জোনালী নাথৰ হত্যাকাণ্ডঃ আই জি পি দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে গোচৰ দাখিল...

জোনালী নাথৰ হত্যাকাণ্ডঃ আই জি পি দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে গোচৰ দাখিল...
জোনালী নাথৰ হত্যাকাণ্ডঃ আই জি পি দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে গোচৰ দাখিল...

ডিজিটেল ডেস্কঃ গোৱালপাৰা বিজেপিৰ সম্পাদিকা জোনালী নাথৰ হত্যাকাণ্ডৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ মাজতে এইবাৰ জোনালী নাথৰ পৰিয়ালে গোচৰ ৰুজু কৰিলে চি আই ডিৰ আই জি পিৰ বিৰুদ্ধে। উল্লেখ্য যে, অবৈধ প্ৰেমৰ সম্পৰ্কৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সোমবাৰে আৰক্ষীয়ে সংবাদ মেল যোগে প্ৰকাশ কৰিছে।

কিন্তু পৰিয়ালৰ লোকে অবৈধ প্ৰেমৰ কাহিনীক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে। এই গোচৰৰ তদন্ত কৰি চি আই ডিৰ আই জি পি দেৱৰাজ উপাধ্যায়ে সংবাদ মাধ্যমৰ আগত অবৈধ প্ৰেমজনিত কাৰণৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি উল্লেখ কৰাৰ পাছতে সমগ্ৰ বিষয়টোৱে পুনৰ ৰাজ্যজুৰি বিতৰ্কৰ সূচনা কৰে।

একাংশই মৃত্যুৰ পাছতো জোনালী নাথৰ চৰিত্ৰ হনন কৰা বুলি দাবী কৰি আৰক্ষীক চোকা সমালোচনা কৰিছিল। কেৱল সেয়াই নহয় ইমান তাৎক্ষণিক ভাৱে ঘটনাৰ তদন্ত কৰি এইদৰে সংবাদ মেল সম্বোধন কৰা চি আই ডি জোনমণি ৰাভাৰ ক্ষেত্ৰত কিয় নীৰৱ সেই লৈয়ো প্ৰশ্ন উত্থাপন হৈছিল।

এনে বিতৰ্কৰ মাজতে মঙ্গলবাৰে জোনালী নাথৰ পৰিয়ালে মাটিয়া আৰক্ষী থানাত আই জি পি দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। সংবাদ মেলৰ জৰিয়তে দেৱৰাজ উপাধ্যায়ে যিবোৰ কথা ক'লে সেই সকলোবোৰ কথাই মানি লোৱা নাই জোনালী নাথৰ পৰিয়ালৰ লোকে।

তাৰ মাজতে আজি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে গোৱালপাৰালৈ গৈ পৰিস্থতিৰ বুজ ল'ব। উল্লেখ্য যে, আই জি পি দেৱৰাজ উপাধ্যায়ৰ সংবাদ মেলৰ পাছতে জোনালী নাথৰ পৰিয়ালে দাবী কৰিছে এই হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চি বি আইৰ হাতত অৰ্পন কৰক। সমান্তৰালকৈ সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাইয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষীক সমালোচনা কৰাৰ লগতে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে।

উল্লেখ্য যে গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা তথা মাটিয়া গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্যা জোনালী নাথক হত্যা কৰি কৃষ্ণাইৰ শালপাৰাত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মৃতদেহ নিক্ষেপ কৰিছিল। পাচত চি আই ডি আৰু গোৱালপাৰা আৰক্ষীয়ে ঘটনাৰ ক্ষীপ্ৰ তদন্ত কৰি অভিযুক্ত হত্যাকাৰী হাছানুৰ ইছলামক গ্ৰেপ্তাৰ কৰিছিল।

অভিযুক্তক জেৰাৰ অন্তত আৰক্ষীয়ে এক সংবাদমেলৰ আয়োজন কৰিছিল।সংবাদ মেলখনত চি আই ডিৰ আই জি পি দেৱৰাজ উপাধ্যায়ে কৈছিল যে জোনালী নাথৰ সৈতে হাছানুৰ ইছলামৰ প্ৰায় দীৰ্ঘ দিন ধৰি অবৈধ প্ৰেমৰ সম্পৰ্ক চলি আছিল।হাছানুৰে অলপতে অন্য এগৰাকী যুৱতীৰে সামাজিকভাৱে বিবাহ পঞ্জীয়ন কৰে।ইয়াকে লৈ জোনালী আৰু হাছানুৰৰ মাজত সংঘাত সৃষ্টি হৈছিল।

হত্যাকাণ্ড সংঘটিত হোৱা দেওবাৰে নিশাতো দুয়োৰে মাজত বাক-বিতণ্ডাৰ সষ্টি হৈছিল। চলন্ত গাড়ীৰ ভিতৰতে আৰম্ভ হোৱা বাক-বিতণ্ডা এটা সময়ত উগ্ৰ ৰূপ ধাৰণ কৰাত হাছানুৰে জোনালীৰ ডিঙিত উপৰ্যুপৰি ঘোঁচা সোধায়।তদুপৰি জোনালীৰ ডিঙিত নখৰ আঘাতৰ চিন পোৱা বুলিও সংবাদ মেলখনত সদৰি কৰে আৰক্ষীয়ে।

চলন্ত গাড়ীৰ ভিতৰত মাৰপিটৰ ফলত জোনালীৰ মূৰত আঘাত পাই মৃত্যুবৰণ কৰে।পাচত হাছানুৰে গাড়ীৰ পৰা জোনালীৰ মৃতদেহ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত নিক্ষেপ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল হাছানুৰে। আৰক্ষীয়ে সংবাদ মেলখনত প্ৰকাশ কৰা অবৈধ প্ৰেমৰ কাহিনীক পৰিয়ালৰ লোকে পোনচাটেই নস্যাৎ কৰি কৰিছে।

জোনালী নাথৰ হত্যাকাণ্ডঃ আই জি পি দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে গোচৰ দাখিল...
বিজেপি নেত্ৰীৰ হত্যাকাণ্ড: অবৈধ প্ৰেমৰ কথা নস্যাৎ পৰিয়ালৰ, চিবিআই তদন্ত দাবী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in