ভাৰতে লাভ কৰিলে ধোনিৰ দৰে 'বিগ হিটাৰ': বিশ্বকাপৰ পূৰ্বে লাভ কৰিলে 'ফিনিচাৰ'

ভাৰতে লাভ কৰিলে ধোনিৰ দৰে 'বিগ হিটাৰ': বিশ্বকাপৰ পূৰ্বে লাভ কৰিলে 'ফিনিচাৰ'
ভাৰতে লাভ কৰিলে ধোনিৰ দৰে 'বিগ হিটাৰ': বিশ্বকাপৰ পূৰ্বে লাভ কৰিলে 'ফিনিচাৰ'

ডিজিটেল ডেস্কঃ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতৰ বাবে ভাল খবৰ। ভাৰতে বিচাৰি পালে এজন বিস্ফোৰক ফিনিচাৰ। মহেন্দ্ৰ সিং ধোনিৰ পৰৱৰ্তী সময়ত ভাৰত দীৰ্ঘদিন ধৰি এজন বিস্ফোৰক ফিনিচাৰৰ সন্ধানত আছিল।

এগৰাকী ফিনিচাৰৰ অভাৱ ভাৰতীয় শিবিৰে বাৰুকৈয়ে অনুভৱ কৰিছিল।ভাৰতৰ সেই অভাৱ দূৰ কৰিলে চলিত আই পি এলে। চলিত আই পি এলত কেইবাগৰাকীও ক্ৰিকেটাৰে নিজ নিজ দলক বিজয়ী কৰোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰিছে যদিও এগৰাকী বিশেষ ক্ৰিকেটাৰে সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।

বহুতেই ক’বলৈ আৰম্ভ কৰিছে বি চি চি আইৰ নিৰ্বাচকে যিগৰাকী ফিনিচাৰৰ সন্ধানত ইমানদিন আছিল সেই ফিনিচাৰ আহি এতিয়া সকলোৰে দৃষ্টিত ধৰা দিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ‘ল এইগৰাকী ক্ৰিকেটাৰে ইতিমধ্যে ভাৰতীয় দলৰ হৈ আত্মপ্ৰকাশ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ অভিজ্ঞতাও আহৰণ কৰিছে। ভাৰতীয় দলৰ সপ্তম স্থানত খেলিবলগীয়া এই খেলুৱৈগৰাকী আন কোনো নহয় তেওঁ হ’ল অক্ষৰ পেটেল। অক্ষৰ পেটেলৰ ৰূপত ভাৰতে লাভ কৰিলে ধোনিৰ দৰে এগৰাকী ফিনিচাৰ।

বিশ্বকাপৰ পূৰ্বে ভাৰতে অক্ষৰ পেটেলৰ ৰূপত বিগ হিটাৰ লাভ কৰাটো ভাৰতীয় ক্ৰিকেটৰ বাবেই আশাৰ খবৰ। আই পি এলৰ ১১ এপ্ৰিল, মঙ্গলবাৰৰ দিল্লী কেপিটেলছ বনাম মুম্বাই ইণ্ডিয়ানছৰ মেচখনত অক্ষৰ পেটেলে ৭ নং স্থানত বেটিং কৰিবলৈ আহি মাত্ৰ ২৫ বলত ৫৪ ৰাণ কৰিবলৈ সক্ষম হৈছে।

অক্ষৰ পেটেলে খেলা অৰ্ধশতকীয় ইনিংছটোত আছিল ৪ টা বাউণ্ডেৰী আৰু ৫ টা অভাৰ বাউণ্ডেৰী। মন কৰিবলগীয়া যে বিগত দিন কেইটাত অক্ষৰ পেটেলে নিজকে পূৰ্বতকৈ বহু সলনি কৰিবলৈ সক্ষম হৈছে।

বলিং আৰু বেটিং দুয়োটাতে তেওঁ উন্নত প্ৰদৰ্শন অব্যাহত ৰাখিছে। ফিল্ডিঙতো তেওঁ ৰবীন্দ্ৰ জাডেজাৰ দৰেই হৈ উঠিছে। চলিত বছৰৰ শেষৰ ফালে ভাৰতৰ মাটিত অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপ।

এই বিশ্বকাপত অক্ষৰ পেটেল ভাৰতৰ বাবে এক শক্তি হৈ উঠাৰ সম্ভাৱনা আছে। ইতিমধ্যে ঘোষণা কৰা ভাৰতীয় দলত তেওঁ স্থান লাভো কৰিছে।

অক্ষৰ পেটেলে ইতিমধ্যে ভাৰতীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত খেলাৰ অভিজ্ঞতা আহৰণ কৰাই নহয় কেইবাখনো মেচ জয় কৰি তেওঁ নিজৰ দক্ষতাৰ প্ৰমাণ দাঙি ধৰিছে। এতিয়ালৈকে তেওঁ ১২ খন টেষ্টত ৫০ টা উইকেট দখল কৰিছে আৰু ৫১৩ ৰাণ সংগ্ৰহ কৰিছে।

তেওঁ ৫১ খন এদিনীয়াত ৫৮ টা উইকেট আৰু ৪১২ ৰাণ সংগ্ৰহ কৰিছে। আনহাতে ৪০ খন টি-২০ ত ৩৭ টা উইকেট দখল কৰাৰ লগতে ২৮৮ ৰাণ সংগ্ৰহ কৰিছে। আই পি এলত আকৌ তেওঁ ১২৬ খন মেচ খেলি ১০২ টা উইকেট দখল কৰাৰ লগতে ১২৪৩ ৰাণ সংগ্ৰহ কৰিছে।    

ভাৰতে লাভ কৰিলে ধোনিৰ দৰে 'বিগ হিটাৰ': বিশ্বকাপৰ পূৰ্বে লাভ কৰিলে 'ফিনিচাৰ'
পুৱাই আহিল ভূমিকম্প...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in