/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/f1880bf4-edbb-47b5-beed-745a99633560/AP_FOR_WEB_barsapara.jpg)
এদিনীয়া ক্ৰিকেট বিশ্বকাপঃ সম্পূৰ্ণ ACA ৰ প্ৰস্তুতি, ৩০ ছেপ্টেম্বৰত ভাৰত-ইংলেণ্ডৰ মেচ...
ডিজিটেল ডেস্কঃ ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈছে ক্ৰিকেট বিশ্ব। অহা এটা মাহৰো অধিক সময়ৰ বাবে ভাৰত হৈ পৰিব ক্ৰিকেটৰ হটস্পট। ৫ অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হ'ব এদিনীয়া ক্ৰিকেট বিশ্বকাপ।
ইতিমধ্যে ভাৰতত আহি উপস্থিত হৈছেহি বিশ্বকাপত অংশগ্ৰহণ কৰিবলগীয়া প্ৰায় প্ৰতিটো দল। আহমেদাবাদত ৫ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া উদ্বোধনী মেচত মুখামুখী হ'ব বৰ্তমানৰ চেম্পিয়ন ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া।
ইয়াৰ পাছত সূচী অনুসৰি অনুষ্ঠিত হ'ব অন্যান্য মেচসমূহ। মুঠ ২৬ দিনীয়া এই প্ৰতিযোগিতাখনত অনুষ্ঠিত হ'ব ৪৮ খন মেচ। বিশ্বকাপৰ মূল মেচ অনুষ্ঠিত হোৱাৰ পূৰ্বে ২৯ ছেপ্টেম্বৰ শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব প্ৰতিটো দলৰে প্ৰস্তুতি মেচ।
এই দিনটোত তিনিখন পৃথক চহৰত ৩ খন প্ৰস্তুতি মেচ অনুষ্ঠিত হ'ব। হায়দৰাবাদত পাকিস্তান আৰু নিউজীলেণ্ডে প্ৰথমখন প্ৰস্তুতি মেচত অংশগ্ৰহণ কৰাৰ বিপৰীতে, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানৰ মাজত দ্বিতীয়খন, শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত তৃতীয়খন প্ৰস্তুতি মেচ অনুষ্ঠিত হ'ব।
ইয়াৰ পৰৱৰ্তী দিনটোত ৩০ ছেপ্টেম্বৰত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব প্ৰস্তুতি মেচ। ইয়াৰোপৰি এই দিনটোতে অনুষ্ঠিত হ'ব অষ্ট্ৰেলিয়া আৰু নেদাৰলেণ্ডৰ মাজৰ প্ৰস্তুতি মেচ।
ইয়াৰ পাছত এটা দিনৰ বিৰতিৰ অন্তত ২ অক্টোবৰত দক্ষিণ আফ্ৰিকা আৰু নিউজীলেণ্ড, বাংলাদেশ আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব প্ৰস্তুতি মেচ। ৩ অক্টোবৰত ভাৰত আৰু নেদাৰলেণ্ড, আফগানিস্তান আৰু শ্ৰীলংকা, পাকিস্তান আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'ব প্ৰস্তুতি মেচ।
দেশৰ অন্যান্য চহৰৰ লগতে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামটো অনুষ্ঠিত হ'ব মুঠ ৪ খনকৈ প্ৰস্তুতি মেচ। এই মেচ কেইখনত ভাৰতীয় দলটোৰ উপৰিও ইংলেণ্ড, বাংলাদেশ, শ্ৰীলংকা আৰু আফগানিস্তান দল কেইটাই অংশগ্ৰহণ কৰিব।
গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া মুঠ ৪ খন প্ৰস্তুতি মেচৰ ভিতৰত ২৯ ছেপ্টেম্বৰত বাংলাদেশ আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'ব প্ৰথমখন প্ৰস্তুতি মেচ। ৩০ ছেপ্টেম্বৰত মুখামুখি হ'ব ভাৰত আৰু ইংলেণ্ড।
ইয়াৰ পৰৱৰ্তী সময়ত ২ আৰু ৩ অক্টোবৰত বৰ্ষাপাৰাত প্ৰস্তুতি মেচ খেলিব ক্ৰমে ইংলেণ্ড- বাংলাদেশ আৰু আফগানিস্তান-শ্ৰীলংকাই। এই মেচ কেইখনৰ বাবে গুৱাহাটী যান-বাহন আৰক্ষীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। আৰোপ কৰিছে কেটবোৰ নিষেধাজ্ঞা।
