মূল মেচ নাহিল, গুৱাহাটীলৈ আহিল এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী...

মূল মেচ নাহিল, গুৱাহাটীলৈ আহিল এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী...
মূল মেচ নাহিল, গুৱাহাটীলৈ আহিল এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী...

তুষাৰ প্ৰতিম

আৱতৰীয়া বিহুৰ সাক্ষী হ'ল আই চি চি এদিনীয়া বিশ্বকাপৰ ট্ৰফী। পোন প্ৰথমবাৰৰ বাবে অসমৰ ভূমিত উন্মোচিত হ'ল ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী। সাক্ষী হৈ ৰ'ল কেইবাটাও প্ৰজন্মৰ ক্ৰিকেট অনুৰাগী। সাক্ষী হৈ ৰ'ল শিক্ষাৰ্থী।

যোৱা ২৭ জুনত ভূ-পৃষ্ঠৰ পৰা ১ লাখ ২০ হাজাৰ ফুট উচ্চতাৰ পৰা যাত্ৰা আৰম্ভ কৰা এদিনীয়া বিশ্বকাপ ট্ৰফীয়ে বিশ্বৰ মুঠ ১৮ খন দেশ ভ্ৰমণ কৰি পুনৰ ঘূৰি আহিছে ভাৰতলৈ। আৰু প্ৰথমবাৰৰ বাবে এই ট্ৰফী আহিল গুৱাহাটীলৈ।

১৩ ছেপ্টেম্বৰ ২০২৩, বুধবাৰে পুৱা ১১ বজাত গুৱাহাটীৰ এক অভিজাত শিক্ষানুষ্ঠান ছাউথ পইণ্ট স্কুলৰ চৌহদত প্ৰথমে প্ৰৱেশ কৰে আই চি চি বিশ্বকাপৰ ট্ৰফীয়ে। ৰিয়ান পৰাগ, অন্যতম ৰাজকোঁৱৰ, অস্মিতা চলিহাকে ধৰি একাধিক ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদৰ অধ্যয়নৰস্থলী ছাউথ পইণ্ট স্কুলতেই সোণালী আৰু ৰূপালী ৰঙৰ সংমিশ্ৰণৰ আই চি চিৰ ট্ৰফী সাক্ষী হ'ল অসমীয়াৰ প্ৰাণ বিহুৰ।

ট্ৰফীটোক বিহুৰে আদৰণি জনোৱাৰ লগতে এন চি চিৰ গোটে পেৰেডেৰে নিলে আগুৱাই। প্ৰথমবাৰৰ বাবে এইদৰে আই চি চিৰ এদিনীয়া বিশ্বকাপৰ ট্ৰফীটো চকুৰ সন্মুখত দেখি আনন্দত আত্মহাৰা হৈ পৰিল শিক্ষাৰ্থীসকল।

দুপৰীয়া ২ বাজি ১৫ মিনিটত অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত পুনৰ উন্মোচন কৰা হয় এই ট্ৰফীক। বি চি চি আইৰ যুটীয়া সচিব দেৱজিৎ শইকীয়া, অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক ত্ৰিদীপ কোঁৱৰে ক্ৰিকেট অনুৰাগী, অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়া, প্ৰাক্তন তথা বৰ্তমানৰ খেলুৱৈৰ হৰ্ষোল্লাসৰ মাজেৰে আনুষ্ঠানিক ভাৱে উন্মোচন কৰে এই ট্ৰফী।

অসমত ক্ৰিকেটৰ জনপ্ৰিয়তা আছে। এই জনপ্ৰিয়তা আজিৰ নহয়। কিন্তু অসমৰ ক্ৰিকেট ক্ষেত্ৰখন বহু সময়ত যেন বঞ্চিত হৈ আহিছে, তেনে অনুভৱ কৰে ক্ৰীড়া অনুৰাগীয়ে।

অসমত ক্ৰীড়াৰ উপযুক্ত আন্তঃগাঁথনি থকাৰ পাছতো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ অনুষ্ঠিত কৰাৰ পৰা বঞ্চিত হৈ আহিছিল। বিশ্বকাপৰ মেচ অসমৰ ক্ৰিকেট অনুৰাগীয়ে ঘৰৰ মাটিত উপভোগৰ কথা হয়তো সপোনতো ভবা নাছিল।

