মণিপুৰত ১২ টা বাংকাৰ উৎখাতঃ অসমৰ পৰা সুৰা সৰাবৰাহৰ অপৰাধত এজনক গ্ৰেপ্তাৰ...

মণিপুৰত ১২ টা বাংকাৰ উৎখাতঃ অসমৰ পৰা সুৰা সৰাবৰাহৰ অপৰাধত এজনক গ্ৰেপ্তাৰ...
মণিপুৰত ১২ টা বাংকাৰ উৎখাতঃ অসমৰ পৰা সুৰা সৰাবৰাহৰ অপৰাধত এজনক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰৰ সংঘৰ্ষ সমাপ্ত কৰিবলৈ মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় সুৰক্ষা বাহিনীয়ে যুটীয়া ভাৱে অব্যাহত ৰাখিছে অভিযান। ইয়াৰ মাজতে এনে এটা যুটীয়া দলে চান্দেল জিলাৰ অন্তৰ্গত চাহুম্ফাই গাঁৱৰ খেতি পথাৰৰ পৰা তিনিটা ৫১ এম এম মৰ্টাৰ আৰু ৮৪ এম এম মৰ্টাৰ শ্বেল আৰু একেখন জিলাৰে কাংভাই আৰু এছ কোটিলিয়ান গাঁৱৰ মাজৰ পৰা এটা আই ই ডি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰোপৰি মণিপুৰত সেনা-নিৰাপত্তা বাহিনীৰ অভিযানত যোৱা ২৪ ঘণ্টাত ১২ টাকৈ বাংকাৰো উৎখাত কৰিবলৈ সক্ষম হৈছে। এই বাংকাৰ কেইটা আছিলইম্ফল, বিষ্ণুপুৰ, তামেংলং, ছুৰাচান্দপুৰত।

উল্লেখ্য যে, এই পৰ্যন্ত মণিপুৰত সুৰক্ষা বাহিনীয়ে ১১০০ টা আৰ্মছ, ১৩,৭০২ টা ২৫০ টা বিভিন্ন ধৰণৰ বোমা উদ্ধাৰ কৰিছে। এই সন্দৰ্ভত প্ৰশাসনৰ ফালৰ পৰা প্ৰকাশ কৰা অনুসৰি মণিপুৰৰ পৰিস্থিতি বৰ্তমানেও উত্তেজনাপূৰ্ণ যদিও বহু কেইখন জিলা নিয়ন্ত্ৰণত আছে।

কিছুমান ঠাইতহে বিক্ষিত ঘটনা সংঘটিত হৈছে। ৰাজ্যখনৰ পৰিস্থিতি স্বাভাৱিক কৰিবলৈ সেনা আৰক্ষীয়ে ঠায়ে ঠায়ে পেট্ৰলিং, ফ্লেগ মাৰ্চ, তালাচী অব্যাহত ৰাখিছে। বিগত ২৪ ঘণ্টাত কাৰ্ফিউ ভংগ কৰা আৰু পৰিত্যক্ত বাসগৃহত চোৰ কৰিবলৈ যোৱাৰ অপৰাধত ১৩৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

তাৰ মাজতে আকৌ তামেংলং আৰক্ষীয়ে ১২ হাজাৰ বটল ভাৰতত নিৰ্মিত বিদেশী সুৰা জব্দ কৰিছে। এই সুৰাখিনি সৰবৰাহ কৰিছিল জাকিৰ হুছেইন নামৰ এজন ব্যক্তিয়ে। জাকিৰ হুছেইনৰ ঘৰ অসমৰ বঙাইগাওঁ জিলাত।

তেওঁক বৰাক ব্ৰীজ এৰিয়াত আৰক্ষীয়ে আটক কৰে। জাকিৰ হুছেইনে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে তেওঁ চলাই নিয়া বাহনখনৰ গৰাকীৰ নাম সুৰেন্দ্ৰ পণ্ডিত। সুৰেণ্ডে পণ্ডিত বিহাৰৰ বাসিন্দা যদিও এতিয়া তেওঁৰ গুৱাহাটীত থাকে।

আনহাতে তেওঁ কঢ়িয়াই নিয়া সুৰাখিনিৰ গৰাকী আছিল আৰ কে গুপ্তা। আৰ কে গুপ্তাৰ ঘৰ বিহাৰত যদিও তেওঁ বৰ্তমান ইম্ফলত থাকে।

মণিপুৰত ১২ টা বাংকাৰ উৎখাতঃ অসমৰ পৰা সুৰা সৰাবৰাহৰ অপৰাধত এজনক গ্ৰেপ্তাৰ...
উচ্চ ন্যায়ালয়ৰ ৰায়ো নামানে চিচিবৰগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ে..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in