ৰাজপথৰ আন্দোলন প্ৰত্যাহাৰ মল্লযুঁজাৰুৰঃ যুঁজ চলিব ন্যায়ালয়ত...

ৰাজপথৰ আন্দোলন প্ৰত্যাহাৰ মল্লযুঁজাৰুৰঃ যুঁজ চলিব ন্যায়ালয়ত...
ৰাজপথৰ আন্দোলন প্ৰত্যাহাৰ মল্লযুঁজাৰুৰঃ যুঁজ চলিব ন্যায়ালয়ত...

ডিজিটেল ডেস্কঃ প্ৰতিবাদ সামৰিলে মল্লযুঁজাৰুসকলে। দেওবাৰে প্ৰতিবাদী মল্লযুঁজাৰুসকলে জনাইছে এতিয়া যুঁজ চলিব ন্যায়ালয়ত। মল্লযুঁজাৰুসকলৰ মতে, সঠিক সময়ত অভিযুক্ত ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰি প্ৰতিশ্ৰুতি পালন কৰিছে চৰকাৰে।

সেয়ে এতিয়া বিক্ষোভ প্ৰদৰ্শন নকৰে মল্লযুঁজাৰুসকলে। টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে মল্লযুঁজাৰু ভিনেশ ফোগাট, সাক্ষী মালিক আৰু বজৰং পুনিয়াই। আনহাতে তেওঁলোকে সামাজিক মাধ্যমৰ পৰাও সাময়িক ভাৱে বিৰতি লোৱাৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য যে, যৌন আতিশয্যৰ অভিযোগ উত্থাপিত কৰি ভাৰতীয় মল্লযুঁজ সন্থাৰ সভাপতি ব্ৰীজভূষণ চৰণ সিঙক গ্ৰেপ্তাৰৰ দাবী কৰিছিল মল্লযুঁজাৰুসকলে। দিল্লীৰ যন্তৰমন্তৰত ধাৰাবাহিক ভাৱে প্ৰতিবাদত লিপ্ত হৈছিল তেওঁলোক।

অৱশেষত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰৰ হস্তক্ষেপ আৰু দুয়ো পক্ষৰ আলোচনাৰ পাছত তেওঁলোকে আন্দোলন স্থগিত ৰাখিছিল। আইনৰ ওপৰত আস্থা ৰাখিবলৈ মল্লযুঁজাৰুসকলক আহ্বান জনাইছিল।

তেওঁলোকে বান্ধি দিয়া চৰ্তসমূহৰো অধিকাংশই মানি লৈছিল চৰকাৰে। সেই আলোচনাৰ সময়তে চৰকাৰী পক্ষৰ ফালৰ পৰা দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই নিৰ্দিষ্ট সময়ৰ ভিতৰতেই ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিলে আৰক্ষীয়ে।

অৱশ্যে ব্ৰীজ ভূষণ সিঙে POCSO আইনৰ পৰা ৰেহাই পাইছে। ইফালে অহা১১ জুলাইত ভাৰতীয় মল্লযুঁজাৰু সন্থাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। চৰ্ত অনুসৰি এই নিৰ্বাচনত ব্ৰীজ ভূষণ সিং বা তেওঁৰ পৰিয়ালৰ কোনো সদস্য আৰু ঘনিষ্ঠই প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব।

কিন্তু দেওবাৰে এই নিৰ্বাচনত স্থগিতাদেশ জাৰি কৰিলে গুজৰাট উচ্চ ন্যায়ালয়ে। তাৰ ঠিক পাছতেই মল্লযুঁজাৰুসকলে তেওঁলোকৰ প্ৰতিবাদ প্ৰত্যাহাৰ কৰিছে। কিন্তু এই আন্দোলন প্ৰত্যাহাৰ কৰাৰ সময়ত মল্লযুঁজাৰুসকলে সন্থাৰ নিৰ্বাচন পিছুৱাই দিয়াৰ বিষয়ে অৱগত নাছিল নেকি বুলিও এতিয়া চৰ্চা হৈছে।

কিয়নো তেওঁলোকে টুইটাৰত উল্লেখ কৰিছে যে- 'অহা ১১ জুলাইত মল্লযুঁজাৰু সন্থাৰ নিৰ্বাচনতো আমাৰ দাবী পূৰণ হ’ব বুলি আশা কৰিছো'। কিন্তু গুজৰাট উচ্চ ন্যায়ালয়ে স্পষ্টকৈ জনাইছে যে, ১১ জুলাইত নিৰ্বাচন অনুষ্ঠিত নহয়।

অনিৰ্দিষ্ট কালৰ বাবে পিছুৱাই দিয়া হৈছে এই নিৰ্বাচন। ইফালে আন্দোলনৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ পাছতে তেওঁলোকে সামাজিক মাধ্যমৰ পৰাও অব্যাহতি লোৱাৰ কথা ঘোষণা কৰিছে।

ইয়াকে লৈ আকৌ দেশজুৰি চৰ্চা চলিছে।বহুতেই সন্দেহ কৰিছে কিয় তেওঁলোকে হঠাত এই সিদ্ধান্ত গ্ৰহণ কৰিলে। স্মৰ্তব্য যে, যোৱা দুমাহ ধৰি এই মল্লযুঁজাৰুসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। অনুশীলনৰ পৰা তেওঁলোক দূৰত আছিল।

ইফালে ১৫ জুলাইৰ ভিতৰত এছিয়ান গেমছৰ বাবে মল্লযুঁজাৰুসকলৰ নাম প্ৰেৰণ কৰিব লাগিব। তাৰ বাবে ১৫ জুলাইৰ পূৰ্বেই ট্ৰায়েলত নামিব লাগিব এই মল্লযুঁজাৰুসকল। সেয়ে ট্ৰায়েলত অংশগ্ৰহণ আৰু এছিয়ান গেমছৰ প্ৰস্তুতিৰ বাবেই তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিলে বুলি জানিব পৰা গৈছে।

ৰাজপথৰ আন্দোলন প্ৰত্যাহাৰ মল্লযুঁজাৰুৰঃ যুঁজ চলিব ন্যায়ালয়ত...
মণিপুৰত ১২ টা বাংকাৰ উৎখাতঃ অসমৰ পৰা সুৰা সৰাবৰাহৰ অপৰাধত এজনক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in