অসমত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ অনুষ্ঠিত হৈছিল ১৯৮৩ চনৰ ১৭ ডিচেম্বৰত। ভাৰত আৰু ৱেষ্টইণ্ডিজৰ মাজত গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল সেই মেচখন।

আনহাতে নেহেৰু ষ্টেডিয়ামত অন্তিমখন এদিনীয়া মেচ অনুষ্ঠিত হৈছিল ২০১০ৰ নৱেম্বৰত। এই সুদীৰ্ঘ ২৭ বছৰত নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল মাত্ৰ ১৩ খন এদিনীয়া।

ইয়াৰ পাছত ৭ বছৰৰ অপেক্ষা। ২০১৭ ত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ্ষাপাৰাত শুভ উদ্বোধন কৰে অসম ক্ৰিকেট সন্থাৰ নিজা অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম। তেতিয়াৰে পৰা এই পৰ্যন্ত এই ষ্টেডিয়ামখনত মুঠ ৫ খন এদিনীয়া মেচ অনুষ্ঠিত হৈছে।

অসমত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচৰ সংখ্যা ইমানেই। শেহতীয়াকৈ অসম ক্ৰিকেট সন্থাৰ সক্ৰিয়তা আৰু বি চি চি আইত দেৱজিৎ শইকীয়াৰ উপস্থিতিয়ে অসমে গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে।

যাৰ পৰিণতিত গুৱাহাটীয়ে আই চি চি ক্ৰিকেট বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰাৰ সুযোগ নাপালেও ৪ খনকৈ ৱাৰ্মআপ মেচ অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰিছে। এই চাৰিওখন মেচেই হ'ব লাইভ টেলিকাষ্ট। উপভোগ কৰিব পাৰিব দৰ্শকে।

বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰাৰ বাবে নিৰ্ধাৰণ কৰা মুঠ ১০ খন ভ্যেনুৰ তালিকাত গুৱাহাটী থকাৰ বাবেই আই চি চি ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী আহি গুৱাহাটীত উপস্থিত হ'ল। কাষৰ পৰা এবাৰ স্বচক্ষে এই ট্ৰফী চালে ক্ৰিকেট অনুৰাগীয়ে।

এই পৰ্যন্ত ভাৰতে মাত্ৰ দুবাৰহে ক্ৰিকেট বিশ্বকাপ জয় কৰিছে। ১৯৮৩ আৰু ২০১১ ৰ বিশ্বকাপ। এই দুয়োখন বিশ্বকাপৰ ট্ৰফী ভাৰতে অৰ্জন কৰিলেও অসমৰ ক্ৰিকেট অনুৰাগীয়ে সেই ট্ৰফী এই পৰ্যন্ত স্বচক্ষে প্ৰত্যক্ষ কৰাৰ সুযোগ পোৱা নাছিল।

এইবাৰ সেই সুযোগ আহিল। ২৭ জুনত ১ লাখ ২০ হাজাৰ ফুট উচ্চতাত প্ৰথমবাৰৰ বাবে উন্মোচিত হোৱা আই চি চি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ট্ৰফী আহমেদাবাদৰ পৰা ক্ৰমে নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, পাপুৱা নিউ গিনি, আমেৰিকা যুক্ত ৰাষ্ট্ৰ, ৱেষ্ট ইণ্ডিজ, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ, কুৱেইট, বাহৰেইন, ইটালী, ফ্ৰান্স, ইংলেণ্ড, মালয়ছিয়া, উগাণ্ডা, নাইজেৰিয়া, দক্ষিণ আফ্ৰিকা আদি দেশ ভ্ৰমণ কৰি পুনৰ ঘূৰি আহিছে ভাৰতলৈ।

এইদৰে বিশ্ব পৰিভ্ৰমণ কৰি পুনৰ ভাৰতলৈ ঘূৰি আহি গুৱাহাটীত উপস্থিত হোৱা আই চি চি ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী ভাৰততেই স্থায়ী ভাৱে থাকি যোৱাটো বিচাৰিছে ক্ৰিকেট অনুৰাগীয়ে। সকলোৰে আশা ৰোহিত শৰ্মাৰ নেতৃত্বত ঘোষিত ভাৰতীয় দলটোৱেই এইবাৰৰ বিশ্বকাপ জয় কৰি এই ট্ৰফী নিজৰ কৰক।

