ৰঙা টমটমৰ সন্ধানত ঢকুৱাখনা আৰক্ষীৰ অভিযান...

ৰঙা টমটমৰ সন্ধানত ঢকুৱাখনা আৰক্ষীৰ অভিযান...
ৰঙা টমটমৰ সন্ধানত ঢকুৱাখনা আৰক্ষীৰ অভিযান...

ডিজিটেল সংবাদ ঢকুৱাখনা: এখন ৰঙা বৰণৰ বেটেৰী চালিত 'টমটম' । এইখন ঘাটক বাহনৰ জৰিয়তে ঢকুৱাখনাৰ মৃত্যুঞ্জয় কৰ্মী (চালক)অৰুণ বৰুৱাৰ হত্যাকাণ্ড সংঘটিত কৰা বুলি ঢকুৱাখনা আৰক্ষী পতিয়ন গৈ আৰম্ভ কৰিছে ক্ষীপ্ৰতৰ অভিযান।

যোৱা ১২ মে'ৰ নিশা ১২-১৫ বজাত নিজৰ কৰ্তব্য সম্পন্ন কৰি খোজেৰে ঘৰমুৱা হোৱা ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰী অৰুণ বৰুৱাক অচিনাক্ত দুৰ্বৃত্তই পাছফালৰ পৰা নিৰ্মম ভাবে প্ৰহাৰ কৰি মুমূৰ্ষু অৱস্থাত ৰাজপথৰ ওপৰত পেলাই থৈ গৈছিল। ফাটবিহুৰ ধামখুমীয়াৰ মাজতে ঢকুৱাখনা- ঘূণাসুঁতি লোকনিৰ্মাণ পথৰ বন বিভাগৰ কাৰ্য্যালয়ৰ প্ৰায় সন্মুখত পৰি থকা অৱস্থাত বৰুৱাক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি আৰক্ষীয়ে নিশাই ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই প্ৰাথমিক চিকিৎসাৰ অন্তত ডিব্ৰুগড়লৈ জৰুৰী চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছিল ।

কিন্তু পৰৱৰ্তী সময়ত পাছদিনা চিকিৎসাধীন অৱস্থাতে গুৰুতৰ ভাবে মূৰত আহত সৰবৰহী কৰ্মচাৰীজনৰ অকাল মৃত্যু ঘটিছিল । এই ৰহস্যজনক মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড বুলি আশঙ্কা কৰি মৃতকৰ গৃহভূমি দুলিয়া গাঁৱৰ ৰাইজ, ঢকুৱাখনাৰ বিভিন্ন সংগঠনে আৰক্ষীৰ নিৰপেক্ষ তদন্ত দাবী জনাইছিল।

এই সন্দৰ্ভত মৃতকৰ পৰিয়াল আৰু ৰাইজে ঢকুৱাখনা সদৰ থানাত দাখিল কৰা গোচৰৰ ভিত্তিত ঢকুৱাখনা সদৰ থানাত এক ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাত (নং- ৬৬/২০২৩) এক গোচৰ পঞ্জীয়ন হৈছে । তদন্তকাৰী আৰক্ষী বিষয়া দীনেশ মেধিৰ নেতৃত্বত আৰম্ভ হোৱা গোচৰৰ তদন্তৰ আঁত ধৰি কিছু অগ্ৰগতি লাভ কৰা বুলি জনা গৈছে ।

ঘটনা সংঘটিত হোৱাৰ সময়ৰ প্ৰামানিক তথ্যৰ ভিত্তিত ঢকুৱাখনা আৰক্ষী নামি পৰিছে এখন ৰঙা বৰণৰ টমটমৰ সন্ধানত। তাৰেই আলমত বুধবাৰে আৰক্ষীয়ে ঢকুৱাখনা নগৰত চলাচল কৰা সকলো ৰঙা বৰণৰ টমটম ঢকুৱাখনা ৰাজহুৱা খেল পথাৰত হাজিৰ কৰাই সাক্ষ্য গ্ৰহণ কৰিছে ।

আৰক্ষীৰ প্ৰাথমিক আহ্বান এই সন্দৰ্ভত জড়িত পক্ষই স্বেচ্ছাই আৰক্ষীক সহযোগিতা কৰক । অন্যহাতে মৃত অৰুণ বৰুৱাৰ মূৰত হাতুৰী সদৃশ গধুৰ সামগ্ৰীৰ প্ৰহাৰৰ চিন আৰু দুই আঁঠুত দাগ থকা বুলি জানিব পৰা গৈছে।

আশঙ্কা কৰা হৈছে পাছফালে প্ৰহাৰ কৰাৰ পাছত অৰুণ বৰুৱা দুই আঁঠু দি পকা পথত পৰি গৈছিল। অৱশ্যে মৃতকৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰিলেহে প্ৰকৃত সত্য তথ্য পোহৰলৈ আহিব।

ঢকুৱাখনাবাসীক শোকস্তব্ধ কৰি তোলা এই মৰ্মান্তিক ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আনি দোষীক চিনাক্ত কৰি কঠোৰতম আইনগত শাস্তি দিয়াটো লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈ আৰু প্ৰতিগৰাকী নাগৰিকে কামনা কৰিছে।

ৰঙা টমটমৰ সন্ধানত ঢকুৱাখনা আৰক্ষীৰ অভিযান...
তিনিচুকীয়া জিলা বিজেপিৰ কাৰ্যালয় শুভ উদ্বোধন ড০ হিমন্ত বিশ্ব শৰ্মাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in