৭ জুলাইৰ পৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল...

৭ জুলাইৰ পৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল...

author-image
Asomiya Pratidin
New Update
৭ জুলাইৰ পৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল...

৭ জুলাইৰ পৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল...

ডিজিটেল ডেস্কঃ আই চি চিয়ে ঘোষণা কৰিলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ সময়সূচী। সেই অনুসৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে নিৰ্ধাৰিত স্থান হৈছে ইংলেণ্ডৰ অ'ভেল গ্ৰাউণ্ড।

Advertisment

আজি আই চি চিয়ে এই কথা প্ৰকাশ কৰিছে। উল্লেখ্য যে, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখন জুনৰ ৭ তাৰিখৰ পৰা ১১ তাৰিখলৈ লণ্ডনৰ অ'ভেল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।

২০২১ ত অনুষ্ঠিত হোৱা পূৰ্ববৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল চাউদাম্পটনত। ফাইনেলখনত নিউজিলেণ্ডে ভাৰতক ৮ উইকেটত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছিল।

মন কৰিবলগীয়া যে, বৰ্তমান অষ্ট্ৰেলিয়া ৭৫.৫৬ পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে। তালিকাৰ দ্বিতীয় স্থানত আছে ভাৰত। ভাৰতে এই পৰ্যন্ত ৫৮.৯৩ পইণ্ট লাভ কৰিছে।

অহা ৯ ফেব্ৰুৱাৰীত ভাৰত আৰু অষ্ট্ৰেলিয়াই ৪ খন টেষ্টৰ এক শৃংখলাত মুখামুখি হ'ব। আনহাতে পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে শ্ৰীলংকা। চতুৰ্থ স্থানত আছে দক্ষিণ আফ্ৰিকা।

Also Read: বিধায়ক আৱাসত এটা নিশা আছিল অপহৃত যুৱতী আৰু ৰিতুল হুছেইনঃ স্বীকাৰ কৰিলে বিধায়ক আশ্ৰাফুল হুছেইনে...

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