কেৰালাত প্ৰধানমন্ত্ৰী মোডীয়ে শুভাৰম্ভ কৰিলে দেশৰ প্ৰথমখন ৱাটাৰ মেট্ৰ' সেৱা...

কেৰালাত প্ৰধানমন্ত্ৰী মোডীয়ে শুভাৰম্ভ কৰিলে দেশৰ প্ৰথমখন ৱাটাৰ মেট্ৰ' সেৱা...

author-image
Asomiya Pratidin
New Update
কেৰালাত প্ৰধানমন্ত্ৰী মোডীয়ে শুভাৰম্ভ কৰিলে দেশৰ প্ৰথমখন ৱাটাৰ মেট্ৰ' সেৱা...

কেৰালাত প্ৰধানমন্ত্ৰী মোডীয়ে শুভাৰম্ভ কৰিলে দেশৰ প্ৰথমখন ৱাটাৰ মেট্ৰ' সেৱা...

ডিজিটেল ডেস্কঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেৰালাত শুভাৰম্ভ কৰিলে ৰাজ্যখনৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ। ৰাজ্যখনত আজি তেওঁ দেশৰ প্ৰথমখন ৱাটাৰ মেট্ৰ' সেৱাও উদ্বোধন কৰে। ইয়াৰোপৰি প্ৰধানমন্ত্ৰীগৰকীয়ে তিৰুৱন্তপুৰমত ডিজিটেল বিজ্ঞান উদ্যানৰ আধাৰশিলা স্থাপন কৰে।

Advertisment

প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে পুৱা ১১ বজাত তিৰুৱন্তপুৰম ষ্টেচনত উপস্থিত হয় আৰু তিৰুৱন্তপুৰম-কাচাৰাগোডৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লখনৰ ফ্লেগ অফ কৰে। ৰে'লখনে তিৰুৱন্তপুৰম, কোল্লাম, কোট্টায়াম, এৰ্নাকুলাম, ত্ৰিচুৰ, পালাক্কাড, পাথানামথিট্টা, মালাপ্পুৰম, কোজিকোড, কান্নুৰ আৰু কাচাৰাগোডৰ দৰে ১১ খন জিলাক সামৰি ল'ব।

ইয়াৰোপৰি তেওঁ ডিণ্ডিগুল-পালানি-পালাক্কাড শাখাৰ ৰে'ল বৈদ্যুতিকৰণো উদ্বোধন কৰে। আনহাতে তিৰুৱন্তপুৰমত স্থাপন কৰা দেশৰ প্ৰথম ডিজিটেল বিজ্ঞান উদ্যান প্ৰকল্পটোৰ মুঠ ব্যয় হৈছে ১ হাজাৰ ৫১৫ কোটি টকা।

প্ৰথম পৰ্যায়ত, ইয়াৰ বাবে ২০০ কোটি টকা ব্যয় কৰা হ'ব। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰথমখন ৱাটাৰ মেট্ৰ' সেৱাও উদ্বোধন কৰে। পোৰ্ট চিটি কোচিত নিৰ্মিত ৱাটাৰ মেট্ৰ'ই কোচি চহৰক কাষৰীয় ১০ টা দ্বীপৰ সৈতে সংযোগ কৰিব।

Also Read: গুণোৎসৱৰ ফলাফলঃ ২০২২ ৰ তুলনাত ৮ হাজাৰৰো অধিক শিক্ষানুষ্ঠানে লাভ কৰিলে 'A+' গ্ৰেড

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কেৰালা ৱাটাৰ মেট্ৰ'