বৰষুণে মাৰিব শেষ হাঁহি ! কাৰ হাতলৈ যাব টেষ্ট চেম্পিয়নশ্বিপৰ ট্ৰফী...

বৰষুণে মাৰিব শেষ হাঁহি ! কাৰ হাতলৈ যাব টেষ্ট চেম্পিয়নশ্বিপৰ ট্ৰফী...
বৰষুণে মাৰিব শেষ হাঁহি ! কাৰ হাতলৈ যাব টেষ্ট চেম্পিয়নশ্বিপৰ ট্ৰফী...

ডিজিটেল ডেস্কঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিৰ বাবে সাজু হৈছে বিশ্বৰ ক্ৰিকেট অনুৰাগী। আই পি এল শেষ কৰি এই মেগা প্ৰতিযোগিতাখনৰ চূড়ান্ত মেচখনত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে ভাৰতীয় দলটো কেইবাটাও পৰ্যায়ত গৈ ইংলেণ্ডত উপস্থিত হৈছেগৈ।

দলটোৱে ইংলেণ্ডৰ মাটিত চলাই আছে অনুশীলন। তাৰ মাজতেই ভিন্ন জনৰ মনত ভিন্ন প্ৰশ্ন। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ এইবাৰ আহিবনে ভাৰতলৈ? ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে দখল কৰিব পাৰিবনে আই চি চিৰ এই ট্ৰফী?

আত্ম বিশ্বাসী ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে এইবাৰ ভাৰতলৈ এই ট্ৰফী আহিব বুলি আশা কৰিলেও অৱশ্যে এয়া ইমান এটা সহজো নহয়। কিয়নো ভাৰতৰ সন্মুখত বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে ইংলেণ্ডৰ বতৰ।

বৰষুণৰ সম্ভাৱনাই দেখা দিছে খেলখনৰ সময়ছোৱাত। দুবছৰ ধৰি চলা এই চেম্পিয়নশ্বিপৰ ফাইনেলত যদি বৰষুণে বাধা দিয়ে তেন্তে বিকল্প কি হ’ব? এই প্ৰশ্নও বহুতৰ মনত উত্থাপন হৈছে।

২০২১ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ সময়তো বৰষুণে বাধা দিছিল। এইবাৰো তাৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা আছে। যদি সেয়াই হয় তেন্তে আই চি চিৰ ৰিজাৰ্ভ ডে’ৰ নিয়ম কাৰ্যকৰী কৰা হ’ব।

এটা সম্পূৰ্ণ দিন পৰিত্যক্ত হ'লেও মেচ সংৰক্ষিত দিনটোলৈ যাবগৈ। সংৰক্ষিত দিনটোত সৰ্বোচ্চ ৮৩ অভাৰ বা ৩৩০ মিনিট সময় খেলা হ’ব। কিন্তু ৰিজাৰ্ভ ডে’ বা সংৰক্ষিত দিনটোলৈ মেচখন লৈ যোৱা হ’ব নে নাই সেয়া মেচ ৰেফাৰীয়ে সিদ্ধান্ত ল’ব।

মেচ ৰেফাৰীয়ে এই সিদ্ধান্ত ল’ব পঞ্চম দিনটোৰ অন্তিম ১ ঘণ্টাত। এই নিয়ম কাৰ্যকৰী কৰা হৈছে ২০২১ চনত। একাধিক টুৰ্ণামেণ্টৰ নিয়ম অনুসৰি বৰষুণৰ বাবে মেচ পৰিত্যক্ত হ’লে গ্ৰুপ পৰ্যায়ত যিটো দলে সৰ্বোচ্চ পইণ্ট আহৰণ কৰে তেওঁলোকৰ হাততেই তুলি দিয়া হয় ট্ৰফী।

এইবাৰ সৰ্বোচ্চ পইণ্ট আহৰণেৰে ফাইনেলত উপনীত হৈছে অষ্ট্ৰেলিয়া। কিন্তু টেষ্ট চেম্পিয়নশ্বিপত এই নিয়ম প্ৰযোজ্য নহ’ব। একেবাৰে খেলা সম্ভৱ নহলে এই ট্ৰফী ফাইনেলত উপনীত হোৱা ভাৰত আৰু অষ্ট্ৰেলিয়া দুয়োখন দেশে লাভ কৰিব।

আনহাতে যদি ৫ দিন খেলাৰ পাছতো মেচৰ কোনো ফলাফল নোলায় তেন্তে দুয়োটা দলকে বিজয়ী ঘোষণা কৰা হ’ব। মেচ ড্ৰ হ’লে আন টুৰ্ণামেণ্টত দেখাৰ দৰে চুপাৰ অভাৰ বা দুই দলৰ বেটছমেনসকলে কোবোৱা ছাৰি আৰু ছয়ৰ সংখ্যা হিচাপ কৰিও ফলাফল নিৰ্ধাৰণ কৰা ব্যৱস্থা নেদেখিব এই ফাইনেলত।

এইবাৰ আৰু বহু নতুন নিয়ম দেখা যাব ফাইনেল মেচখনত। পেচ বলিঙৰ সময়ত কোনো বেটছমেনে হেলমেট পৰিধান নকৰাকৈ থাকিব নোৱাৰিব। সকলো বেটছমেনৰ বাবে পেচ বলাৰৰ মুখামুখী হোৱাৰ সময়ত হেলমেট বাধ্যতামূলক।

উইকেটৰ সন্মুখত বেটছমেনৰ কাষত যদি কোনো খেলুৱৈয়ে ফিল্ডিং কৰে তেন্তে তেওঁৰ বাবেও প্ৰযোজ্য হ’ব এই নিয়ম। আনহাতে ফ্ৰীহিটৰ ক্ষেত্ৰতো আহিব নতুন নিয়ম। পূৰ্বে ফ্ৰীহিটত ব’ল্ড হোৱাৰ সময়ত ৰাণ সংগ্ৰহ কৰিলে সেই ৰাণ অতিৰিক্ত হিচাপে ধৰা হয় যদিও এতিয়াৰে পৰা সেই ৰাণ বেটছমেনজনৰ ৰাণ হিচাপে ধৰা হ’ব। একেদৰে বাতিল কৰা হৈছে অনফিল্ড আম্পায়াৰে দিয়া চফ্ট ছিগনেল।

বৰষুণে মাৰিব শেষ হাঁহি ! কাৰ হাতলৈ যাব টেষ্ট চেম্পিয়নশ্বিপৰ ট্ৰফী...
তেজৰ চেকুৰাৰে লিপিবদ্ধ ইতিহাস বুকুত লৈ বালাছোৰত পুনৰ আৰম্ভ হ'ল ৰে'ল সেৱা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in