ভাৰতীয় জাতীয় ক্ৰিকেট দললৈ যশস্বী আৰু ৰিংকু সিং...

ভাৰতীয় জাতীয় ক্ৰিকেট দললৈ যশস্বী আৰু ৰিংকু সিং...
ভাৰতীয় জাতীয় ক্ৰিকেট দললৈ যশস্বী আৰু ৰিংকু সিং...

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দললৈ যশস্বী জয়ছোৱাল আৰু ৰিংকু সিং। ৰাজস্থান ৰয়েলছৰ অপেনিং বেটছমেন যশস্বী জয়ছোৱাল আৰু কলকাতাৰ ফিনিছাৰ ৰিংকু সিঙক ভাৰতীয় জাতীয় দলত স্থান দিয়াৰ সপক্ষে বহু প্ৰাক্তন ক্ৰিকেটাৰ আৰু ক্ৰিকেট বিশেষজ্ঞই মত পোষণ কৰি আহিছে।

চলিত আই পি এলত এই দুই ক্ৰিকেটাৰৰ প্ৰদৰ্শনে সকলোকে মুগ্ধ কৰিছে। উল্লেখ্য যে, আই পি এলৰ প্ৰদৰ্শনৰ ভিত্তিতেই বহু ক্ৰিকেটাৰ ইতিমধ্যে ভাৰতীয় দলত স্থান লাভ কৰাই নহয় দলটোৰ নিয়মীয়া সদস্য হৈ পৰিছে।

সূৰ্য কুমাৰ যাদৱ, মহম্মদ ছিৰাজ, ঈশান কিষাণ, উমৰান মালিক আদি সকলো আই পি এলৰ ফচল। হাৰ্দিক পাণ্ডিয়া, ক্ৰোণাল পাণ্ডিয়া, বুমৰাহো আছিল আই পি এলৰেই ফচল। আই পি এলত কৰা উন্নত প্ৰদৰ্শনে এই ক্ৰিকেটাৰসকলক জাতীয় দলত স্থান লাভ কৰাৰ সুযোগ দিছিল।

এইবাৰ আই পি এলত যি কেইজন তৰুণ আৰু আনকেপড ক্ৰিকেটাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সেইসকলৰ ভিতৰত যশস্বী আৰু ৰিংকু অন্যতম। ৰাজস্থান ৰয়েলছৰ প্ৰতিখন মেচতে স্ক’ৰ বৰ্ডত যশস্বীৰ অৱদান আছিল অনবদ্য।

তেওঁ এই পৰ্যন্ত মুঠ ১৩ খন মেচ খেলি ৫৭৫ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ বেটৰ পৰা আহিছে ৪ টা অৰ্ধশতক আৰু এটা শতকীয় ইনিংছ। একেদৰে কলকাতাৰ ফিনিছাৰ ৰিংকু সিঙেও এইবাৰৰ আই পি এলত সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।

ৰিংকু সিঙে কলকাতাৰ হৈ কেইবাখনো মেচ জয় কৰা ইনিংছ উপহাৰ দিছে। তাৰ ভিতৰত আছে এটা অভাৰত ৫ টা ছয় কোবাই অসম্ভৱক সম্ভৱ কৰি গুজৰটাক পৰাস্ত কৰা সেই মেচখনো।

এই দুই ক্ৰিকেটাৰক ভাৰতীয় জাতীয় দলত স্থান দিয়াৰ বাবে এয়াই উচিত সময় বুলি মন্তব্য কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙৰ। হৰভজন সিঙৰ মতে তেওঁ বিশ্বাস কৰে কোনোবাই ভাল খেলিলে ভাল প্ৰদৰ্শন কৰিলে তাক এটা চিষ্টেমৰ অংশীদাৰ কৰিব লাগে।

তেওঁ কয়, মই তেওঁলোকক মূল একাদশত স্থান দিবই লাগিব বুলি কোৱা নাই। তেওঁলোকক দলৰ অংশ হিচাপে ৰাখিলে আৰু অধিক শিকিব পাৰিব। ভৱিষ্যতে আৰু অধিক উন্নতি কৰিব পাৰিব।

তেওঁ কয়, মোৰ মতে যশস্বী আৰু ৰিংকু সিঙক ভাৰতীয় জাতীয় দললৈ নিয়াৰ এয়াই সঠিক সময়। ২০ ৰ পৰা ৩০ জন জাতীয় দলৰ সদস্য কৰা হওক। তেওঁলোকে এইটো পৰ্যায়ত ভাল খেলিছে। সেয়ে সুযোগ দিয়া হওক। এতিয়াই সেই সুযোগ নিদিলে পলম হৈ যাব।

ভাৰতীয় জাতীয় ক্ৰিকেট দললৈ যশস্বী আৰু ৰিংকু সিং...
ৰঙা টমটমৰ সন্ধানত ঢকুৱাখনা আৰক্ষীৰ অভিযান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in