সেই অনুসৰি ২৯, ৩০ ছেপ্টেম্বৰ আৰু ২, ৩ অক্টোবৰত ২৭ আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱা ৯ বজাৰ পৰা নিশা ১২ বজালৈ সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহন প্ৰৱেশ কৰিব নোৱাৰিব। চাৰিচকীয়াৰ পৰা তাৰ ওপৰৰ সকলো বাহনত নিষেধাজ্ঞা জাৰি কৰিছে যান–বাহন আৰক্ষীয়ে৷
এই দিন কেইটাত পুৱা ৯ বজাৰ পৰা নিশা ১২ বজালৈ এ কে আজাদ ৰোড আৰু এ কে দেৱ পথত ৩ চকীয়া আৰু তাৰ ওপৰৰ সকলো বাণিজ্যিক বাহনৰ চলাচলতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ খেলৰ দিনকেইটাত এ কে আজাদ পথ পুৱা ১১ বজাৰ পৰা ৱান ৱে’ হ'ব৷
একেদৰে চাইকেল ফেক্টৰীৰ ফালৰ পৰা লখৰা চাৰিআলি অভিমুখে যান-বাহন চলাচল কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই পথেৰে কেৱল পাছ থকা বাহনৰ লগতে স্কুল বাছ, এম্বুলেন্স আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বাহনহে চলাচল কৰিব পাৰিব ৷
খেলৰ চাৰিদিনত বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেণপাৰা তিনিআলিলৈ খেলৰ গাড়ী, পাছ থকা বাহনৰ বাবে একক পথ হ’ব। কাৰ পাছ নথকা বাহনসমূহক এই পথত প্ৰৱেশত অনুমতি দিয়া নহ'ব। অৱশ্যে স্থানীয় বাসিন্দাৰ বাহন প্ৰৱেশ কৰিব পাৰিব।
ধীৰেণপাৰা তিনিআলিৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়াম অভিমুখেও কোনো ধৰণৰ যান-বাহন প্ৰৱেশ কৰিব নোৱাৰিব। ইয়াৰোপৰি এই প্ৰস্তুতি মেচ কেইখন যিসকল দৰ্শকে উপভোগ কৰিব তেওঁলোকৰ বাবেও কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে।
তেওঁলোকে কেনেকৈ ষ্টেডিয়ামত প্ৰৱেশ কৰিব সেই সন্দৰ্ভত জাৰি কৰা হৈছে নিৰ্দেশনা। সেই অনুসৰি গেট নং-১ 'বি'ৰ জৰিয়তে কেৱল গাড়ীৰ পাছ থকা আমন্ত্ৰিত অতিথিসকল প্ৰৱেশ কৰিব পাৰিব। অন্যান্য দৰ্শকৰ প্ৰৱেশৰ বাবে থাকিব বাকী ছয়খন গেট।
দৰ্শকসকলৰ বাবেও নিৰ্দিষ্ট কৰি দিয়া হৈছে যান-বাহন ৰখোৱাৰ বাবে ঠাই।সেই স্থানসমূহ হৈছে ক্ৰমে এ কে দেৱ ৰোডত থকা চম্পাবতী ফিল্ড, গণেশপাৰা ফিল্ড, দতালপাৰা ফিল্ড, চম্পাৱতী ফিল্ডৰ পৰা গড়চুক তিনিআলিলৈ, আমবাৰী ৰংপথাৰ ফিল্ড, পি ডব্লিউ ডি ফিল্ড আৰু ফটাশিল আমবাৰী।
আনহাতে, এ কে আজাদ ৰোডৰ পৰা অহা দৰ্শকসকলৰ বাবে পাৰ্কিঙৰ সুবিধা ৰখা হৈছে লুটুমা ফিল্ড, বিশাল বিবাহ হলৰ ওচৰত চাইকেল ফেক্টৰী ফিল্ড, লালগণেশৰ পৰা সাওকুছি দলঙলৈ (এফালে একক লাইন পথৰ কাষত পাৰ্কিং), ৰোলিং মিল পাৰ্কিং ফিল্ড আৰু কালি মন্দিৰ বসন্ত ক্লাব খেলপথাৰ, কলনী বজাৰত।
উল্লেখ্য, বৰ্ষাপাৰাত অনুষ্ঠিত হ'বলগীয়া ভাৰত বনাম ইংলেণ্ডৰ প্ৰস্তুতি মেচখনত ৩০ হাজাৰতকৈ অধিক দৰ্শক উপস্থিত থকাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে অসম ক্ৰিকেট সন্থাই। ইতিমধ্যে বুক মাই শ্ব'ৰ জৰিয়তে দৰ্শকে এই মেচখনৰ বাবে টিকট সংগ্ৰহ কৰিছে।
Also Read: মূল মেচ নাহিল, গুৱাহাটীলৈ আহিল এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী...