ডিজিটেল ডেস্কঃ সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিলে সোণে। 'গল্ড অক্টোবৰ ফিউচাৰ্ছ'ত সোণৰ মূল্য সৰ্বকালৰ শীৰ্ষত উঠিল। ২৫ ছেপ্টেম্বৰ, ২০২৪ বুধবাৰে মাল্টি কমডিটি এক্সচেঞ্জত ১০ গ্ৰাম সোণ বিক্ৰী হৈছে ৭৬ হাজাৰ টকাত। যোৱা এটা সপ্তাহৰ তুলনাত প্ৰতি ১০ গ্ৰামত সোণৰ মূল্য ২ হাজাৰ ৯০০ টকা বৃদ্ধি পাইছে।
আমেৰিকাৰ ফেডাৰেল বেংকে ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ বাবেই এইদৰে মাল্টি কমডিটি এক্সচেঞ্জত সোণৰ মূল্যই অভিলেখ ভংগ কৰিছে বুলি জানিব পৰা গৈছে। ইফালে সোণৰ মূল্য এইদৰে বৃদ্ধি পোৱাৰ বিপৰীতে ৰূপৰ মূল্য আকৌ কিছু পৰিমাণে হ্ৰাস পাইছে।
ছিলভাৰ ডিচেম্বৰ ফিউচাৰ্ছত ৰূপৰ মূল্য প্ৰতি কেজিত ৯২ হাজাৰ ২২১ টকালৈ হ্ৰাস পাইছে। বজাৰত ৰূপৰ মূল্য হ্ৰাস পাইছে ০.১৯ শতাংশ। অৰ্থাৎ বিগত সপ্তাহতকৈ ৰূপৰ মূল্য ১৭২ টকা হ্ৰাস পাইছে। অৱশ্যে যোৱা সপ্তাহত ৰূপৰ মূল্যও প্ৰতি কেজিত ৩ হাজাৰ ৯০০ টকা বৃদ্ধি পাইছিল।
সোণৰ এনে মূল্য বৃদ্ধিৰ প্ৰসংগত এইছ ডি এফ চি ছিকিউৰিটিজৰ অনুজ গুপ্তাই কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত এক আশাৰ পোহৰ আহিছে। দেশখনে শেহতীয়াকৈ সূতৰ হাৰ হ্ৰাস কৰিছে। চীনেও অৰ্থনৈতিক বিকাশৰ বাবে একাধিৰ জৰুৰী সিদ্ধান্ত গ্ৰহণ কৰিছে। ফলত সোণৰ মূল্য দিনক দিনে বৃদ্ধি পাইছে।
উল্লেখ্য যে, বিগত সপ্তাহত আমেৰিকাৰ ফেডাৰেল বেংকে সূতৰ হাৰ ৫০ শতাংশ বেছিছ পইণ্ট হ্ৰাস কৰিছিল। আমেৰিকাৰ এই কেন্দ্ৰীয় বেংকে আগন্তুক সময়ত সূতৰ হাৰ আৰু হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ফলত ইয়াৰ প্ৰভাৱ সোণৰ বজাৰত পৰিছে।