/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d8fb4157-4824-44e3-a3be-382e598ce6bf/22.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ: বৃহস্পতিবাৰে বিজেপিৰ পৰা পদত্যাগ কৰিলে শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি ভবেন্দ্ৰ নাথ মহনে। ভাৰতীয় জনতা পাৰ্টীৰ অবিভক্ত শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি,বিভিন্ন সময়ত ভাৰতীয় জনতা পাৰ্টীৰ পৰ্যবেক্ষক আৰু প্ৰভাৰী হিচাবে নিষ্ঠাৰে দায়িত্ব পালন কৰা ভবেন্দ্ৰ নাথ মহনে বিজেপিৰ পৰা পদত্যাগ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ada68203-360d-4ba1-92b9-eb01a44dafbd/c1a1632a-b07c-4d7c-b225-8bb7e0e44dd9.jpg)
তেওঁ পদত্যাগ পত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰা বাতৰিয়ে বিজেপিৰ জিলা আৰু ৰাজ্যিক সমিতিৰ ভিতৰচ'ৰাত বিশেষ আলোড়নৰ সৃষ্টি কৰিছে। একান্তই ব্যক্তিগত কাৰণত ভাৰতীয় জনতা পাৰ্টীৰ পৰা পদত্যাগ কৰা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰিলেও ব্যক্তিগত সমস্যা,দলত থাকি ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰা ,বিগত লোকসভা নিৰ্বাচনত প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত দলে দায়িত্ব নিদিয়া,দলত থাকি কাম কৰিবলৈ সুযোগ নোপোৱা,দলীয় কৰ্মক্ষেত্ৰত উজুতি খোৱা আদি বিভিন্ন আক্ষেপ সন্দৰ্ভতো সাংবাদিকৰ আগত মন্তব্য কৰে মহনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e7eacb50-e0eb-4b96-8d92-268df5844bb5/cef8644d-64fd-422e-91be-5fe6d72f0c4b.jpg)
ভবেন্দ্ৰ নাথ মহনৰ লগত শদিয়াৰ যুধিষ্ঠিৰ গগৈ নামৰ এজন বিজেপিৰ কাৰ্যকৰ্তায়ো দলত্যাগ কৰিছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত বিকল্প ৰাজনৈতিক দলত যোগদান কৰিব নেকি সোধা এক প্ৰশ্নৰ উত্তৰত ভবেন্দ্ৰ নাথ মহনে কয় যে, সময়ে আহ্বান জনালে বিকল্প ৰাজনৈতিক দলত যোগদান কৰিব পাৰোঁ।সেয়া সময়েহে ক'ব।
Also Read: কাছাৰৰ বান পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা সভাত মিলিত হ'ল মন্ত্ৰী জয়ন্ত মল্লবৰুৱা