/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/53ca7f84-2a87-4c86-97a4-cf99e72febfb/AP_FOR_WEB_India_test.jpg)
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দল ঘোষণা...
ডিজিটেল ডেস্কঃ ঘোষণা কৰা হ’ল আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দল। ৰোহিত শৰ্মাক অধিনায়ক হিচাপে লৈ গঠন হোৱা দলটোত আছে মুঠ ১৫ জন সদস্য।
গুৰুত্বপূৰ্ণ কথাটো হ’ল দুৰ্বল ফৰ্মৰ বাবে দলৰ পৰা বাদ পৰা আজিংক্য ৰাহানে পুনৰ ভাৰতীয় দলটোলৈ ঘূৰি আহিছে। চলিত আই পি এলত আজিংক্য ৰাহানেই বিস্ফোৰক বেটিঙেৰে সকলোৰে প্ৰশংসা আদায় কৰিবলৈ সক্ষম হৈছে।
আনহাতে দলটোৰ পৰা বাদ দিয়া হৈছম মিড,ল অৰ্ডাৰ বেটছমেন সূৰ্য কুমাৰ যাদৱক। দলটোত উইকেট কীপাৰ বেটছমেন হিচাপে আছে কে এছ ভাৰত। পেছ আক্ৰমণত আছে শাৰ্দুল ঠাকুৰ, মহম্মদ ছামী, মহম্মদ চিৰাজ, উমেশ যাদৱ আদু জয়দেৱ উনাদকাতে।
স্পীনাৰ বিভাগটোৰ নেতৃত্বত থাকিব অভিজ্ঞ স্পীনাৰ ৰবিচন্দ্ৰন আশ্বিন, ৰবিন্দ্ৰ জাদেজা আৰু অক্ষৰ পেটেলে। উল্লেখ্য, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ মেচখন ৭ ৰ পৰা ১১ জনুলৈ লণ্ডনৰ অ’ভেলত অনুষ্ঠিত হ’ব।
আই চি চিয়ে ঘোষণা কৰা সূচী অনুসৰি ১২ জুনৰ দিনটোক সংৰক্ষিত দিন হিচাপে ৰখা হৈছে। ঘোষিত মূল দলটো হৈছে- ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, চট্টেশ্বৰ পূজাৰা, বিৰাট কোহলি, আজিংক্য ৰাহানে, কে এল ৰাহুল, কে এছ ভাৰত, ৰবিচন্দ্ৰন আশ্বিন, ৰবিন্দ্ৰ জাডেজা, অক্সৰ পেটেল, শাৰ্দুল ঠাকুৰ, মহম্মদ ছামি, মহম্মদ ছিৰাজ, উমেশ যাদৱ আৰু জয়দেৱ উনাদকাত।
🚨 NEWS 🚨#TeamIndia squad for ICC World Test Championship 2023 Final announced.
Details 🔽 #WTC23 https://t.co/sz7F5ByfiU pic.twitter.com/KIcH530rOL— BCCI (@BCCI) April 25, 2023
Also Read: কেৰালাত প্ৰধানমন্ত্ৰী মোডীয়ে শুভাৰম্ভ কৰিলে দেশৰ প্ৰথমখন ৱাটাৰ মেট্ৰ' সেৱা...