/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/1e0527f8-0320-4732-8344-88bd58e5a364/ashraful_hussain_08.jpg)
বিধায়ক আৱাসত এটা নিশা আছিল অপহৃত যুৱতী আৰু ৰিতুল হুছেইনঃ স্বীকাৰ কৰিলে বিধায়ক আশ্ৰাফুল হুছেইনে...
ডিজিটেল ডেস্কঃ অপহৰণ আৰু যুৱতীৰ নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অভিযুক্ত এ আই ইউ ডি এফৰ বিধায়ক আশ্ৰাফুল হুছেইনে। সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত আশ্ৰাফুল হুছেইনে স্বীকাৰ কৰিছে তেওঁৰ আৱাসত নৈশ যাপন কৰিছিল নিৰ্যাতিত যুৱতীগৰাকীয়ে।
সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত তেওঁ কয়, তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ ভিত্তিহীন। জনৈক ৰিতুল হুছেইনৰ সৈতে তেওঁৰ কোনো বিশেষ সম্পৰ্ক নাই।
নিৰ্বাচনৰ সময়ত ৰিতুলে তেওঁক সহায়, সহযোগিতা আগবঢ়াইছিল। সেই সূত্ৰেই ৰিতুল হুছেইনক আশ্ৰাফুল হুছেইনে চিনি পায় বুলিও মন্তব্য কৰিছে। আনহাতে তেওঁৰ দিছপুৰৰ বিধায়ক আৱাসত অপহৃতা যুৱতীগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ সন্দৰ্ভত কয়, এটা নিশা তেওঁলোকে বিধায়ক আৱাসত পাৰ কৰাটো সত্য।
দুয়োজন যিহেতু প্ৰাপ্তবয়স্ক সেয়ে তেওঁ বাধা প্ৰদান কৰা নাছিল। এটা নিশা কটোৱাৰ পিছত তেওঁলোকক বিদায় দিয়া হৈছিল। অৱশ্যে সেই নিশা বিধায়ক আৱাসত নাছিল আশ্ৰাফুল হুছেইন।
এই সমস্ত ঘটনা তেওঁ ইতিমধ্যে আৰক্ষীক অৱগত কৰিছে বুলিও ব্যক্ত কৰিছে। আশ্ৰাফুল হুছেইনৰ দাবী, আৰক্ষীয়ে সঠিক তদন্ত কৰিলে সকলো কথা স্পষ্ট হ'ব। তেওঁ নিজকে নিৰ্দোষী বুলি দাবী কৰাৰ লগতে এই ঘটনাৰ সৈতে কোনো কাৰণতে জড়িত নহয় বুলিও স্পষ্টিকৰণ দিছে।
অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে এই বিষয়ে স্পষ্ট হ'ব। উল্লেখ্য যে, দিছপুৰ থানাত বিধায়ক আশ্ৰাফুল হুছেইনে বৰপেটাৰ এগৰাকী যুৱতীক অপহৰণ কৰাৰ লগতে বিধায়ক আৱাসত ৰাখি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। এই সন্দৰ্ভত যোৱা ৬ ফেব্ৰুৱাৰীত দিছপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ভুক্তভোগীয়ে।
ৰিতুল হুছেইন নামৰ এজন যুৱকে বৰপেটাৰ পৰা যুৱতীগৰাকীক অপহৰণ কৰাৰ কথাও আৰক্ষীক দিয়া এজাহাৰত লিপিবদ্ধ কৰা হৈছিল। ইফালে চৰ্চা অনুসৰি ৰিতুল হুছেইন নামৰ যুৱকজন ড্ৰাগছ সৰবৰাহৰ সৈতেও জড়িত।
এই ঘটনাৰ সৈতে বিশেষকৈ বিধায়ক আৰু বিধায়ক আৱাসৰ নাম সোঙোৰ খোৱাৰ পিছতে এতিয়া ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি হৈছে। কিয়নো ৰাজ্যৰ প্ৰশাসনৰ হৃদপিণ্ডস্বৰূপ দিছপুৰত কটকটীয়া নিৰাপত্তাৰ মাজতো বিধায়ক আৱাসত এই ঘটনা কিদৰে সংঘটিত হ'বলৈ পালে তাক লৈও প্ৰশ্ন উত্থাপন হৈছে।
Also Read: ভূমিকম্পই বিধ্বস্ত কৰা তুৰস্কত ফিল্ড হাস্পতাল স্থাপন কৰিব ভাৰতীয় সেনাই...