/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/754c291a-0389-407e-8c05-8b799638c49b/50.jpg)
ডিজিটেল ডেস্ক : গৌতম গম্ভীৰ টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হোৱাৰ পাছতে চৰ্চালৈ আহিছে প্ৰাক্তন ক্ৰিকেটাৰ তথা বাঁওহতীয়া বেগী বলাৰ জাহিৰ খানৰ নাম। চৰ্চা অনুসৰি ভাৰতীয় ক্ৰিকেট দললৈ উভতি আহিব পাৰে বিশ্বকাপজয়ী বলাৰ জাহিৰ খান।
ভাৰতীয় দলৰ বলিং প্ৰশিক্ষক হিচাপে চৰ্চালৈ আহিছে জাহিৰ খানৰ নাম। অৱশ্যে জাহিৰ খানক বলিং প্ৰশিক্ষক হিচাপে নিযুক্ত কৰিবলৈ গম্ভীৰ সন্মত নহয়।
মুখ্য প্ৰশিক্ষক গম্ভীৰৰ পছন্দৰ প্ৰাৰ্থী হৈছে বিনয় কুমাৰ। অৱশ্যে এইক্ষেত্ৰ গম্ভীৰৰ মতামতৰ সৈতে দ্বিমত আছে বি চি চি আই কৰ্তৃপক্ষৰ।
জানিব পৰা মতে ভাৰতীয় ক্ৰিকেট দলৰ বলিং প্ৰশিক্ষকৰ দৌৰত আছে জাহিৰ খান। ব’ৰ্ডৰ পছন্দৰ প্ৰাৰ্থী জাহিৰ খান। আনহাতে সকলো ঠিকে থাকিলে অভিষেক নায়াৰ বেটিং প্ৰশিক্ষকৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
Also Read: বিজেপিৰ শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি ভবেন্দ্ৰ নাথ মহনৰ পদত্যাগ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us