সপোন সপোনে হৈ ৰ'ল : ৰানাৰ্ছ-আপতে সন্তুষ্ট ভাৰত

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব শ্ৰেষ্ঠ বেটিং লাইন-আপ যেন কাগজৰ বাঘত পৰিণত হ'ল

author-image
Asomiya Pratidin
New Update
সপোন সপোনে হৈ ৰ'ল : ৰানাৰ্ছ-আপতে সন্তুষ্ট ভাৰত

ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ অ'ভেলত দৰ্পচূৰ্ণ ভাৰতীয় ক্ৰিকেট দলৰ। পুনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত মুখথেকেচা ভাৰতীয় ক্ৰিকেট দলৰ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচত তাচপাতৰ দৰে খহিল ভাৰতৰ বেটিঙ লাইন-আপ।

Advertisment

টপ অ'ৰ্ডাৰত ব্যৰ্থ অধিনায়ক ৰোহিত শৰ্মা,শুভমন গীল আৰু অভিজ্ঞ চেতেশ্বৰ পূজাৰা। শনিবাৰে জয়ৰ বাবে ৪৪৪ ৰানৰ লক্ষ্য লৈ দ্বিতীয় ইনিংছ আৰম্ভ কৰা ভাৰতে হেৰুৱাই ৩টাকৈ উইকেট।

ইয়াৰ পাছত মিডল অ'ৰ্ডাৰত কোহলি আৰু ৰাহানে দলক কিছু সকাহ দিয়ে যদিও মেচৰ পঞ্চম দিনা দেওবাৰে দুয়োগৰাকীয়ে বিদায় লয়। কোহলি ৪৯ আৰু ৰাহানে ৪৬ ৰানৰ বৰঙণি যোগায়।

তাৰপাছত শেষৰ ফালে ক্ৰমে আয়াৰাম-গয়াৰাম। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব শ্ৰেষ্ঠ বেটিং লাইন-আপ যেন কাগজৰ বাঘত পৰিণত হ'ল। পঞ্চম দিনা ভাৰতে বিজয় লক্ষ্য অনুসৰণ কৰি মাত্ৰ ২৩৪ ৰানতে ইনিংছ সামৰি ২০৯ ৰানৰ বিশাল ব্যৱধানত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয়। এই জয়ৰ সুবাদতে অষ্ট্ৰেলিয়াই বিশ্ব টেষ্ট চেম্পিয়শ্বিপৰ খিতাপ অৰ্জন কৰে আৰু পুনৰ ৰানাৰ্ছ-আপতে সন্তুষ্ট থাকে ৰোহিত বাহিনী।

উল্লেখ্য যে, বিগত টেষ্ট চেম্পিয়শ্বিপৰ ফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল ভাৰত আৰু চেম্পিয়নৰ খিতাপ লাভ কৰিছিল নিউজিলেণ্ডে।

Also Read: বিশ্ব টেষ্ট চেম্পিয়নশ্বিপঃ দ্বিতীয় ইনিংছতো ব্যৰ্থ ভাৰতৰ অ'পেনিঙ যুটি

rohit sarma cricket