বিক্ষিপ্ত ঘটনাৰে সমাপ্ত হ'ল ত্ৰিপুৰাৰ নিৰ্বাচনঃ EVM ত বন্দী ২৫৯ প্ৰাৰ্থীৰ ভৱিষ্যত...

বিক্ষিপ্ত ঘটনাৰে সমাপ্ত হ'ল ত্ৰিপুৰাৰ নিৰ্বাচনঃ EVM ত বন্দী ২৫৯ প্ৰাৰ্থীৰ ভৱিষ্যত...
বিক্ষিপ্ত ঘটনাৰে সমাপ্ত হ'ল ত্ৰিপুৰাৰ নিৰ্বাচনঃ EVM ত বন্দী ২৫৯ প্ৰাৰ্থীৰ ভৱিষ্যত...

ডিজিটেল ডেস্কঃ বিক্ষিপ্ত ঘটনাৰ মাজেৰে সমাপ্ত হ'ল ত্ৰিপুৰাৰ ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন। ৬০ আসনৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত ২৫৯ জন প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছিল।

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই নিৰ্বাচনত ৪ বজালৈকে মুঠ ৮১.১১ শতাংশ ভোটাধিকাৰ সাব্যস্ত হয়। তাৰ পিছতো ভোটদান কৰিবলৈ ৫০ হাজাৰৰো অধিক লোকে লাইনত শাৰী পাতি থিয় হৈ আছে। ইফালে ভোটদান চলি থকাৰ মাজতে সংঘটিত হোৱা বিক্ষিপ্ত ঘটনাৰ সন্দৰ্ভত এতিয়া ৰাজনৈতিক দল সমূহৰ মাজত অভিযোগ-প্ৰতিঅভিযোগৰ জোৱাৰ উঠিছে।

সমান্তৰালকৈ বিজেপিয়ে ত্ৰিপুৰাৰ ক্ষমতা পুনৰবাৰ দখল কৰিবলৈ যিকোনো পৰ্যায়লৈকে যাব পাৰে বুলি দাবী কৰিছে তিপ্ৰামথাৰ নেতা প্ৰদ্যুৎ মাণিক্য দেৱ বৰ্মনে। তিপ্ৰা মথাৰ নেতাগৰাকীয়ে কয় যে, প্ৰয়োজন হ'লে বিধায়ক ক্ৰয় কৰিবলৈ বিজেপিয়ে নিজৰ প্ৰসাদ পৰ্যন্ত বিক্ৰী কৰিব।

আনকি ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতো তেওঁ ভোটাৰসকলক লাইন এৰি ঘৰলৈ নাযাবলৈ আহ্বান জনাইছে। কিয়নো ভোটদান বহু লেহেম গতিৰে চলিছে।

ইফালে ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মনে দাবী কৰিছে যে তিপ্ৰামথাই ৰাজ্যখনত অশান্তি বিয়পাবলৈ চেষ্টা অব্যাহত ৰাখিছে। আদীবাসী প্ৰধান সমষ্টিবোৰত বল প্ৰয়োগ কৰাৰো অভিযোগ উত্থাপন কৰিছে।

আনহাতে ৩৩ নং কাক্ৰাবান বিধানসভা সমষ্টিৰ অন্তৰ্গত দুটা বুথত হতাহতিৰো অভিযোগ উত্থাপিত হৈছে। সমষ্টিটোৰ প্ৰায় ৪ টা ভোটকেন্দ্ৰত হতাহতিৰো সৃষ্টি হৈছে।

এই সন্দৰ্ভত খণ্ড দণ্ডাধীশে অনুসন্ধান আৰম্ভ কৰিছে। এই সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ। গোমটি জিলাৰ অমৰপুৰক আকৌ বাওঁ দলৰ পোলিং এজেণ্টক বিজেপি কৰ্মীয়ে মাৰপিট কৰাৰ অভিযোগ উঠিছে।

একেই অভিযোগ উত্থাপন কৰিছে দলটোৰ অঞ্চল সচিবেও। তেওঁ বাক্সনগৰত বিজেপি কৰ্মীৰ আক্ৰমণৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰিছে। বিশলগড়ত আকৌ দুই বাওঁপন্থী কৰ্মীৰ ঘৰত বোমা বিস্ফোৰণৰ ঘটনাও সংঘটিত হৈছে।

আনহাতে ভোটগ্ৰহণৰ সময়ছোৱাত মুঠ ৪০-৪৫ টা স্থানত ই ভি এম বিকল হোৱাৰ খবৰ পোৱা গৈছিল। অৱশ্যে পৰৱৰ্তী সময়ত বিকল হোৱা ই ভি এম সমূহ সলনি কৰা হয়।

বিক্ষিপ্ত ঘটনাৰে সমাপ্ত হ'ল ত্ৰিপুৰাৰ নিৰ্বাচনঃ EVM ত বন্দী ২৫৯ প্ৰাৰ্থীৰ ভৱিষ্যত...
২৭ ফেব্ৰুৱাৰীৰ পৰা বড়োলেণ্ড ইণ্টাৰেনেশ্যনেল নলেজ ফেষ্টিভেল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in