/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/545cedbc-c43e-414f-845f-98043520f05b/AP_FOR_WEB_cricket.jpg)
ডিজিটেল ডেস্কঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ব্যৰ্থতাই লগ এৰা নাই ভাৰতীয় দলৰ অ'পেনিঙ যুটিক। ব্যৰ্থ হৈছে প্ৰতিপক্ষৰ বলাৰৰ মূৰৰ কামৰোণি চেতেশ্বৰ পূজাৰা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/02042e09-01cd-44a4-a155-3d48ba070c8c/Britain_Cricket_India_Australia_76_1686156371771_1686156660355.avif)
ইংলেণ্ডৰ শীতল পৰিবেশত অনুষ্ঠিত হৈছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচ। সমুখ সমৰত দুই শক্তি ভাৰত বনাম অষ্ট্ৰেলিয়া। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত যেন পূৰ্বৰ শক্তি নাই ভাৰতীয় দলৰ। আই পি এলত যেন সকলো শক্তি বিসৰ্জন দি উৰা মাৰিছিল অ'ভেললৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/5f64f328-4a67-4d0f-95cd-6c3c60277fea/100841106.webp)
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যেন যুঁজাৰ মানসিকতা নাই দলৰ সদস্যসকলৰ। টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৰে এখন মেচত ভাৰতীয় বেটছমেনৰ আয়াৰাম-গয়াৰাম অৱস্থা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/5527cb22-c17c-47b4-a508-7c543f404a5b/Britain_Cricket_India_Australia_55_1686412754282_1686412836146.avif)
সদ্যসমাপ্ত আই পি এলৰ নায়ক শুভমন গীলৰ বেটত নাই ৰান । দুয়োটা ইনিংছত তেওঁৰ ৰান ১৩ আৰু ১৮ মুঠ ৩১ ৰান। দীঘলীয়া ইনিংছ খেলাত ব্যৰ্থ অ'পেনিঙ যুটি।
অধিনায়ক ৰোহিতো কাগজৰ বাঘ। প্ৰথম ইনিংছত ১৫ আৰু দ্বিতীয় ইনিংছত ৪৩ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী ৰোহিত শৰ্মা। শনিবাৰে আৰম্ভ হোৱা চতুৰ্থ দিনৰ দ্বিতীয় ইনিংছত ভাৰতৰ ৰান ৩ উইকেইটত ১৬৪। জয়ৰ বাবে প্ৰয়োজন ৯৭ অ'ভাৰত ২৮০ ৰানৰ। ক্ৰিজত আছে অভিজ্ঞ আজিংক্যা ৰাহানে আৰু বিৰাট কোহলি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/7d2ef129-1abe-4380-9948-b9b651bba09d/ind_vs_aus_1686328609.avif)
উল্লেখ্য যে, অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪৬৯ আৰু দ্বিতীয় ইনিংছত ২৭০ ৰান সংগ্ৰহ কৰে। আনহাতে,ভাৰতে প্ৰথম ইনিংছত ৰাহানেৰ অৰ্ধশতকৰ সহায়ত ২৯৬ আৰু শনিবাৰে দ্বিতীয় ইনিংছ খেলিবলৈ আৰম্ভ কৰি ১৬৪ ৰানত বেটিং কৰি আছে।
Also Read: এইবাৰো ৰানাৰ্ছ আপতেই সন্তুষ্ট হ'ব নেকি টীম ইণ্ডিয়া ?