মল্লযুঁজাৰুৰ সমৰ্থনত আজি হাৰিয়ানা বন্ধঃ WFI ৰ নিৰ্বাচন ঘোষণা, প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব ব্ৰীজ ভূষণে...

মল্লযুঁজাৰুৰ সমৰ্থনত আজি হাৰিয়ানা বন্ধঃ  WFI ৰ নিৰ্বাচন ঘোষণা, প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব ব্ৰীজ ভূষণে...

ডিজিটেল ডেস্কঃ ভাৰতীয় মল্লযুঁজ সন্থাৰ সভাপতি তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ সিঙৰ যৌন শোষণৰ অভিযোগ উত্থাপন কৰি ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰখা মল্লযুঁজাৰুসকলৰ সমৰ্থনত আৰু ব্ৰীজ ভূষণ সিঙৰ গ্ৰেপ্তাৰৰ দাবীৰে খাপ পঞ্চায়তে আজি হাৰিয়ানা বন্ধ ঘোষণা কৰিছে। উল্লেখ্য যে, কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে আলোচনাৰ অন্তত মল্লযুঁজাৰুসকলৰ দাবীসমূহ মানি লৈ ১৫ জুনৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

অনুৰাগ ঠাকুৰৰ সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই মল্লযুঁজাৰুসকলে তেওঁলোকৰ প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰাখিছে যদিও মল্লযুঁজাৰুৰ সমৰ্থনত খাপ পঞ্চায়তে প্ৰতিবাদ আৰম্ভ কৰিছে। ইতিমধ্যে কেইবাখনো বৈঠক অনুষ্ঠিত কৰি খাপ পঞ্চায়তে ১৪ জুনত হাৰিয়ানা বন্ধ ঘোষণা কৰিছিল।

খাপ পঞ্চায়তৰ সৈতে জড়িত লোকসকলে হাৰিয়ানাৰ পথ আৰু ৰে’লপথত অৱস্থান কৰি যাতায়ত ব্যৱস্থা স্থবিৰ কৰি তোলাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। সমান্তৰালকৈ আজিৰ দিনটোত দিল্লীলৈ গাখীৰ, খাদ্য, সামগ্ৰী আদিৰ যোগানো বন্ধ থাকিব।

মল্লযুঁজাৰুসকললৈ সমৰ্থন আগবঢ়াই গ্ৰহণ কৰা এই পদক্ষেপৰ লগতে হাৰিয়ানা বন্ধৰ আন এক উদ্দেশ্য হৈছে খাপ পঞ্চায়তৰ এম এছ পিকে ধৰি মুঠ ২৫ টা দাবী। আজিৰ এই বন্ধ কাৰ্যসূচী কিদৰে সফল হয় অথবা তেওঁলোকৰ দাবীসমূহ চৰকাৰে মানি লয়নে নলয় সেয়া সময়ে ক’ব যদিও ১৫ জুনৰ পূৰ্বেই মল্লযুঁজাৰুসকলৰ বাবে আহিছে এক ভাল খবৰ।

সেই অনুসৰি ৬ জুলাইত অনুষ্ঠিত হ’ব ভাৰতীয় মল্লযুঁজাৰু সন্থাৰ নিৰ্বাচন। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই নিৰ্বাচনত কেৱল ব্ৰীজ ভূষণ সিঙেই নহয়, তেওঁৰ পৰিয়ালৰ কোনো সদস্যই প্ৰতিদ্বন্দিতা আগবঢ়াব নোৱাৰিব।এই নিৰ্বাচনত ব্ৰীজ ভূষণৰ কোনো সহযোগীয়েও প্ৰতিদ্বন্দিতা আগবঢ়াব নোৱাৰিব।  

স্মৰ্তব্য যে, অনুৰাগ ঠাকুৰৰ সৈতে হোৱা আলোচনাৰ সময়ত মল্লযুঁজাৰুসকলৰ অন্যতম দাবী আছিল ভাৰতীয় মল্লযুঁজাৰু সন্থাৰ নিৰ্বাচন আৰু এই নিৰ্বাচনত ব্ৰীজ ভূষণ সিং আৰু তেওঁৰ পৰিয়ালৰ সদস্যক প্ৰতিদ্বন্দিতাৰ পৰা বিৰত ৰখা।

মল্লযুঁজাৰুৰ সমৰ্থনত আজি হাৰিয়ানা বন্ধঃ  WFI ৰ নিৰ্বাচন ঘোষণা, প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব ব্ৰীজ ভূষণে...
জোনালী নাথৰ হত্যাকাণ্ডঃ আই জি পি দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে গোচৰ দাখিল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in