তেজৰ চেকুৰাৰে লিপিবদ্ধ ইতিহাস বুকুত লৈ বালাছোৰত পুনৰ আৰম্ভ হ'ল ৰে'ল সেৱা...

তেজৰ চেকুৰাৰে লিপিবদ্ধ ইতিহাস বুকুত লৈ বালাছোৰত পুনৰ আৰম্ভ হ'ল ৰে'ল সেৱা...
তেজৰ চেকুৰাৰে লিপিবদ্ধ ইতিহাস বুকুত লৈ বালাছোৰত পুনৰ আৰম্ভ হ'ল ৰে'ল সেৱা...

ডিজিটেল ডেস্কঃ পুনৰ স্বাভাৱিক ভাৱেই ৰে'ল চলাচল আৰম্ভ হ'ল ওড়িশাৰ বালাছোৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা ৰে'ল লাইনেৰে। প্ৰায় ৫০ ঘণ্টাৰো অধিক সময়লৈ ভাৰতীয় ৰে'লৱেই পুনৰ নিৰ্মাণ কৰি উলিয়ালে দুৰ্ঘটনাত বিধ্বস্ত হোৱা ৰে'ল লাইন।

৩ খনকৈ ৰে'লৰ এই সংঘৰ্ষই সমগ্ৰ বিশ্বতে চাঞ্চল্য সৃষ্টি কৰিছিল। ভাৰতীয় ৰে'লৱেৰ ইতিহাসৰ অন্যতম কলংকিত আৰু ক'লা অধ্যায় হিচাপে লিপিবদ্ধ হৈ ৰ'ল এই ঘটনা। যোৱা ২ টা শতিকাৰ ভিতৰত ভাৰতত সৰ্ববৃহৎ আৰু বিশ্বৰ ভিতৰতে যোৱা ২০ টা বছৰত সংঘটিত হোৱা আটাইতকৈ বৃহৎ ৰে'ল দুৰ্ঘটনা হিচাপে পৰিগণিত হ'ল এই ৰে'ল দুৰ্ঘটনা।

এই দুৰ্ঘটনাত ২৮৮ গৰাকী লোকৰ প্ৰাণহানি হোৱাৰ লগতে ১০০০ ৰো অধিক লোক আহত হৈছে। উল্লেখ্য যে, প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি ইলেক্ট্ৰনিক ইণ্টাৰলকিং চিষ্টেম পৰিৱৰ্তন কৰাৰ বাবেই এই ভয়াৱহ ৰে'ল দুৰ্ঘটনা সংঘটিত হৈছিল।

ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশনাত ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপৰিও কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰে'ল দুৰ্ঘটনাৰ পাছৰ পৰাই সমগ্ৰ ঘটনাৰ তদাৰক কৰি আছে।

তাৰ মাজতে দেওবাৰে এই দুয়োগৰাকী নেতাৰ লগতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যয় দুৰ্ঘটনাত আহতসকলৰ স্বাস্থ্যৰ বুজ লয়গৈ। ইফালে চৰকাৰী তথ্য মতে এই ৰে'ল দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৮৮ জন নহয় ২৭৫ জনহে।

তেওঁলোকে দুবাৰকৈ মৃতদেহ হিচাপ কৰিছে। কিন্তু বেচৰকাৰী তথ্য অনুসৰি এই দুৰ্ঘটনাত নিহতৰ সংখ্যা ৩০০ ৰো অধিক হ’ব। চৰকাৰী তথ্য অনুসৰি এই পৰ্যন্ত ৮৮ টা মৃতদেহ চিনাক্ত কৰা হৈছে।

বহুতৰ কেৱল দেহৰ টুকুৰা টুকুৰ অংগহে আছে। সেয়ে ডি এন এ পৰীক্ষা কৰিহে এই ক্ষত-বিক্ষত মৃতদেহ হস্তান্তৰ কৰা হ'ব। আনহাতে আহত ১১৭৫ গৰাকী যাত্ৰীৰ ভিতৰত ৭৯৩ গৰাকীয়েই হাস্পতাল এৰি ঘৰলৈ গৈছে। ইফালে এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ বিচাৰি উলিয়াবলৈ সমগ্ৰ ঘটনাৰ তদন্ত চি বি আইলৈ হস্তান্তৰ কৰা হৈছে।  

তেজৰ চেকুৰাৰে লিপিবদ্ধ ইতিহাস বুকুত লৈ বালাছোৰত পুনৰ আৰম্ভ হ'ল ৰে'ল সেৱা...
সকলো বাধা আঁতৰিলঃ আজি ছবি গৃহলৈ আহিব 'শ্ৰী ৰঘুপতি'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in