/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/f441af40-68b3-47f6-b2bf-416103064f0c/sankardev_university_16.jpg)
১৪ বছৰ অতিক্ৰম কৰিলে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে...
ডিজিটেল ডেস্কঃ আজি ১৪ বছৰ সম্পূৰ্ণ কৰিলে ৰাজ্যৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল ২০০৯ চনত।
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰু ইয়াৰ মানণ্ড উন্নত কৰাৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰা এই বিশ্ববিদ্যালয়খনে গৌৰৱোজ্জ্বল ১৪ টা বছৰ অতিক্ৰম কৰিলে। আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিশ্ববিদ্যালয়খনৰ ১৫ সংখ্যক প্ৰতিষ্ঠা দিৱস।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/8a5963a4-c216-4e84-bba4-17beb3143b12/d3193773_bc7f_434c_96ff_b1e7fac7da03.jpg)
এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় বিভিন্ন কাৰ্যসূচী। তাৰ মাজতে মুকলি কৰা হয় এখন নিউজ লেটাৰ। প্ৰতিষ্ঠা দিৱস উপলক্ষে চিকিৎসা বিজ্ঞানত পাৰদৰ্শিতা আগবঢ়োৱা বহু কেইগৰাকী শিক্ষাৰ্থীক আজি বিশেষ ভাৱে সন্মানিত কৰা হয়।
তাৰ ভিতৰত উল্লেখযোগ্য এগৰাকী শিক্ষাৰ্থী হৈছে অনন্যা চক্ৰৱৰ্তী। অতি মেধাৱী অনন্যা চক্ৰৱৰ্তীয়ে লাভ কৰিলে তিনিটাকৈ বিশেষ সন্মান। গুৱাহাটী মেডিকেল কলেজৰ ছাত্ৰr অনন্যাই শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে প্ৰদান কৰা তিনিটাকৈ শিতানত সন্মানিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/ff296079-a283-496a-9a64-d41840d680db/5b72f583_3e65_43c6_97d6_fff57a4d9c6f.jpg)
তেওঁ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ স্নাতক প্ৰণৱ বৰুৱা বঁটা, ২০২২ ৰ আণ্ডাৰ গ্ৰেজুৱেট টংকেশ্বৰ বৰা বঁটা আৰু মেডিচিনৰ শ্ৰেষ্ঠ স্নাতক মানিক চন্দ্ৰ দত্ত সন্মান লাভ কৰে। তিনিওটা সন্মান লাভ কৰি অতি উৎফুল্লিত হৈ পৰে অনন্যা চক্ৰৱৰ্তী।
অনন্যাৰ উপৰিও আন বহু কেইগৰাকী শিক্ষাৰ্থীয়ে বিভিন্ন শিতানত সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। অনুষ্ঠানৰ মাজতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাই সাংবাদিকৰ আগত কয় যে, প্ৰথমবাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে বি এছ চি হেলথ টেকনলজী পাঠ্যক্ৰম আৰম্ভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/64cad43e-93d2-4249-a9c2-d2e44bc24555/350325b5_c984_4780_8a51_1530968726ea.jpg)
৪ খন মেডিকেল কলেজ ক্ৰমে গুৱাহাটী মেডিকেল কলেজ, অসম মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ আৰু যোৰহাট মেডিকেল কলেজত বিভিন্ন পেৰামেডিকেল পাঠ্যক্ৰমৰ আৰম্ভণি কৰিছে। তাৰোপৰি চিকিৎসকসকলৰ বাবে বিভিন্ন ফেল'শ্বিপ আৰম্ভ কৰিছে।
আজিৰ এই অনুষ্ঠানত ৰাজ্যৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্তই মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে স্বাস্থ্য বিভাগৰ কেইবাজনো উচ্চ পদস্থ বিষয়া আৰু জি এম চি এইছকে ধৰি কেইবাখনো চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপকেও অংশগ্ৰহণ কৰে।
Also Read: বিক্ষিপ্ত ঘটনাৰে সমাপ্ত হ'ল ত্ৰিপুৰাৰ নিৰ্বাচনঃ EVM ত বন্দী ২৫৯ প্ৰাৰ্থীৰ ভৱিষ্যত...