অৱশ্যে ক্ৰিকেট বিশেষজ্ঞসকলৰ মতেও ভাৰতৰ মাটিত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ ক্ৰিকেট বিশ্বকাপৰ অন্যতম শক্তিশালী দাবীদাৰ ভাৰতেই। ইতিমধ্যে ভাৰতীয় নিৰ্বাচকে ঘোষণা কৰা বিশ্বকাপৰ দলটোক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে সকলোৱে।

অৱশ্যে আৰ আশ্বিন আৰু য়ুজবেন্দ্ৰ চাহালৰ অনুপস্থিতিক লৈ একাংশই অসন্তুষ্টি প্ৰকাশ কৰিছে যদিও ৰোহিত শৰ্মা, বিৰাট কোহলি, শুভমণ গিল, কে এল ৰাহুল, ঈশান কিশান, হাৰ্ডিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাডেজা, অক্সৰ পেটেল, যশপ্ৰীত বুমৰাহ আদিৰে গঠিত দলটো সৰ্বশক্তিমান হৈ উঠিব বুলি বিশ্বাস কৰিছে সকলোৱে।

২৯ ছপ্টেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া প্ৰস্তুতি মেচৰ প্ৰথমখন মেচত মুখামুখি হ'ব বাংলাদেশ আৰু শ্ৰীলংকা। ৩০ ছেপ্টেম্বৰত মুখামুখি হ'ব ভাৰত আৰু ইংলেণ্ড। ২ আৰু ৩ অক্টোবৰত বৰ্ষাপাৰাত প্ৰস্তুতি মেচ খেলিব ক্ৰমে ইংলেণ্ড- বাংলাদেশ আৰু আফগানিস্তান-শ্ৰীলংকাই।

এই প্ৰস্তুতি মেচৰ বাবে ২৮ ছেপ্টেম্বৰৰ পৰাই গুৱাহাটীলৈ আগমণ ঘটিব ক্ৰিকেটাৰসকলৰ। ইয়াৰ বাবে গুৱাহাটীৰ ৪ খনকৈ পঞ্চতাৰকাযুক্ত হোটেল বুক কৰা হৈছে। এই মেচসমূহ দৰ্শকে উপভোগ কৰিব পৰাকৈ বুক মাই শ্ব'ৰ জৰিয়তে টিকট মুকলি কৰি দিয়া হৈছে।

ইতিমধ্যে দুটা পৰ্যায়ত দৰ্শকৰ বাবে মুকলি কৰা টিকট সংগ্ৰহ কৰিছে অনুৰাগীয়ে। আৰু দুটা পৰ্যায়ত মুকলি কৰিব এই মেচ কেইখনৰ টিকট। জানিব পৰা মতে ভাৰত আৰু ইংলেণ্ডৰ মাজৰ প্ৰস্তুতি মেচৰ টিকটক লৈ দৰ্শকৰ মাজত দেখা গৈছে হেতা-ওপৰা।

সৰ্বনিম্ন ২০০ টকাৰ পৰা নিৰ্ধাৰণ কৰা টিকটৰ মূল্যৰ সৰ্বোচ্চ মূল্য হৈছে ১০০০ টকা। ইয়াৰোপৰি ৩০০, ৫০০ আৰু ৭০০ টকাটো উপলব্ধ হ'ব টিকট। ২০০ টকাৰ টিকট সংৰক্ষণ কৰা হৈছে শিক্ষাৰ্থীৰ বাবে।

মুঠতে ক্ৰিকেট বিশ্বকাপৰ জ্বৰ আৰম্ভ হৈছে গুৱাহাটীত। বিশ্বকাপৰ মূল মেচ গুৱাহাটীত অনুষ্ঠিত নহ'লেও বিশ্বকাপৰ ট্ৰফী প্ৰথমবাৰৰ বাবে গুৱাহাটীত উপস্থিত হৈ যেন অসমৰ ক্ৰিকেট অনুৰাগীৰ বাবে দিলে এক বিশেষ বাৰ্তা।

অসম এতিয়া ভাৰতৰ ক্ৰিকেট ক্ষেত্ৰখনৰ এক গুৰুত্বপূৰ্ণ অংশ হ'বলৈ আগবাঢ়িছে। এইবাৰ নহ'ব। কিন্তু আগন্তুক সময়ত নিশ্চয় গুৱাহাটীও সাক্ষী হ'ব বিশ্বকাপৰ মূল মেচৰ।

মূল মেচ নাহিল, গুৱাহাটীলৈ আহিল এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী...
মুখ্যমন্ত্ৰীৰ পত্নী !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in