স্নাতকক পদক প্ৰদান কৰি তেওঁলোকৰ এই সফলতাৰ বাবে এই স্বীকৃতি প্ৰদান কৰি উপাচাৰ্য ড০ নাৰায়ণ চন্দ্ৰ তালুকদাৰে গৌৰৱ অনুভৱ কৰে।
তেওঁ ভাষণত বিগত বছৰত বিশ্ববিদ্যালয়খনে লাভ কৰা সফলতা আৰু প্ৰগতিৰ সন্দৰ্ভত ভাষণত কয়, আমি কেৱল শৈক্ষিক সফলতাই নহয়, শিক্ষাৰ সমান্তৰালকৈ উদ্ভাৱনৰ পৰিবেশ গঢ়ি তোলাৰ বাবে আমাৰ সামূহিয়া প্ৰচেষ্টা অব্যাহত ৰাখিছো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-25/h15ftgt7/df414025-fb11-4017-932f-dd947cf0a0a7.jpg)
অনুষ্ঠানৰ শেষত উপস্থিত বিশিষ্ট ব্যক্তিসকলে সমাৱৰ্তনৰ পুথিত স্বাক্ষৰ কৰে আৰু আনুষ্ঠানিকভাৱে এই অনুষ্ঠান অন্ত পৰে। অনুষ্ঠানৰ অন্তত সকলোৱে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে। বিশ্ববিদ্যালয়খনে সকলো স্নাতন আৰু স্নাতকোত্তৰ উত্তীৰ্ণক তেওঁলোকৰ এই সফলতাৰ বাবে অভিনন্দন জনাইছে আৰু ভৱিষ্যত জীৱনৰ সফলতা কামণা কৰিছে বুলিও এক বিজ্ঞপ্তিত জনাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-25/cn6z69cl/3d525d1d-c3a6-455d-8b37-177f7b733174.jpg)
Also Read: সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিলে সোণেঃ ১০ গ্ৰামৰ মূল্য হ'লগৈ ৭৬ হাজাৰ...